ETV Bharat / international

তিব্বত বিধেয়ক কি ? আমেৰিকাৰ প্ৰতিনিধি দলৰ দালাই লামাক সাক্ষাৎ আৰু চীনৰ নিয়ন্ত্ৰণ সন্দৰ্ভত আলোকপাত - Tibet Bill By US Lawmakers

author img

By ETV Bharat Assamese Team

Published : Jun 19, 2024, 6:28 PM IST

Tibet Bill By US Lawmakers : আমেৰিকাৰ সাংসদসকলে বিগত সপ্তাহত তিব্বতৰ প্ৰতি সমৰ্থন বৃদ্ধি কৰিবলৈ আৰু তিব্বত আৰু চীনৰ মাজত দীৰ্ঘদিন ধৰি চলি অহা বিবাদৰ শান্তিপূৰ্ণ সমাধানৰ দিশত চীন আৰু দালাই লামাৰ মাজত আলোচনাৰ প্ৰসংগত এখন দ্বিদলীয় বিধেয়ক গৃহীত কৰে । আনহাতে, মঙলবাৰে চীনৰ বৈদেশিক মন্ত্ৰণালয়ৰ মুখপাত্ৰ লিন জিয়ানে আমেৰিকাৰ ৰাষ্ট্ৰপতি বাইডেনক প্ৰস্তাৱিত তিব্বত বিধেয়কক আইন পৰিণত কৰাৰ ক্ষেত্ৰত স্বাক্ষৰ নকৰিবলৈ আহ্বান জনায় । লগতে দালাই লামাক ধৰ্মৰ আঁৰ লৈ কাম কৰা 'চীনবিৰোধী বিচ্ছিন্নতাবাদী' বুলিও অভিযোগ কৰে ।

Tibet Bill By US Lawmakers
তিব্বতীয় ধৰ্মগুৰু দালাই লামা (ETV Bharat)

বিশেষ প্ৰতিবেদন, ১৯ জুন : তিব্বতৰ প্ৰতি আমেৰিকাৰ সমৰ্থন বৃদ্ধিৰ বাবে প্ৰস্তাৱিত তিব্বত বিধেয়ক আইনত পৰিণত হোৱাৰ দিশে আগবাঢ়িছে । এই পদক্ষেপৰ মাজতে মাইকেল মেকক'লৰ নেতৃত্বত আৰু আমেৰিকান সদনৰ প্ৰাক্তন অধ্যক্ষ নেন্সি পেলোচিক লৈ গঠিত আমেৰিকান কংগ্ৰেছৰ এক উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলে বুধবাৰে হিমাচল প্ৰদেশৰ ধৰ্মশালাত থকা নিৰ্বাসিত তিব্বত চৰকাৰ বুলি অভিহিত দালাই লামাৰ মন্দিৰত উপস্থিত হয় । তাত আমেৰিকান প্ৰতিনিধি দলটোৱে তিব্বতীয় আধ্যাত্মিক নেতা দালাই লামাক সাক্ষাৎ কৰে আৰু কেন্দ্ৰীয় তিব্বত প্ৰশাসনৰ (Central Tibetan Administration, CTA) প্ৰতিনিধিসকলৰ সৈতে বাৰ্তালাপ কৰে ।

চি টি এয়ে এই কথাটোত বিশ্বাস ব্যক্ত কৰে যে এই গুৰুত্বপূৰ্ণ বৈঠকখনে তিব্বতীয় স্বায়ত্তশাসনৰ প্ৰতি দ্বিদলীয় আমেৰিকান সমৰ্থনৰ ওপৰত আলোকপাত কৰিছে আৰু চীনা চৰকাৰ আৰু দালাই লামাৰ দূতসকলৰ মাজত আলোচনাৰ বিষয়টো প্ৰচাৰ কৰিছে । উল্লেখ্য, চীনা শাসনৰ বিৰুদ্ধে বিফল বিদ্ৰোহৰ পিছত ১৯৫৯ চনৰ মাৰ্চ মাহত তিব্বতৰ পৰা পলায়ন কৰা দালাই লামাই এক 'মধ্যমুখী' দৃষ্টিভংগীত বিশ্বাস কৰে । ইয়াৰ অৰ্থ হৈছে তিব্বতৰ বাবে সম্পূৰ্ণ স্বাধীনতাৰ সলনি অধিক স্বায়ত্তশাসন ।

