ETV Bharat / opinion

লোকসভা নিৰ্বাচনত উত্তৰ-পূবৰ তিনি ৰাজ্যত কিয় খালী হাতে উভতিল বিজেপি ? - lok sabha election results 2024

author img

By Aroonim Bhuyan

Published : Jun 7, 2024, 4:49 PM IST

BJP Performance in Northeast States : এইবাৰৰ লোকসভা নিৰ্বাচনত বিজেপি একক বৃহত্তম দল হিচাপে আত্মপ্ৰকাশ কৰাৰ পিচতো, আন্তৰ্জাতিক সীমাত অৱস্থিত উত্তৰ-পূবৰ তিনিখন ৰাজ্য মণিপুৰ, নাগালেণ্ড আৰু মিজোৰামত সম্পূৰ্ণ খালী হাতে উভতিছে । ইয়াৰ কাৰণবোৰ জাতিগত হিংসাৰ পৰা ধৰ্মীয় অনুভূতি, স্বাৰ্থৰ সংঘাতলৈকে পৃথক । ইটিভি ভাৰতৰ অৰুণিম ভূঞাৰ এই সন্দৰ্ভত এক বিশ্লেষণ ।

BJP Performance in Northeast States
২০২৪ৰ লোকসভা নিৰ্বাচনত উত্তৰ-পূবৰ সীমান্তৱৰ্তী ৰাজ্য মণিপুৰ, নাগালেণ্ড আৰু মিজোৰামত বিজেপিৰ দুখজনক ফলাফল (ETV Bharat)

বিশেষ প্ৰতিবেদন, ৭ জুন : এই বছৰৰ লোকসভা নিৰ্বাচনত বিজেপি তথা এন ডি এ মিত্ৰজোঁটে বিপৰীত পৰিস্থিতিৰ সন্মুখীন হোৱা ৰাজ্যসমূহৰ ভিতৰত আছে উত্তৰ-পূবৰ সীমান্তৱৰ্তী ৰাজ্য মণিপুৰ, নাগালেণ্ড আৰু মিজোৰাম ।

বিজেপি শাসনত থকা মণিপুৰত ইনাৰ মণিপুৰ আৰু আউটাৰ মণিপুৰ দুয়োখন আসনে কংগ্ৰেছৰ দখললৈ যায় । আনহাতে, এন ডি এ মিত্ৰজোঁটৰ বিৰোধীবিহীন চৰকাৰ শাসনত থকা নাগালেণ্ডৰ একমাত্ৰ লোকসভা আসনখনতো কংগ্ৰেছ প্ৰাৰ্থীয়ে জয়লাভ কৰে । ইফালে অনুসূচত জনজাতিৰ (এছটি) বাবে সংৰক্ষিত মিজোৰামৰ একমাত্ৰ আসনখন ৰাজ্যখনত শাসনাধিস্থিত জোৰাম পিপ'লছ মুভমেণ্টৰ (জেডপিএম) প্ৰাৰ্থীয়ে জয় কৰে ।

মণিপুৰত কি ঘটিছিল চাওঁ আহক

মণিপুৰ ৰাজ্যখন বিগত এবছৰ ধৰি জাতিগত সংঘৰ্ষই জোকাৰি আছে । এতিয়ালৈকে দুই শতাধিক লোকে প্ৰাণ হেৰুৱাইছে । ২০২৩ চনৰ ৩ মে' তাৰিখে ইম্ফল উপত্যকাত বাস কৰা সংখ্যাগৰিষ্ঠ মেইটেই আৰু পাহাৰৰ কুকি-জো জনজাতীয় সম্প্ৰদায়ৰ মাজত হিংসাত্মক ঘটনাৰ সূত্ৰপাত হয় ।

চৰকাৰী পৰিসংখ্যা অনুসৰি, ২০২৪ চনৰ ৩ মে'লৈকে মণিপুৰত সংঘটিত হিংসাত্মক ঘটনাত ২২১ জন লোক নিহত হৈছে আৰু ৬০,০০০ লোক গৃহহীন হৈছে । পূৰ্বৰ পৰিসংখ্যাত হাজাৰোধিক লোক আহত আৰু ৩২ জন সন্ধানহীন হোৱাৰ কথাও উল্লেখ কৰা হৈছিল । আনহাতে, মন্দিৰ আৰু গীৰ্জাকে ধৰি 4,786 টা ঘৰ জ্বলাই দিয়া হৈছিল আৰু 386 টা ধৰ্মীয় স্থানত আক্ৰমণ কৰি ধ্বংস কৰা হৈছিল । কিন্তু অনানুষ্ঠানিক পৰিসংখ্যা ইয়াতকৈও অধিক ।

