ETV Bharat / lifestyle

ঘৰত ৰাখক এই কেইবিধ গছ, দূৰ হ'ব বহু সমস্যা

আপুনি জানেনে যে আপোনাৰ ঘৰত ৰোপণ কৰা এই গছ-গছনিবোৰে ঘৰৰ সৌন্দৰ্য বৃদ্ধি কৰাই নহয়, বহুতো স্বাস্থ্য উপকাৰিতাও প্ৰদান কৰে...

Know about these 5 herbs that you can grow in your home garden
ঘৰত ৰাখক এই কেইবিধ গছ, দূৰ হ'ব বহু সমস্যা (CANVA)
author img

By ETV Bharat Lifestyle Team

Published : 2 hours ago

বাগিচাৰ চখ থকা মানুহে নিজৰ বাৰী, বেলকনি, টেৰেচ বা ঘৰৰ ভিতৰত বিভিন্ন ধৰণৰ গছ-গছনি ৰোপণ কৰি ভাল পায় ৷ গছ-গছনি ৰোপণ কৰিলে ঘৰৰ ভিতৰৰ বতাহ বিশুদ্ধ হোৱাই নহয় সতেজ আৰু শক্তিশালী অনুভৱ হয় ৷ বহুতে নিজৰ ঘৰত পাকঘৰৰ বাগিচা স্থাপন কৰি ভাল পায় ৷ য’ত তেওঁলোকে তুলসী, অৰেগানো, ৰোজমেৰী আৰু খাদ্যত দৈনিক ব্যৱহাৰ কৰা অন্যান্য বনৌষধি আৰু মছলাৰ গছ ৰোপণ কৰে ৷ যদি আপুনিও আপোনাৰ ঘৰতে গছ ৰোপণ কৰাৰ কথা ভাবিছে তেন্তে এইকেইবিধ ঔষধি উদ্ভিদ আপুনি অতি সহজে ঘৰতে ৰোপণ কৰিব পাৰে লগতে আপুনি বহু টকা ৰাহি কৰিব পাৰে-

তুলসী

Know about these 5 herbs that you can grow in your home garden
তুলসী (CANVA)

হিন্দু ধৰ্মত তুলসীক অতি পবিত্ৰ বুলি গণ্য কৰা হয় ৷ উৎসৱৰ সময়ত তুলসীৰ গছৰ আগত চাকি জ্বলাই পূজা কৰিলে দেৱী লক্ষ্মীৰ ঘৰত আগমণ ঘটে বুলিও বিশ্বাস কৰা হয় ৷ তুলসী গছ থকা ঘৰত দেৱী মাৰ আশীৰ্বাদ সদায় বৰ্তি থাকে বুলি বিশ্বাস আছে ৷ ইয়াৰ উপৰিও তুলসীও এক উৎকৃষ্ট ঔষধ ৷ তুলসী হৈছে আটাইতকৈ অধিক বিক্ৰী হোৱা এবিধ উদ্ভিদ ৷ বিশ্বাসৰ প্ৰতীক হোৱাৰ উপৰিও ই স্বাস্থ্যৰ বাবেও অতি উপকাৰী ৷ তুলসীত প্ৰদাহ নিবাৰণ আৰু অণুজীৱনাশক গুণ আছে, যিয়ে বাৰিষাৰ কাহ, চৰ্দি আৰু হাঁপানী আদি বাৰিষা কালত হোৱা ৰোগৰ পৰাও আপোনাক ৰক্ষা কৰে ৷ ইয়াৰ পাত গাখীৰ চাহ, ক’লা চাহত কেঁচাকৈ খাব পাৰি আৰু লগতে পানী বা চাহত উতলাইও খাব পাৰি ৷

জনি গুটি

জনি গুটি (CANVA)

জনি গুটি বা আজৱাইন হৈছে এনে এবিধ মছলা যাক সকলো পাকঘৰতে ব্যৱহাৰ কৰা হয় ৷ ইয়াৰ ফলত খাদ্যৰ সোৱাদ বৃদ্ধি হোৱাই নহয় স্বাস্থ্যৰ বাবেও উপকাৰী ৷ বহু আয়ুৰ্বেদিক ঔষধত ইয়াক ব্যৱহাৰ কৰা হয় ৷ জনি গুটিৰ পাত খালে পাচনতন্ত্ৰ সুস্থ হৈ থাকে ৷ ইয়াক চাহ, কাপ আৰু দৈনিক শাক-পাচলি প্ৰস্তুত কৰাত ব্যৱহাৰ কৰিব পাৰি ৷ জনি গুটিৰ পাত খালে ভোক বাঢ়ে ৷ ইয়াৰ উপৰিও ই ৰুচি বৃদ্ধি কৰে ৷ ইয়াক সেৱন কৰিলে পেটৰ লগত জড়িত প্ৰতিটো সমস্যাৰ পৰা সকাহ পোৱা যায় ৷

