ETV Bharat / lifestyle

প্ৰেমিক যুগলে একেলগে সময় কটাবৰ বাবে উত্তম অসমৰ এইসমূহ ঠাই

আজি এই প্ৰতিবেদনৰ জৰিয়তে আমি এনে 10টা স্থানৰ বিষয়ে উল্লেখ কৰিছো যিসমূহ প্ৰেমিক যুগলে একেলগে সময় কটাবৰ বাবে সৰ্বোত্তম-

These are the 10 best places in Assam for couples to spend time together
প্ৰেমিক যুগলে একেলগে সময় কটাবৰ বাবে উত্তম অসমৰ এইসমূহ ঠাই (ETV Bharat)
author img

By ETV Bharat Lifestyle Team

Published : Nov 30, 2024, 2:56 PM IST

প্ৰাকৃতিক সম্পদেৰে সমৃদ্ধিশালী অসমত এনে বহু স্থান আছে যিয়ে পৰ্যটকক সদায় আকৰ্ষিত কৰি আহিছে ৷ তেনেদৰে অসমত কিছুমান এনে ঠাইও আছে যিসমূহলৈ যদি আপুনি এবাৰ ফুৰিবলৈ যায় তেন্তে সেই স্থানৰ সৌন্দৰ্য আপুনি কেতিয়াও পাহৰিব নোৱাৰে ৷ যদি আপুনি আপোনাৰ প্ৰিয়জনৰ সৈতে বিশেষ মুহূৰ্ত কটাব বিচাৰে তেন্তে এই স্থানসমূহ সৰ্বোত্তম হ’ব ৷ আজি এই প্ৰতিবেদনৰ জৰিয়তে আমি এনে 10টা স্থানৰ বিষয়ে উল্লেখ কৰিছো যিসমূহ প্ৰেমিক যুগলে একেলগে সময় কটাবৰ বাবে সৰ্বোত্তম-

দীপৰ বিল

দীপৰ বিল হৈছে গুৱাহাটী মহানগৰীৰ দক্ষিণ পশ্চিম দিশত অৱস্থিত এক বিস্তৃত জলাহভূমি । দীপৰ বিলত জলীয় গছ-গছনি যেনে:- পানীমেটেকা, জলীয় ঘাঁহ, পদুম, পানীত ওপঙি থকা ঘাঁহ আদি গ্ৰীষ্ম কালত দেখা যায় । শুকান ঠাইবিলাকত সাধাৰণতে শীতকালি জলীয় আৰু অৰ্ধজলীয় গছ-গছনি দেখা যায় । প্ৰাকৃতিক সৌন্দৰ্যতাৰে ভৰপূৰ এই ঠাই প্ৰেমিক যুগলৰ বাবে কোনো স্বৰ্গতকৈ কম নহয় ৷ সেয়ে একেলগে সময় কটাবৰ বাবে প্ৰেমিক যুগলৰ বাবে এয়া এক উত্তম স্থান ৷

কামাখ্যা মন্দিৰ

অসমৰ গুৱাহাটীত অৱস্থিত হিন্দু ধৰ্মৰ প্ৰাচীন মন্দিৰ কামাখ্যা মন্দিৰ সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰতে এটি জনপ্ৰিয় স্থান ৷ বহুকেইটা মন্দিৰৰ লগতে নীলাচল পাহাৰৰ সৌন্দৰ্যতা সঁচাকৈ আচৰিত ৷ পাহাৰৰ পৰা পৰিলক্ষিত হোৱা ব্ৰহ্মপুত্ৰ তথা প্ৰাকৃতিক সৌন্দযৰ্তাই প্ৰতিগৰাকী দৰ্শনাৰ্থীৰে মন-প্ৰাণ হৰি নিয়ে ৷ প্ৰেমিক যুগলে একে লগে সময় কটাবৰ বাবে এয়া এক উত্তম স্থান ৷