২০১৯ চনৰ লোকসভা নিৰ্বাচনত ইনাৰ মণিপুৰ আসনখনত বিজেপিৰ ৰাজকুমাৰ ৰঞ্জন সিঙে জয়লাভ কৰিছিল । আনহাতে, আউটাৰ মণিপুৰ আসনখন এন ডি এৰ অংশীদাৰ নগা পিপ'লছৰ (এনপিএফ) লোৰহো এফ ফোজে দখল কৰিছিল । অৱশ্যে 2024 চনত এই দুয়োখন আসন কংগ্ৰেছে কাঢ়ি লৈছে ।

ইনাৰ মণিপুৰ আসনখনত অংগোমচা বিমল আকোইজামে জয়লাভ কৰে । আউটাৰ মণিপুৰ আসনখন আলফ্ৰেড কান-নগাম আৰ্থাৰে দখল কৰে । শ্বিলংস্থিত এছিয়ান কনফ্লুয়েন্স থিংক টেংকৰ ফেলো কে য়হোমৰ মতে, জাতিগত হিংসাই মানুহক এক গুৰুত্বপূৰ্ণ প্ৰকাৰে প্ৰভাৱিত কৰিছিল ।

"এই পটভূমিত আপোনালোকৰ এগৰাকী প্ৰধানমন্ত্ৰী আছে, যিয়ে কেতিয়াও মণিপুৰ ভ্ৰমণ কৰা নাছিল ।" য়হোমে ইটিভি ভাৰতক কয় । "ৰাজ্যখনৰ জনসাধাৰণে প্ৰধানমন্ত্ৰীলৈ আহ্বান জনোৱা সত্ত্বেও তেওঁ কেতিয়াও ৰাজ্যখনলৈ যোৱা নাছিল । এনে পৰিস্থিতিত মানুহে ভোট দিবলৈ যোৱাৰ সময়ত এই কথাটো তেওঁলোকৰ মনলৈ আহে । ৰাইজে অতি স্পষ্ট আৰু দৃঢ় মানসিকতাৰে ভোট দিছিল ।" তেওঁ লগতে কয় ।

য়হোমৰ মতে, মানুহৰ এনে অনুভৱ হৈছিল যে তেওঁলোকৰ বেদনাক অৱজ্ঞা কৰা হৈছিল আৰু তেওঁলোকক দেশৰ অংশ হিচাপে গণ্য কৰা হোৱা নাছিল ।

তেওঁ কয়, "চৰকাৰৰ মুৰব্বীক দেশৰ পিতৃ হিচাপে দেখা যায় । মানুহে অনুভৱ কৰিছিল যে তেওঁলোকক সতীয়া পিতৃসুলভ মানসিকতাৰে ব্যৱহাৰ কৰা হৈছে । এইটো খঙৰ দ্বাৰা প্ৰকাশ পায় । হিংসাৰ সময়ত প্ৰধানমন্ত্ৰী মণিপুৰলৈ নোযোৱাৰ ফলত মেইটেই আৰু কুকি উভয়ৰেই খং উঠিছিল ।"

আনহাতে, কংগ্ৰেছৰ ক্ষোত্ৰত দলটোৰ নেতা ৰাহুল গান্ধীয়ে মণিপুৰৰ পৰা ভাৰত জোড়ো ন্যায় যাত্ৰা আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছিল । যেতিয়া ৰাহুল গান্ধী ৰাজ্যখনলৈ আহিছিল আৰু জনসাধাৰণক কৈছিল যে তেওঁ দিল্লীত তেওঁলোকৰ কণ্ঠস্বৰ হ'ব আৰু তেওঁলোকৰ বেদনা তেওঁ অনুভৱ কৰিব পাৰে, তেতিয়া তেওঁলোক কংগ্ৰেছৰ সৈতে সংযুক্ত হৈ পৰে ।