আনহাতে, মঙলবাৰে চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ লিন জিয়ানে আমেৰিকাৰ ৰাষ্ট্ৰপতি বাইডেনক প্ৰস্তাৱিত তিব্বত বিধেয়ক আইনত পৰিণত কৰাৰ ক্ষেত্ৰত স্বাক্ষৰ নকৰিবলৈ আহ্বান জনায় আৰু দালাই লামাক ধৰ্মৰ আৱৰণত কাম কৰা 'চীনবিৰোধী বিচ্ছিন্নতাবাদী' বুলিও অভিযোগ কৰে ।

উল্লেখ্য, ৮৮ বছৰীয়া তিব্বতীয় সন্ন্যাসী দালাই লামাই উত্তৰ ভাৰতৰ হিমালয়ৰ পাদদেশৰ ধৰ্মশালাৰ উপনগৰৰ এটা সৰু আৰু বিচিত্ৰ পাহাৰীয়া আস্থান মেকলয়েডগঞ্জত নিৰ্বাসিত অৱস্থাত বাস কৰি আছে । আমেৰিকাৰ সাংসদসকলে বিগত সপ্তাহত তিব্বতৰ প্ৰতি সমৰ্থন বৃদ্ধি কৰিবলৈ আৰু তিব্বত আৰু চীনৰ মাজত দীৰ্ঘদিন ধৰি চলি অহা বিবাদৰ শান্তিপূৰ্ণ সমাধানৰ দিশত চীন আৰু দালাই লামাৰ মাজত আলোচনাৰ প্ৰচাৰৰ বাবে এক দ্বিদলীয় বিধেয়ক গৃহীত কৰিছিল ।

এই বিধেয়কখন বৰ্তমান ৰাষ্ট্ৰপতি জো বাইডেনৰ ওচৰত আছে আৰু তেওঁ ইয়াক আইনত পৰিণত কৰিবলৈ স্বাক্ষৰ কৰিব বুলি আশা কৰা হৈছে । আনহাতে, অধ্যক্ষ এমিৰিটা নেন্সি পেলোচিকে ধৰি ভ্ৰমণকাৰী সাংসদসকলে বুধবাৰে পুৱা দালাই লামাক সাক্ষাতৰ বাবে যোৱা বুলি চি টি এৰ এগৰাকী মুখপাত্ৰই কয় ।

লগতে পঢ়ক :কাৰ সহযোগত কেনেকৈ ভাৰতত প্ৰৱেশ ঘটিছিল দালাই লামাৰ ? - Tibet To India Dalai Lamas Journey

আনহাতে, চি টি এ বিষয়াসকলে বিশ্বাস ব্যক্ত কৰে যে যদি তিব্বত বিধেয়কত এবাৰ স্বাক্ষৰ হৈ যায় তেন্তে ই তিব্বতৰ জনসাধাৰণৰ প্ৰতি আমেৰিকাৰ দৃঢ় প্ৰতিশ্ৰুতিৰ এক শক্তিশালী প্ৰতিফলন হ'ব । ভ্ৰমণকাৰী দলটোত থকা গৃহ বৈদেশিক পৰিক্ৰমা সমিতিৰ অধ্যক্ষ মেকক'ল হৈছে বিধেয়কখনৰ মূল পৃষ্ঠপোষক । বিধেয়কখন সমৰ্থন কৰি মেকক'লে কয়, "আমেৰিকাই কেতিয়াও স্বীকাৰ কৰা নাই যে তিব্বত প্ৰাচীনকালৰে পৰাই চীনৰ অংশ আছিল, যিটো চি চি পিয়ে (চীনা কমিউনিষ্ট পাৰ্টি) মিছাকৈ দাবী কৰি আহিছে । এই আইনখনে আমেৰিকাৰ নীতি স্পষ্ট কৰে আৰু তিব্বতী লোকসকলৰ অনন্য ভাষা, ধৰ্ম আৰু সংস্কৃতিৰ ওপৰত আলোকপাত কৰে । ই আমেৰিকাৰ কূটনীতিক চি চি পিৰ অপপ্ৰচাৰৰ বিৰুদ্ধে গ্ৰহণ কৰা এক পদক্ষেপক নিৰ্দেশ কৰে । ইয়াৰ উপৰি ই নিশ্চিত কৰে যে তিব্বতীসকলে তেওঁলোকৰ নিজৰ ভৱিষ্যতৰ বাবে এক মত পোষণ কৰে ।"