চানডুবি বিল

চানডুবি বিল হৈছে অসমৰ কামৰূপ জিলাৰ ৰাভা হাচং স্বায়ত্বশাসিত পৰিষদ এলেকাত অৱস্থিত এখন প্ৰাকৃতিক বিল ৷ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা এই বিলৰ দুইপাৰে বনভোজৰ বাবে স্থান আছে । সৰু নাৱত উঠি এই বিল পৰিভ্ৰমণ কৰিব পাৰি । পৰ্যটকৰ বাবে বিলত মাছ মৰাৰো সুবিধা কৰি দিয়া হয় । প্ৰতিবছৰে জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত চানডুবি উৎসৱ অনুষ্ঠিত হয় । এই উৎসৱত স্থানীয় লোকসকলে পৰম্পৰাগত নৃত্য আৰু খাদ্য পৰিবেশন কৰে ৷ সেয়ে প্ৰেমিক যুগলে একেলগে সময় কটাবৰ বাবে এয়া এক উত্তম স্থান ৷

ময়ূৰ দ্বীপ, উমানন্দ

উমানন্দ হৈছে বিশ্বৰ আটাইতকৈ ক্ষুদ্ৰ নদীদ্বীপ ৷ ব্ৰহ্মপুত্ৰ নদৰ মাজত অৱস্থিত এই স্থান প্ৰাকৃতিক সৌন্দৰ্যতাৰে ভৰপূৰ ৷ ব্ৰিটিছসকলে উমানন্দ ময়ূৰ আকৃতিৰ হোৱাৰ বাবে ইয়াক পিকক আইলেণ্ড বা ময়ূৰ দ্বীপ নাম দিছিল । শিৱ-পাৰ্বতীৰ মন্দিৰৰ লগতে ব্ৰহ্মপুত্ৰৰ সৌন্দৰ্যতা সঁচাকৈ আচৰিত ৷ একেলগে সময় কটাবৰ বাবে প্ৰেমিক যুগলৰ বাবে এয়া এক উত্তম স্থান ৷

দীঘলীপুখুৰী

দীঘলীপুখুৰী অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত গুৱাহাটীত অৱস্থিত এটা আয়তাকাৰ কৃত্ৰিম পুখুৰী । লোকপ্ৰবাদ অনুসৰি, দীঘলীপুখুৰী প্ৰকৃততে প্ৰাগজ্যোতিষপুৰৰ ৰজা ভগদত্তই ব্ৰহ্মপুত্ৰৰ পৰা এটা সুঁতি খান্দি সৃষ্টি কৰিছিল । ভগদত্তই জীয়ৰী দীঘলীৰ নামত খন্দাইছিল বুলি কোৱা হয় । পুখুৰীৰ সৈতে ইয়াৰ চাৰিওফালৰ গছ-গছনিয়ে এই ঠাইৰ সৌন্দৰ্য আৰু বৃদ্ধি কৰে ৷ একেলগে সময় কটাবৰ বাবে প্ৰেমিক যুগলৰ বাবে এয়া এক উত্তম স্থান ৷

মহাবাহু ব্ৰহ্মপুত্ৰ নদী ঐতিহ্য কেন্দ্ৰ

মহাবাহু ব্ৰহ্মপুত্ৰ নদী ঐতিহ্য কেন্দ্ৰ যাক Brahmaputra River Heritage বুলিও কোৱা হয় ৷ গুৱাহাটী মহানগৰীত অৱস্থিত এই স্থানত অসমৰ গৌৰৱোজ্বল বহু ইতিহাস সন্নিবিষ্ট কৰা হৈছে ৷ ব্ৰহ্মপুত্ৰৰ কিম্বদন্তি আৰু শৌৰ্যৰ নামত উৎসৰ্গিত ঐতিহ্য কেন্দ্ৰটো 2021 বৰ্ষত মুকলি কৰে উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে ৷ পৰ্যটক তথা দৰ্শনাৰ্থীয়ে এই ঐতিহ্য কেন্দ্ৰটোৰ পৰাই মহাবাহু ব্ৰহ্মপুত্ৰৰ নৈসৰ্গিক সৌন্দৰ্য উপভোগ কৰিব পাৰে । একেলগে সময় কটাবৰ বাবে প্ৰেমিক যুগলৰ বাবে এয়াও এক উত্তম স্থান ৷