"ৰাহুল গান্ধীয়ে জনসাধাৰণৰ প্ৰতি তেওঁৰ মৰম আৰু যত্ন প্ৰদৰ্শন কৰিছিল । মণিপুৰৰ ৰাইজে বিজেপিৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিবলৈ কংগ্ৰেছক ভোট দিছিল ।" য়হোমে ব্যাখ্যা কৰে ।

নাগালেণ্ডৰ পটভূমি

নাগালেণ্ডৰ একমাত্ৰ লোকসভা আসনখন ২০১৯ চনৰ নিৰ্বাচনত ৰাজ্যখনৰ শাসনাধিষ্ঠিত নেচনেল ডেম'ক্ৰেটিক প্ৰগ্ৰেছিভ পাৰ্টীৰ (এনডিপিপি) টোখেহো য়েপথমীয়ে জিকিছিল । এইবাৰ ৰাজ্যখনত তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতা হৈছিল । এনডিপিপি-বিজেপি নেতৃত্বাধীন পিপ'লছ ডেম'ক্ৰেটিক এলায়েন্সে (পিডিএ) চুম্বেন মুৰীক সৰ্বসন্মত প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছিল । আনহাতে, কংগ্ৰেছে এছ চপংমেৰেন জমিৰক নিজৰ প্ৰাৰ্থী হিচাপে থিয় কৰাইছিল । এগৰাকী উদ্যোগী আৰু সমাজকৰ্মী হাইথুং টুঙ্গো লোথাই নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছিল । অৱশেষত কংগ্ৰেছৰ জমিৰে মুৰিক 50,000 তকৈও অধিক ভোটৰ ব্যৱধানত পৰাস্ত কৰে ।

য়হোমৰ মতে, নাগালেণ্ডৰ ফলাফল ৰাজ্যখনৰ ৰাজনৈতিক সমীকৰণৰ পৰিপ্ৰেক্ষিতত চোৱা উচিত । যোৱা বছৰ ৰাজ্যখনত অনুষ্ঠিত বিধানসভা নিৰ্বাচনত এনডিপিপি আৰু বিজেপিৰ মিত্ৰজোঁটে নেইফিউ ৰিঅ'ক মুখ্যমন্ত্ৰী হিচাপে লৈ চৰকাৰ গঠন কৰিছিল । তাৰ পিচত বিজেপিয়ে ইয়াৰ স্থানীয় সহযোগী নগা পিপ'লছ ফ্ৰণ্টৰ (এনপিএফ) সৈতে সম্পৰ্ক ছিন্ন কৰে । এনপিএফে 60 জনীয়া বিধানসভাত মাত্ৰ দুখন আসন লাভ কৰিছিল ।

"এনপিএফৰ দুগৰাকী বিধায়কে তেতিয়া নগা সংকট সমাধানৰ বাবে পিডিএত যোগদান কৰাৰ সিদ্ধান্ত লৈছিল ।" য়হোমে কয় । "ইয়াৰ ফলস্বৰূপে, ৰাজ্যখনত আজি বিৰোধীবিহীন চৰকাৰ আছে । সেয়েহে কংগ্ৰেছে এইবাৰ ৰাজ্যখনত লোকসভা নিৰ্বাচনত দুৰ্বল উইকেটত প্ৰতিদ্বন্দ্বিতা কৰিছিল ।"

অৱশ্যে য়হোমে ব্যাখ্যা কৰে যে ৰাজ্যখনৰ জনসাধাৰণে কেন্দ্ৰত বিজেপিৰ প্ৰত্যাৱৰ্তনৰ আশংকা কৰিছিল । তেওঁ কয়, "তেওঁলোকে ভাবিছিল যে যদি বিজেপিয়ে জম্মু-কাশ্মীৰত অনুচ্ছেদ ৩৭০ বাতিল কৰিব পাৰে, তেন্তে অনুচ্ছেদ ৩৭১ (এ) আঁতৰাব পাৰে ।"

সংবিধানৰ অনুচ্ছেদ 371 (এ)ত নাগালেণ্ডৰ বাবে বিশেষ ব্যৱস্থা আছে । ইয়াত আছে ধৰ্মীয় আৰু সামাজিক আচৰণ, পৰম্পৰাগত আইন আৰু অসামৰিক আৰু অপৰাধী ন্যায় প্ৰশাসনৰ সুৰক্ষা ।