"এই বিধেয়কখনে চি চি পি আৰু তিব্বতৰ অন্যান্য গণতান্ত্ৰিকভাৱে নিৰ্বাচিত নেতাসকলৰ মাজত আলোচনাৰ প্ৰয়োজনীয়তাৰ ওপৰত জোৰ দিয়ে । যিকোনো প্ৰস্তাৱত তিব্বতী লোকসকলৰ ইচ্ছা আৰু কণ্ঠস্বৰ অন্তৰ্ভুক্ত থাকিব লাগিব... এই বিধেয়কখন গৃহীত হোৱাটোৱে আমেৰিকাৰ এই সংকল্পক প্ৰদৰ্শন কৰিব যে তিব্বতত চি চি পিৰ স্থিতি গ্ৰহণযোগ্য নহয় আৰু মই দালাই লামা আৰু তিব্বতৰ লোকসকলৰ বাবে ইয়াতকৈ ডাঙৰ কোনো উপহাৰ বা বাৰ্তা ভাবিব নোৱাৰোঁ যে এই বিধেয়কক যিমান সম্ভৱ সোনকালে গৃহীত কৰি ৰাষ্ট্ৰপতিৰ মেজলৈ পঠাব লাগে । তিব্বতৰ জনসাধাৰণক নিজৰ ভৱিষ্যতৰ বাবে মাত মাতিবলৈ যথাসম্ভৱ সহায় কৰিবৰ বাবে এই পদক্ষেপ ।" তেওঁ কয় ।

উল্লেখ্য যে আমেৰিকাৰ প্ৰতিনিধি দলটোৰ এই ভ্ৰমণ দালাই লামাৰ আঁঠুৰ চিকিৎসাৰ বাবে আমেৰিকালৈ পূৰ্ব পৰিকল্পিত ভ্ৰমণৰ দুদিন পূৰ্বে ঘটিছে । অৱশ্যে তেওঁৰ কাৰ্যালয়ে কৈছে যে এই ভ্ৰমণৰ সময়ছোৱাত তেওঁৰ কোনো ৰাজহুৱা কাৰ্যসূচী নাথাকে আনকি কোনো লোককে সাক্ষাৎ নকৰে ।আনহাতে, আমেৰিকালৈ যোৱাৰ সময়ত চতুৰ্দশ দালাই লামাই 22 জুনত ছুইজাৰলেণ্ডৰ জুৰিখতো কিছু সময় অতিবাহিত কৰিব ।

প্ৰণিধানযোগ্য যে তিব্বতীয় সমস্যাৰ বিশেষ সমন্বয়ক, আণ্ডাৰ ছেক্ৰেটেৰী উজৰা জিয়াৰ নেতৃত্বত আমেৰিকাৰ উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলৰ সৈতে আধ্যাত্মিক নেতাগৰাকীৰ পূৰ্বৰ গুৰুত্বপূৰ্ণ বৈঠক 2022 চনৰ 18 মে' তাৰিখে অনুষ্ঠিত হৈছিল । সেইটো আছিল ধৰ্মশালাত বিশেষ সমন্বয়কাৰীসকলৰ ক্ৰমাগত ষষ্ঠটো সাক্ষাৎ । চি টি এ অনুসৰি, 2000 চনৰ জানুৱাৰী মাহত সহকাৰী সচিব জুলিয়া টাফ্ট হৈছে ধৰ্মশালা ভ্ৰমণ কৰা প্ৰথমগৰাকী বিশেষ সমন্বয়ক । ২০০৬ চনৰ নৱেম্বৰ মাহত আণ্ডাৰ ছেক্ৰেটৰী পাওলা জে ডব্ৰিয়ানস্কিয়ে ধৰ্মশালা ভ্ৰমণ কৰিছিল । ২০০৯ চনত আণ্ডাৰ ছেক্ৰেটৰী মাৰিয়া অ'টেৰোৱে (সেই সময়ত বিশেষ সমন্বয়ক হিচাপে মনোনীত) ৰাষ্ট্ৰপতি বাৰাক অ'বামাৰ জ্যেষ্ঠ উপদেষ্টা ভেলেৰী জাৰেটৰ সৈতে ধৰ্মশালা ভ্ৰমণ কৰিছিল । আণ্ডাৰ ছেক্ৰেটেৰী চাৰাহ চেৱালে ২০১৪ আৰু ২০১৬ চনত ধৰ্মশালা ভ্ৰমণ কৰিছিল ।

লগতে পঢ়ক :Dalai Lama on China : আমি চীনৰ পৰা স্বাধীনতা বিচৰা নাই; দালাই লামা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.