ETV Bharat / lifestyle

শৰীৰত তৎক্ষণাত শক্তি প্ৰদান কৰাত ফলপ্ৰসূ এইবিধ পাচলি

শীতকালত বহু ধৰণৰ শাক-পাচলি, ফল-মূল বজাৰত দেখিবলৈ পোৱা যায় ৷ যি আমাৰ স্বাস্থ্যৰ বাবে অতিকৈ উপকাৰী ৷ মিঠা আলুও তেনেদৰেই আমাৰ স্বাস্থ্যৰ বাবে উপকাৰী-

Sweet Potatoes: Nutrition and Health Benefits
শৰীৰত তৎক্ষণাত শক্তি প্ৰদান কৰাত ফলপ্ৰসূ এইবিধ আলু (ETV Bharat)
author img

By ETV Bharat Lifestyle Team

Published : Nov 13, 2024, 4:34 PM IST

শীতকালত মিঠা আলু প্ৰচুৰ পৰিমাণে খোৱা হয় ৷ মিঠা সোৱাদ আৰু আলুৰ দৰে সোৱাদ থকা মিঠা আলু হৈছে পুষ্টিকৰ উপাদানৰ ভঁৰাল ৷ স্বাস্থ্যৰ বাবে মিঠা আলু অতি উপকাৰী ৷ মিঠা আলুত প্ৰচুৰ পৰিমাণে আঁহ, ভিটামিন এ, চি, আৰু B6 আদি উপাদান থাকে ৷ ইয়াৰ উপৰিও পটাছিয়াম আৰু মেংগানিজৰ দৰে খনিজ পদাৰ্থও আছে ৷ মিঠা আলুৰ পৰা বহুতো ভিন্ন ব্যঞ্জন বনাব পাৰি ৷ শীতকালত প্ৰতিদিনে এটাকৈ মিঠা আলু খোৱাটো আমাৰ স্বাস্থ্যৰ বাবে অতিকৈ উপকাৰী ৷ ইয়াৰ লগে লগে শৰীৰে সুস্থ কৰি ৰাখিবলৈ প্ৰয়োজনীয় ভিটামিন আৰু পুষ্টিকৰ উপাদান লাভ কৰি থাকিব ৷

দৈনিক মিঠা আলু খোৱাৰ উপকাৰিতা

  • ছালৰ বাবে উপকাৰী- মিঠা আলুত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট থাকে যিয়ে ছালখনক সুস্থ আৰু কোমল কৰি ৰখাত সহায় কৰে আৰু ছালক বয়সীয়াল হ’বলৈ নিদিয়ে ৷ ই ছালখনক ফ্ৰী ৰেডিকেলৰ দ্বাৰা হোৱা ক্ষতিৰ পৰা ৰক্ষা কৰে ৷ মিঠা আলুয়ে বহু দীৰ্ঘদিনীয়া ৰোগ নিৰাময়তো সহায় কৰে ৷ মিঠা আলু উতলাই বা পুৰিও আপুনি খাব পাৰে ৷
  • চকুৰ বাবে উপকাৰী- মিঠা আলুত ভাল পৰিমাণৰ ভিটামিন এ থাকে ৷ ই চকুৰ বাবে উপকাৰী ৷ মিঠা আলুত বিটা-কেৰটিন পোৱা যায় যিয়ে মানসিক চাপ কমায় ৷ মিঠা আলুয়ে হজম শক্তি উন্নত কৰাৰ লগতে ৰক্তচাপ নিয়ন্ত্ৰণতো সহায় কৰে ৷
  • ডায়েবেটিছত মিঠা আলু- মিঠা আলুৰ সোৱাদ সামান্য মিঠা হ’লেও ইয়াত আঁহৰ পৰিমাণ বেছি আৰু গ্লাইচেমিক ইনডেক্স কম হোৱাৰ বাবে ডায়েবেটিছ ৰোগীয়েও মিঠা আলু খাব পাৰে ৷ মিঠা আলু খালে তেজৰ চেনি তৎক্ষণাত গুলী ওলোৱা নহয় আৰু শক্তিও প্ৰদান কৰে ৷
  • ওজন কমোৱাত ফলপ্ৰসূ- মিঠা আলুয়েও ওজন কমাবলৈ সহায় কৰে ৷ আপুনি ইয়াক আপোনাৰ ওজন কমাব পৰা খাদ্যত অন্তৰ্ভুক্ত কৰিব পাৰে ৷ মিঠা আলু খালে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয় ৷ ইয়াত পোৱা ভিটামিন চি আৰু ইয়ে আপোনাৰ ছালখন সুস্থ কৰি ৰখাত আৰু কলাজেনৰ উৎপাদন বৃদ্ধি কৰাত অৰিহণা যোগায় ৷

উৎস:-https://www.healthline.com/nutrition/sweet-potato-benefits

লগতে পঢ়ক: Health Tips: ডায়েবেটিছ ৰোগীয়ে মিঠা আলু খাব লাগেনে ? সঠিক উত্তৰ জানি লওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.