মন, শৰীৰ আৰু আত্মাক সুখী কৰাৰ বাবে ভ্ৰমণ সকলোৰে সৰ্বোত্তম ঔষধ বুলি গণ্য কৰা হয় ৷ ভ্ৰমণৰ সময়ত অচিনাকি মানুহৰ লগত কেনেকৈ মিলাপ্ৰীতিৰে চলিব লাগে আৰু নতুন সংস্কৃতিৰ সৈতে কেনেকৈ মোকাবিলা কৰিব লাগে তাৰ ওপৰত গুৰুত্ব দিয়ে ৷ যেতিয়াই আমি ঘৰত বহি বহি বিৰক্ত হওঁ বা মানসিক চাপ অনুভৱ কৰো তেতিয়াই আমাক ৫ মিনিটৰ বাহিৰলৈ খোজ কাঢ়িবলৈ বা ক’ৰবালৈ যাবলৈ জ্যেষ্ঠজনে পৰামৰ্শ দিয়ে, যাৰ বাবে আমাৰ মনটো পাতল হৈ পৰে ৷ ইয়াৰ বাহিৰেও ভ্ৰমণলৈ যোৱাটোৱে আপোনাক আত্মবিশ্বাস দিয়ে, মানুহক চিনি পোৱাৰ সুযোগ পায়, সেই ঠাইখনৰ সংস্কৃতিৰ বিষয়ে জানিব পাৰে আৰু হয়, ভ্ৰমণে স্বাস্থ্যৰ ওপৰতো ভাল প্ৰভাৱ পেলায় ৷ আপুনিও হয়তো নিশ্বয় ভাবিছে যে আমি ভ্ৰমণ আৰু স্বাস্থ্যৰ মাজত কিয় সংযোগৰ কথা কৈছোঁ! তলত উল্লেখ কৰা উপকাৰিতাৰ পৰা সকলো প্ৰশ্নৰ উত্তৰ বিচাৰি পাব ৷
ভ্ৰমণৰ উপকাৰিতা
ভ্ৰমণ কৰিলে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়
প্ৰতিখন ঠাইৰ বতৰ বেলেগ বেলেগ, কোনো কোনো ঠাইত অত্যন্ত ঠাণ্ডা আৰু কোনো ঠাইত আমি গৰম পাওঁ ৷ এনে ঠাইত ভ্ৰমণ কৰিলে আচলতে আপোনাৰ শৰীৰটো অধিক শক্তিশালী হয় ৷ লগতে বিভিন্ন ঠাইলৈ যাত্ৰা কৰি আমাৰ শৰীৰ বিভিন্ন বেক্টেৰিয়াৰ লগত খাপ খাই পৰে, যাৰ ফলত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত সহায় হয় আৰু সাধাৰণ ৰোগৰ প্ৰতি আপুনি কম ক্ষতিগ্ৰস্ত হয় ৷
ভ্ৰমণে মানসিক চাপ দূৰ কৰে
বতৰ, পৰিবেশ, ৰুটিন আৰু চৌপাশৰ পৰিৱৰ্তনে আমাৰ মগজু আৰু মনৰ ওপৰত ইতিবাচক প্ৰভাৱ পেলায় ৷ ভ্ৰমণ কৰিলে আপুনি শিথিলতা অনুভৱ কৰে, মানসিক চাপ কম হয় আৰু আপোনাৰ মনো অতি আনন্দময় হৈ থাকে ৷ কেৱল মনেই নহয়, ভ্ৰমণে আমাৰ শৰীৰত ইতিবাচক প্ৰভাৱো পেলায় ৷
ভ্ৰমণ কৰিলে হতাশাৰ সম্ভাৱনা হ্ৰাস পায়
ডিপ্ৰেছন আজিকালি এটা ডাঙৰ সমস্যা যিটোৰ সন্মুখীন বেছিভাগ মানুহেই হৈছে ৷ হতাশাৰ সমস্যা সামাজিক চাপ, কৰ্ম, ব্যক্তিগত সম্পৰ্ক বা অন্যান্য কাৰণত হ’ব পাৰে, যাৰ বাবে আপোনাৰ মন আৰু শৰীৰ আটাইতকৈ বেছি প্ৰভাৱিত হয় ৷ ঠাই আৰু ৰুটিনত পৰিৱৰ্তন কৰিলে ব্যক্তিৰ ওপৰত ইতিবাচক মানসিক প্ৰভাৱ পৰিব পাৰে আৰু হতাশাক দূৰত ৰখাত সহায় কৰিব পাৰে ৷
ভ্ৰমণে মন সুস্থ কৰি ৰাখে
যিমানেই ভ্ৰমণ কৰিব সিমানেই শিকিবলৈ পাব ৷ নতুন ঠাইত আপুনি নতুন মানুহক লগ পাব পাৰে, তেওঁলোকৰ সংস্কৃতিৰ বিষয়ে জানিব পাৰে আৰু পৃথিৱীত কি চলি আছে সেই বিষয়ে অধিক সচেতন হ’ব পাৰে ৷ এই সকলোবোৰ নতুন বস্তুৱে জ্ঞানমূলক নমনীয়তা আৰু মগজুৰ স্বাস্থ্যৰ উন্নতি সাধন কৰে ৷
ভ্ৰমণে জীয়াই থকাৰ সম্ভাৱনা বৃদ্ধি কৰে
ভ্ৰমণ কৰা মানুহৰ আয়ুস বৃদ্ধি পায় ৷ তীৰ্থযাত্ৰালৈ যাওক, কোনো দুঃসাহসিক খেল উপভোগ কৰক বা শান্তিপূৰ্ণ ঠাইলৈ যাওক, এই সকলোবোৰ কথাই মানসিক চাপ কমায়, মগজুৰ স্বাস্থ্য উন্নত কৰে আৰু শৰীৰক বুষ্ট কৰি ৰাখে ৷ এই সকলোবোৰ কাৰকে দীৰ্ঘায়ু জীৱন যাপনৰ সম্ভাৱনা বৃদ্ধি কৰে ৷
ভ্ৰমণে আপোনাক অধিক সুখী আৰু সন্তুষ্ট কৰে
ভ্ৰমণৰ পৰা যি শক্তি আহে সেই শক্তি কাপোৰ কিনা বা আন কাম কৰাৰ পৰা খুব কমেইহে আহে ৷ ভ্ৰমণলৈ যোৱা আৰু ঘূৰি অহালৈকে এই উৎসাহ আৰু উত্তেজনা ৰৈ যায় ৷ সেই ভ্ৰমণবোৰ যেতিয়াই মনত পৰে তেতিয়াই আমাৰ মনটো স্বয়ংক্ৰিয়ভাৱে সতেজ হৈ উঠে আৰু ওঁঠত হাঁহি এটা ওলায় আৰু চিন্তা কৰাৰ পিছত কেতিয়াবা মানুহে আনকি পুনৰ ভ্ৰমণৰ সিদ্ধান্তও লয় ৷
উৎস:-https://campuspress-test.yale.edu/tribune/scientifically-proven-health-benefits-of-traveling-abroad/