ETV Bharat / opinion

নেপালক পুনৰ হিন্দু ৰাষ্ট্ৰ হিচাপে স্থাপনৰ দাবীৰ আঁৰত কি ? - Nepal as Hindu kingdom

author img

By Aroonim Bhuyan

Published : Feb 23, 2024, 2:09 PM IST

Updated : Feb 23, 2024, 2:18 PM IST

RPP on Nepal as Hindu kingdom : নেপালৰ ৰাষ্ট্ৰীয় প্ৰজাতন্ত্ৰ পাৰ্টীয়ে প্ৰধানমন্ত্ৰী পুষ্পকমল দাহালৰ ওচৰত ৪০ দফীয়া দাবীপত্ৰ দাখিল কৰিছে । দাবীসমূহৰ ভিতৰত আছে নেপালক হিন্দু ৰাষ্ট্ৰ হিচাপে পুনৰ স্থাপন কৰা আৰু সাংবিধানিক ৰাজতন্ত্ৰ পুনৰুদ্ধাৰ কৰা । কিন্তু এই দাবীবোৰ কিয় কৰা হৈছে ? হিমালয়ান দেশখনৰ ৰাজনৈতিক ব্যৱস্থাত ইয়াৰ কি প্ৰভাৱ পৰিব ? ইটিভি ভাৰতৰ অৰুণিম ভূঞাৰ বিশেষ প্ৰতিবেদন ।

নেপালক পুনৰ হিন্দু ৰাষ্ট্ৰ হিচাপে স্থাপনৰ দাবীৰ আঁৰত কি ?
নেপালক পুনৰ হিন্দু ৰাষ্ট্ৰ হিচাপে স্থাপনৰ দাবীৰ আঁৰত কি ? (ETV BHARAT)

বিশেষ প্ৰতিবেদন, ২৩ ফেব্ৰুৱাৰী : সাম্প্ৰতিক সময়ত চলি থকা এক বিশেষ প্ৰচাৰৰ শেহতীয়া প্ৰকাশ হৈছে নেপালৰ ৰাষ্ট্ৰীয় প্ৰজাতন্ত্ৰ পাৰ্টীয়ে (আৰপিপি) দেশখনক হিন্দু ৰাষ্ট্ৰ হিচাপে পুনৰ স্থাপন কৰিবলৈ আৰু সাংবিধানিক ৰাজতন্ত্ৰ পুনৰুদ্ধাৰ কৰিবলৈ দাবী জনাইছে ।

কাঠমাণ্ডু পোষ্টত প্ৰকাশিত প্ৰতিবেদন অনুসৰি, বুধবাৰে নেপালৰ প্ৰধানমন্ত্ৰী পুষ্পকমল দাহালৰ ওচৰত আৰপিপিয়ে দাখিল কৰা ৪০ দফীয়া দাবী চনদৰ ভিতৰত এই দুটা আছিল মুখ্য দাবী । একেসময়তে দলটোৱে ঘোষণা কৰে যে তেওঁলোকে নেপালক হিমালয়ান ৰাজতন্ত্ৰ হিচাপে পুনৰ স্থাপন আৰু সাংবিধানিক ৰাজতন্ত্ৰ পুনৰুদ্ধাৰৰ বাবে শান্তিপূৰ্ণ প্ৰচাৰ আৰম্ভ কৰিব ।

কাঠমাণ্ডুৰ বিভিন্ন প্ৰান্তত শ শ দলীয় কৰ্মীয়ে ৰেলী অনুষ্ঠিত কৰাৰ পিচত আৰপিপি নেতৃবৰ্গই এই দাবী চনদ দাখিল কৰিবলৈ প্ৰধানমন্ত্ৰী দাহালক সাক্ষাৎ কৰে ।

"ৰাষ্ট্ৰীয় প্ৰজাতন্ত্ৰ পাৰ্টীয়ে শান্তিপূৰ্ণ প্ৰদৰ্শন অব্যাহত ৰাখিব । কিন্তু যদি চৰকাৰ উদাসীন হৈ থাকে, তেন্তে দলটোৱে এক শক্তিশালী বিপ্লৱৰ সিদ্ধান্ত ল'ব ।" বাতৰিকাকতখনৰ প্ৰতিবেদনত দলটোৰ অধ্যক্ষ ৰাজেন্দ্ৰ লিংডেনৰ উদ্ধৃতিৰে কোৱা হৈছে ।