"মানুহবোৰ অতি সতৰ্ক হৈ পৰিছিল ।" য়হোমে কয় । "তেওঁলোকে ভাবিছিল যে হিন্দী আৰু ইউনিফৰ্ম চিভিল কোড (ইউচিচি) আৰোপ কৰা হ'ব পাৰে । খ্ৰীষ্টান সংখ্যাগৰিষ্ঠ ৰাজ্য হিচাপে নাগালেণ্ডৰ জনসাধাৰণেও বিজেপি নেতৃত্বাধীন চৰকাৰৰ অধীনত দেশৰ বিভিন্ন প্ৰান্তত খ্ৰীষ্টানসকলৰ ওপৰত বৰ্ধিত অত্যাচাৰৰ প্ৰতি চিন্তা আৰু ভয়ৰ ভাবনাৰে চাই আছে, যিটো গীৰ্জা আৰু নাগৰিক সমাজৰ সংস্থাসমূহৰ বিবৃতিত দেখা যায় ।" তেওঁ কয় ।

তেওঁ এইকথাও কয় যে যদিও নাগালেণ্ডত মাত্ৰ এখন লোকসভা আসন আছে, ৰাজ্যখনৰ ৰাইজে কংগ্ৰেছৰ প্ৰাৰ্থী নিৰ্বাচিত কৰি বাৰ্তা প্ৰেৰণ কৰাৰ সিদ্ধান্ত লৈছে ।

মিজোৰামত কি ঘটিল

মিজোৰামত এইবাৰ একমাত্ৰ এছটি সংৰক্ষিত লোকসভা আসনখনৰ বাবে ছয়কোণীয়া প্ৰতিদ্বন্দ্বিতা হৈছিল । অৱশেষত ৰাজ্যখনৰ শাসনাধিষ্ঠ জোৰাম পিপ'লছ মুভমেণ্টৰ (জেডপিএম) ৰিচাৰ্ড ভানলালমাংগাইহাই তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী মিজো নেচনেল ফ্ৰণ্টৰ (এমএনএফ) কে ভানলালভেনাক ৬৮,০০০ তকৈও অধিক ভোটৰ ব্যৱধানত পৰাস্ত কৰি আসনখন জয় কৰে । কংগ্ৰেছৰ লালবিয়াকজামা তৃতীয় স্থানত আছিল । চতুৰ্থ স্থানলৈ অহা বিজেপিৰ খ্ৰীষ্টান সংখ্যাগৰিষ্ঠ ৰাজ্যখনত কেতিয়াও বিশেষ প্ৰভাৱ নাছিল ।

জো ৰিউনিফিকেচন অৰ্গেনাইজেচনৰ (জেঅ'আৰঅ') সম্পাদক ৰিণি ৰাল্টেৰ মতে, জেডপিএমে মূলসুঁতিৰ ৰাজনীতিত এক নিৰপেক্ষ স্থিতি বজাই ৰাখিবলৈ চেষ্টা কৰি আছে । জেডপিএম হৈছে এমএলএ আৰু প্ৰাক্তন আইপিএছ বিষয়া লালদুহোমাৰ নেতৃত্বত গঠিত ছয়টা আঞ্চলিক দলৰ মিত্ৰজোঁট । দলটোৱে ভাৰতত ধৰ্মনিৰপেক্ষতা আৰু ধৰ্মীয় সংখ্যালঘুসকলৰ সুৰক্ষাৰ বাবেও মাত মাতে । ২০২৩ চনৰ মিজোৰাম বিধানসভা নিৰ্বাচনত দলটোৱে ৰাজ্যিক বিধানসভাৰ ৪০ খন আসনৰ ভিতৰত ২৭ খন আসন লাভ কৰে আৰু লালদুহোমা মুখ্যমন্ত্ৰী হয় ।

"এগৰাকী প্ৰাক্তন আইপিএছ বিষয়া লালদুহোমা ৪০ বছৰ ধৰি ৰাজনীতিত আছে কিন্তু এতিয়াহে মুখ্যমন্ত্ৰী হৈছে ।" ৰাল্টে ইটিভি ভাৰতক কয় । "জেডপিএম প্ৰাৰ্থীয়ে নিৰ্বাচনৰ পূৰ্বে কোনো শক্তিশালী ব্যক্তিগত বা ৰাজনৈতিক মন্তব্য কৰা নাছিল ।"