পদিনা

পদিনা (CANVA)

পদিনা হৈছে এনে এক বনৌষধি যাক ঘৰত ৰোৱাও সহজ আৰু বাৰিষাত খুব বেছিকৈ লাগে ৷ ভালদৰে পানী ওলাই যোৱা মাটিত পদিনা ৰোপণ কৰি আংশিকভাৱে সূৰ্যৰ ৰশ্মি যাতে লাভ কৰে সেয়া নিশ্চিত কৰক ৷ পদিনা বহু ধৰণৰ ব্যঞ্জন আৰু চালাডত ব্যৱহাৰ কৰিব পাৰি ৷ আমি ইয়াক ৰস হিচাপে আৰু চালাডতো ব্যৱহাৰ কৰিব পাৰো ৷ ইয়াৰ অনেক স্বাস্থ্য উপকাৰিতাও আছে ৷

ধনীয়া

ধনীয়া (CANVA)

দেশেই হওক বা বিদেশেই হওক, সেউজীয়া ধনীয়াৰ পাত ভাৰতীয় খাদ্যত প্ৰায়েই ব্যৱহাৰ কৰা হয় ৷ ধনীয়া পাতে খাদ্যৰ ৰং আৰু সোৱাদ বৃদ্ধি কৰাই নহয়, বহু ৰোগৰ পৰা আপোনাক আঁতৰাই ৰাখিবলৈও সক্ষম ৷ ধনীয়াক বহুতো পুষ্টিকৰ উপাদানৰ ভঁৰাল বুলিও গণ্য কৰা হয় ৷ ধনীয়া এনে এক বনৌষধি যিয়ে বাৰিষাৰ সময়ত ফুলি উঠে আৰু শৰীৰক শীতলতা প্ৰদান কৰে ৷ এই বনৌষধিবিধে শীতল, আৰ্দ্ৰ স্থান পছন্দ কৰে ৷ ধনীয়াৰ গুটি পোনপটীয়াকৈ মাটিত বা ভাল পানী নিষ্কাশন হোৱা পাত্ৰত সিঁচিব লাগে আৰু ই অতি সোনকালে ফুলি উঠে ৷

লেমনগ্ৰাছ

লেমনগ্ৰাছ (CANVA)

লেমনগ্ৰাছ এক অতি সুগন্ধিদায়ক বনৌষধি ৷ ইয়াৰ সুগন্ধি নেমুৰ দৰে টেঙা, মিঠা আৰু মৃদু ৷ আয়ুৰ্বেদৰ মতে, লেমনগ্ৰাছত প্ৰদাহ নিবাৰণকাৰী, বিষনাশক, বিষণ্ণতা নিবাৰণকাৰী, এন্টিচেপ্টিক, জ্বলা-পোৰা নিবাৰণকাৰী, এন্টিফাংগেল, এন্টিবেক্টেৰিয়েল, এন্টিপিয়েৰেক্টিক, কেন্সাৰ প্ৰতিৰোধী আৰু এন্টি এজিং আৰু এষ্ট্ৰিংজেণ্টকে ধৰি বহুতো চিকিৎসা গুণ আছে ৷ ইয়াৰ এটা বিশেষত্ব হ’ল শুকুৱাৰ পিচতো ইয়াৰ পাতত সকলো মৌল উপস্থিত থাকে ৷ সেয়ে আমি চাহত লেমনগ্ৰাছ দি খাবলৈ পচন্দ কঁৰো ৷ ইয়াৰ উপৰিও ইয়াৰ গ্ৰীণ টিও বহুত খুবেই পচন্দ কৰা হয় ৷ লেমনগ্ৰাছ সেৱন কৰিলে বিষ আৰু প্ৰদাহৰ পৰা উপশম পোৱা যায় ৷ লগতে পেটৰ বিষ, উফি, উচ্চ কলেষ্টেৰল, জিঞ্জিভাইটিছ, থ্ৰাছ আদি বহুতো ৰোগত লেমনগ্ৰাছ ব্যৱহাৰ কৰা হয় ৷

লগতে পঢ়ক: মূৰৰ বিষ-মাইগ্ৰেইনৰ পৰা তৎক্ষণাত সকাহ লাভ কৰিবলৈ বিশেষজ্ঞৰ মতে আমি কি চাহ খোৱা উচিত - Headache Relief Herbal Tea

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.