উল্লেখ্য যে, 2015 চনত নেপালে নতুন সংবিধান প্ৰণয়নৰ জৰিয়তে আনুষ্ঠানিকভাৱে এক ধৰ্মনিৰপেক্ষ গণৰাজ্যলৈ ৰূপান্তৰিত হয় । অৱশ্যে 2008 চনৰ আৰম্ভণিতে সংবিধান সভাৰ উদ্বোধনী অধিবেশনৰ সময়ত ৰাজতন্ত্ৰক প্ৰত্যাহাৰ কৰা হৈছিল আৰু নেপালক আনুষ্ঠানিকভাৱে অনা-হিন্দু ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰা হৈছিল ।

তেনে ক্ষেত্ৰত আৰপিপিৰ উদ্দেশ্য কি আৰু কিয় নেপালক হিন্দু ৰাষ্ট্ৰ হিচাপে পুনৰ স্থাপন আৰু সাংবিধানিক ৰাজতন্ত্ৰ পুনৰুদ্ধাৰৰ দাবী কৰিছে ?

নেপালৰ ৰাজনৈতিক দল আৰপিপিয়ে নিজকে সাংবিধানিক ৰাজতন্ত্ৰ আৰু হিন্দু জাতীয়তাবাদী বুলি উল্লেখ কৰে । ৰাজতন্ত্ৰ বিলুপ্তিৰ পূৰ্বে প্ৰাক্তন প্ৰধানমন্ত্ৰী সূৰ্য বাহাদুৰ থাপা আৰু লোকেন্দ্ৰ বাহাদুৰ চান্দে ১৯৯০ চনত এই দলটো প্ৰতিষ্ঠা কৰিছিল ।

দলটোৱে ১৯৯৭ চনত থাপা আৰু চান্দৰ নেতৃত্বত দুখন মিত্ৰজোঁটৰ চৰকাৰৰ সফল নেতৃত্ব দিছিল । ইয়াৰ উপৰিও থাপা আৰু চান্দ দুয়োকে ২০০০-ৰ দশকত তদানীন্তন ৰজা জ্ঞানেন্দ্ৰই প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিছিল । সেয়া আছিল ২০০২ চনত চান্দ আৰু ২০০৩ চনত থাপা ।

আনহাতে, ২০২২ চনৰ সাধাৰণ নিৰ্বাচনত আৰপিপিয়ে ১৪ খন আসন লাভ কৰে । যাৰ ফলত দলটো ২৭৫ আসনৰ প্ৰতিনিধি সভাৰ পঞ্চম সৰ্ববৃহৎ দল হিচাপে পৰিগণিত হয় । লগতে নিৰ্বাচন আয়োগে আনুষ্ঠানিকভাৱে স্বীকৃতি প্ৰদান কৰা সাতটা ৰাষ্ট্ৰীয় দলৰ ভিতৰত এটা হৈ পৰে ।

নিৰ্বাচনৰ পিচত চমু সময়ৰ বাবে শাসকীয় মিত্ৰজোঁটৰ অংশ হোৱা সত্বেও দলটো ২০২৩ চনৰ ২৫ ফেব্ৰুৱাৰীত বিৰোধী দললৈ স্থানান্তৰিত হয় । এইটোৱেই একমাত্ৰ ৰাজনৈতিক দল, যিয়ে ধাৰাবাহিকভাৱে হিন্দু ৰাষ্ট্ৰ আৰু সাংবিধানিক ৰাজতন্ত্ৰৰ বাবে দাবী উত্থাপন কৰি আহিছে ।

অৱশ্যে, সাম্প্ৰতিক সময়ত একে ধৰণৰ দাবী কৰি অহা আন কেইবাটাও গোট আছে । ইয়াৰ ভিতৰত আছে কিছু হিন্দু গোট আৰু প্ৰাক্তন ৰাজকীয় পৰিয়াল । মনোহৰ পাৰিকাৰ ইনষ্টিটিউট অব ডিফেন্স ষ্টাডিজ এণ্ড এনালাইচিছৰ গৱেষণা ফেলো আৰু নেপাল সম্পৰ্কীয় বিষয়ত বিশেষজ্ঞ নীহাৰ আৰ নায়কৰ মতে, এই অভিযান কিছু সময়ৰ পৰা চলি আছে ।