এমএনএফৰ দৰেই জেডপিএমো এটা আঞ্চলিক দল । কিন্তু এমএনএফ এন ডি এ আৰু বিজেপি নেতৃত্বাধীন উত্তৰ-পূব গণতান্ত্ৰিক মিত্ৰজোঁটৰ (নেডা) অংশ । বিজেপিৰ বিপৰীতে, কংগ্ৰেছে ৰাষ্ট্ৰীয় দল হিচাপে মিজোৰামত ক্ষমতা দখল কৰিছে । কিন্তু এইবাৰ জেডপিএমৰ দৰে এক সম্পূৰ্ণ আঞ্চলিক দল ক্ষমতাত থকাৰ বাবে যিকোনো ৰাষ্ট্ৰীয় মিত্ৰতাৰ সৈতে একত্ৰিত নহয়, কংগ্ৰেছ আৰু বিজেপি দুয়োৰে তাত কোনো সুযোগ নাছিল ।

এটা গুৰুত্বপূৰ্ণ বিষয় হৈছে ভাৰতৰ পূব প্ৰান্তৰ চুবুৰীয়া দেশত অসামৰিক সংঘৰ্ষৰ বাবে ম্যানমাৰৰ পৰা শৰণাৰ্থীৰ অনুপ্ৰৱেশ । যোৱা বছৰ হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ পিচত মণিপুৰৰ পৰা স্থানান্তৰিত হোৱা কুকি-জোমিছক মিজোৰামে আশ্ৰয় দিছে । ইয়াৰ উপৰি মিজোৰামে দেশখনৰ সামৰিক জাণ্টা আৰু জাতিগত সশস্ত্ৰ সংগঠনসমূহৰ মাজত হোৱা ভয়ংকৰ যুঁজৰ বাবে ম্যানমাৰৰ পৰা পলায়ন কৰা হাজাৰ হাজাৰ চিন শৰণাৰ্থীক আশ্ৰয় প্ৰদান কৰিছে । মিজোসকলৰ চিনৰ সৈতে শক্তিশালী সম্পৰ্ক আছে ।

ইফালে ভাৰত আৰু ম্যানমাৰৰ মাজত মুক্ত বিচৰণ ব্যৱস্থা (Free Movement Regime, FMR) প্ৰত্যাহাৰ কৰাৰ কেন্দ্ৰৰ সিদ্ধান্তই মিজোৰামৰ জনসাধাৰণক ক্ষুব্ধ কৰি তুলিছে । জেডপিএম চৰকাৰে ইয়াৰ তীব্ৰ বিৰোধিতা কৰাৰ লগতে ম্যানমাৰৰ পৰা শৰণাৰ্থীৰ অনুপ্ৰৱেশ নিয়ন্ত্ৰণ কৰিবলৈ কেন্দ্ৰৰ নিৰ্দেশনাৰ তীব্ৰ বিৰোধিতা কৰি আহিছে ।

ৰাল্টেৰ মতে, মিজোৰামত কংগ্ৰেছৰ সম্ভাৱনা ক্ষতিগ্ৰস্ত হোৱাটো হ'ল ৰাজ্যখনৰ জনসাধাৰণে সন্মুখীন হোৱা সমস্যাবোৰৰ প্ৰতি ৰাহুল গান্ধীৰ আশ্বাসবিৰোধী মনোভাব ।

"যেতিয়া ৰাহুল গান্ধী যোৱা বছৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে মিজোৰামলৈ আহিছিল, তেতিয়া তেওঁ সীমা (এফএমআৰ) আৰু শৰণাৰ্থী সমস্যাৰ বিষয়ে কথা পাতিব লাগিছিল ।" ৰাল্টে কয় । "ভানলালমঙ্গাইহা এজন প্ৰাক্তন চৰকাৰী সেৱক । তেওঁ লোকসভা নিৰ্বাচনত জয়ী হোৱাৰ পিচতহে কৈছিল যে তেওঁ ৰাজ্যখনত কেন্দ্ৰীয় প্ৰকল্পসমূহৰ ৰূপায়ণ নিশ্চিত কৰিব । সেয়ে তেওঁৰ বিজয়ত উল্লাসিত হ'বলগা একো নাই ।"

লগতে পঢ়ক :এন ডি এৰ জয়তো পৰাজয়ৰ অনুভৱ; '400 পাৰ'ৰ পৰা বিজেপিৰ কেনেদৰে 32 বিয়োগ হ'ল ? - Lok Sabha Election Results 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.