ব্ৰহ্মপুত্ৰ ৰিভাৰ ক্ৰুজ

মহাবাহু ব্ৰহ্মপুত্ৰত দৈনিক বহুকেইখন ৰিভাৰ ক্ৰুজ চলে য’ত সুস্বাদু খাদ্যৰ সৈতে মনোৰঞ্জনৰ ব্যৱস্থা আছে ৷ অসমৰ আচৰিত ভূ-প্ৰকৃতিৰ মাজেৰে এসপ্তাহজোৰা যাত্ৰাৰ সুবিধা প্ৰদান কৰা ব্ৰহ্মপুত্ৰ ৰিভাৰ ক্ৰুজ সমূহত বিলাসীতা আৰু দুঃসাহসিকতাৰ অভিজ্ঞতা আপুনি লাভ কৰিব পাৰিব । যদি আপুনি আপোনাৰ প্ৰিয়জনৰ সৈতে সময় কটাব বিচাৰিছে তেন্তে এয়া এক উত্তম স্থান হ’ব পাৰে ৷

সোণাপুৰ

৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ডিগাৰু নদীৰ কাষতে অৱস্থিত এই স্থান প্ৰাকৃতি সৌন্দৰ্যৰে ভৰপূৰ ৷ বৰ্তমান এসময়ত সোণাপুৰৰ আশে-পাশে দেখিবলৈ পোৱা প্ৰাকৃতিক দৃশ্য আৰু সৰিয়হৰ খেতিৰ সৌন্দৰ্যতা সঁচাকৈ অতুলনীয় ৷ ইয়াৰ সমীপত থকা বহুকেইটা জলপ্ৰপাত খুবেই ধুনীয়া ৷ সেয়ে মুঠতে ক’বলৈ গ’লে একেলগে সময় কটাবৰ বাবে প্ৰেমিক যুগলৰ বাবে এয়াও এক উত্তম স্থান ৷

শিৱসাগৰ

ঐতিহাসিক সমলেৰে ভৰপূৰ শিৱসাগৰক Historical gem of Assam বুলিও কোৱা হয় ৷ শিৱসাগৰ জিলাত আহোম স্বৰ্গদেউসকলৰ দিনত খন্দা ডাঙৰ ডাঙৰ পুখুৰী আৰু তাৰ কাষত নিৰ্মাণ কৰা দৌল দেৱালয়ৰে ভৰপূৰ এখন ঐতিহাসিক চহৰ । যদি আপুনি এই স্থানলৈ এতিয়াও ভ্ৰমণ কৰিবলৈ যোৱা নাই তেন্তে তলাতল ঘৰ, ৰংঘৰ, জয়দৌল, শিৱদৌল, কাৰেং ঘৰ, জয়সাগৰ পুখুৰীলৈকে এই আটাইবোৰে স্থান এবাৰ হ’লেও চাবলৈ যাব পাৰে আৰু প্ৰিয়জনৰ সৈতে কিছু বিশেষ মুহূৰ্ত একেলগে কটাব পাৰে ৷

বগামাটি

বনভোজকাৰী দলবোৰৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰই হৈছে বগামাটি ৷ কেৱল মনোমোহা সৌন্দৰ্যই নহয়, বৰনদীৰ নিৰ্মল জলধাৰাত চলা দুঃসাহসিক অভিযান তথা ৰাফটিঙেও বনভোজকাৰী দলক বগামাটিলৈ আকৰ্ষণ কৰে৷ ইয়াৰ পাহাৰত ট্ৰেকিং তথা পৰ্বতাৰোহণৰ সুবিধা ভ্ৰমণকাৰীসকলৰ বাবে অন্যতম আকৰ্ষণ ৷ অসমৰ ভূ-স্বৰ্গ বগামাটি, হিমালয়ৰ ক’লা ভালুকৰ লগতে বিভিন্ন প্ৰজাতিৰ জীৱ-জন্তু তথা সৰীসৃপ, বৃক্ষ-গুল্ম-লতা জাতীয় মূল্যৱান গছ-গছনিৰে পৰিৱেষ্টিত এই স্থান কোনো স্বৰ্গতকৈ কম নহয় ৷ যদি প্ৰিয়জনৰ সৈতে এইবাৰ পিকনিকৰ প্লেন আছে তেন্তে এই স্থানলৈ নিশ্চয় যাব পাৰে ৷

লগতে পঢ়ক: নতুন বছৰত কোনোবা নতুন ঠাই ভ্ৰমণ কৰাৰ কথা ভাবিছে নেকি ? তেন্তে এয়া হৈছে তালিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.