নায়কে ইটিভি ভাৰতক কয়, "২০০৮ চনত ৰাজতন্ত্ৰ বিলুপ্তিৰ পিছৰে পৰা ৰাজকীয় পৰিয়ালৰ সদস্যসকলে এই দাবী কৰি আহিছে ।"

অৱশ্যে শেহতীয়া বছৰবোৰত, কিছুমান হিন্দু গোটেও এই দাবীবোৰ উত্থাপন কৰি আহিছে । ২০২১ চনৰ আগষ্ট মাহত ২০ টা হিন্দু ধৰ্মীয় সংগঠনে তানাহুন জিলাৰ দেৱহাটত এক 'সংযুক্ত মৰ্চা' গঠন কৰে আৰু কয় যে তেওঁলোকে হিন্দু ৰাষ্ট্ৰ পুনৰুদ্ধাৰৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিব ।

উক্ত মাহটোতে হিন্দু ৰাষ্ট্ৰ পুনৰ্স্থাপনৰ বাবে ওকালতি কৰা এটা গোটে এক অভিযান আৰম্ভ কৰে । ২০০৬ চনৰ পৰা ২০০৯ চনলৈ নেপালী সেনাক নেতৃত্ব প্ৰদান কৰা এগৰাকী জেনেৰেল ৰুকমানগুড কাটাৱালে এই অভিযানৰ নেতৃত্ব দিয়ে । 'হিন্দু ৰাষ্ট্ৰ স্বাভিমান জাগৰণ অভিযান' বুলি ইয়াক অভিহিত কৰি আয়োজকসকলে 'পৰিচয় আৰু সংস্কৃতি' সংৰক্ষণৰ ওপৰত নিৰ্দিষ্ট গুৰুত্ব দি নেপালক হিন্দু ৰাষ্ট্ৰ হিচাপে পুনৰ স্থাপন কৰাৰ লক্ষ্যৰে দেশজুৰি প্ৰচাৰ সম্প্ৰসাৰিত কৰাৰ মনোভাব প্ৰদৰ্শন কৰে ।

এই অভিযানত শংকৰাচাৰ্য মঠৰ মঠাদিশ কেশৱানন্দ স্বামী, কাঠমাণ্ডুৰ শান্তিধামৰ পিঠাদিশ স্বামী চতুৰ্ভুজ আচাৰ্য, হনুমানজী মহাৰাজ আৰু হিন্দু স্বয়ংসেৱক সংঘৰ সহ-আহ্বায়ক তথা নেপাল আৰক্ষীৰ প্ৰাক্তন সহকাৰী মহাপৰিদৰ্শক কল্যাণ কুমাৰ টিমিলছিনাৰ দৰে কেইবাগৰাকীও বিশিষ্ট হিন্দুপন্থী ব্যক্তিয়ে অংশগ্ৰহণ কৰে ।

"আমাৰ প্ৰচাৰ দেশত হিন্দু মৌলবাদ প্ৰতিষ্ঠা কৰা নহয়... মুছলমান আৰু খ্ৰীষ্টানৰ দৰে ধৰ্মীয় সংখ্যালঘুসকলক পৃথক আৰু একাষৰীয়া কৰিবলৈও নহয় ।" কাঠমাণ্ডু পোষ্টে সেই সময়ত কাটাৱালৰ উদ্ধৃতি দি প্ৰকাশ কৰিছিল । "এই অভিযানৰ উদ্দেশ্য হৈছে নেপালৰ হিন্দু পৰিচয় পুনৰুদ্ধাৰ কৰা ।"

আনহাতে, কাকতখনে বিশ্লেষকসকলৰ উদ্ধৃতি দি তেতিয়া কৈছিল যে হিন্দু ৰাষ্ট্ৰৰ ওকালতিয়ে গতি লাভ কৰিব পাৰে ৷ বিশেষকৈ নেপালৰ ৰাজনৈতিক দলসমূহৰ মাজৰ কিছুমান গোটত, যিসকলে দেশখন এখন গণৰাজ্যলৈ পৰিৱৰ্তনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল আৰু পূৰ্বৰ স্থিতিলৈ ঘূৰি অহাৰ প্ৰৱণতা বৃদ্ধি পাইছে ।

ইয়াৰ ফলতে প্ৰাক্তন প্ৰধানমন্ত্ৰী কেপি শৰ্মা অলীৰ দ্বাৰা ৰাজনৈতিক সাফল্যৰ বিপদাশংকা বৃদ্ধি পায় । নিজকে এজন কমিউনিষ্ট নেতা হিচাপে পৰিচয় দিয়া সত্ত্বেও অলীয়ে হিন্দু ধৰ্মৰ বিষয়ত অনুভূতি প্ৰকাশ কৰিবলৈ আৰম্ভ কৰে । যোৱা বছৰ ফেব্ৰুৱাৰী মাহত নেপালৰ প্ৰাক্তন ৰজা জ্ঞানেন্দ্ৰ শ্বাহে হিন্দু ৰাষ্ট্ৰ হিচাপে নেপালৰ পূৰ্বৰ স্বীকৃতিক পুনৰ স্থাপন কৰাৰ লক্ষ্যৰে এক ৰাজহুৱা পদক্ষেপত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে ।

শ্বাহে নেপালৰ পূব ঝাপা জিলাত অৱস্থিত কাকাৰভিট্টাত 'ধৰ্ম, ৰাষ্ট্ৰ, জাতীয়তাবাদ, সংস্কৃতি বচাওঁ আহক আৰু নাগৰিকসকলৰ বৃহৎ অভিযান' উদ্বোধন কৰে । অনুষ্ঠানটোৱে এক বৃহৎ জনসমাগমক আকৰ্ষণ কৰিছিল । তাত উপস্থিত থকাসকলে উল্লাস আৰু কৰধ্বনিৰে সমৰ্থন প্ৰকাশ কৰিছিল । অলীৰ নেতৃত্বত নেপালৰ কমিউনিষ্ট পাৰ্টী (ইউনিফাইড মাৰ্ক্সবাদী লেনিনবাদী) দলৰ কেন্দ্ৰীয় সমিতিৰ সদস্য দুৰ্গা প্ৰসায়ে এই অভিযানৰ আয়োজন কৰিছিল ।

তাৰ পিচত পুনৰ যোৱা বছৰৰ নৱেম্বৰত কাঠমাণ্ডুত প্ৰতিবাদকাৰীসকলে শতিকা পুৰণি ৰাজতন্ত্ৰ পুনৰুদ্ধাৰৰ দাবীত প্ৰদৰ্শন কৰে আৰু লগতে পুনৰ এবাৰ নেপালক 'হিন্দু ৰাষ্ট্ৰ' কৰিবলৈ আহ্বান জনোৱা হয় । এই প্ৰদৰ্শনবোৰৰো নেতৃত্ব প্ৰসায়ে দিছিল ।

নায়কৰ মতে, এই প্ৰতিবাদসমূহ গণতন্ত্ৰ-বিৰোধী গোটবোৰে অনুষ্ঠিত কৰিছে, যিসকলে বিশ্বাস কৰে যে নেপালৰ নতুন গণতান্ত্ৰিক ব্যৱস্থা বিফল হৈছে ।

"আৰপিপিয়ে এই দাবীবোৰ জনপ্ৰিয় কৰিবলৈ চেষ্টা কৰি আছে ।" তেওঁ কয় । "এই ৰেলীবোৰত খুব কমসংখ্যক ৪,০০০-৫,০০০ লোক উপস্থিত থাকে । ইয়াৰ কোনো ৰাজনৈতিক প্ৰভাৱ নপৰে ।" তেওঁ লগতে কয় ।

নায়কে লগতে এইটোও আঙুলিয়াই দিয়ে যে যদিও নেপালী কংগ্ৰেছৰ এটা অংশয়ো এনে দাবী কৰিছিল, দলটোৰ কেন্দ্ৰীয় কাৰ্যকৰী সমিতিয়ে এইবোৰ নাকচ কৰে ।

তেওঁ কয়, "নেপালী কংগ্ৰেছৰ সভাপতি শ্বেৰ বাহাদুৰ দেউবাই এই দাবীসমূহ সমৰ্থন কৰা নাছিল । লগতে মনত ৰাখিব, নেপালী কংগ্ৰেছ হৈছে দেশৰ সৰ্ববৃহৎ ৰাজনৈতিক দল ।"

লগতে পঢ়ক :পৰিয়ালৰ বাবে সৌৰ চাল; লক্ষ্য আৰু প্ৰত্যাহ্বান

Last Updated : Feb 23, 2024, 2:18 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.