ETV Bharat / international

ড’নাল্ড ট্ৰাম্পক হত্যাৰ ব্লুপ্ৰিণ্ট ৰচিছিল ইৰাণে: আমেৰিকাৰ চোৰাংচোৱা - Donald Trump Shooting

author img

By ANI

Published : Jul 17, 2024, 8:43 AM IST

Attack on Donald Trump: আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক হত্যাৰ ব্লুপ্ৰিণ্ট ৰচিছিল ইৰাণে ৷ এই দাবী আমেৰিকাৰ চোৰাংচোৱা সেৱাৰ ৷

US received intel on Iranian plot to kill Donald Trump weeks before assassination attempt
আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প (ANI)

ইণ্টাৰনেশ্যনেল ডেস্ক, 17 জুলাই: পেনচিলভেনিয়াত নিৰ্বাচনী সমাৱেশৰ সময়ত আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ওপৰত চলিছিল ঘাতক আক্ৰমণ ৷ দেওবাৰে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীক হত্যাৰ চেষ্টা চলোৱাৰ কেইসপ্তাহমান পূৰ্বে ড’নাল্ড ট্ৰাম্পক হত্যাৰ বাবে ইৰাণে ব্লুপ্ৰিণ্ট ৰচিছিল বুলি আমেৰিকাৰ চোৰাংচোৱাই তথ্য লাভ কৰিছিল বুলি ৰাষ্ট্ৰীয় নিৰাপত্তা বিষয়াসকলে জনায় । ইয়াৰ পিচতে ট্ৰাম্পৰ নিৰাপত্তা ব্যৱস্থা বৃদ্ধি কৰা হৈছিল ।

ইৰাণৰ এই ষড়যন্ত্ৰ আৰু ট্ৰাম্পক হত্যাৰ চেষ্টা কৰা 20 বছৰীয়া যুৱকজনৰ মাজত কোনো সম্পৰ্ক নাই বুলি বিষয়াসকলে স্পষ্ট কৰি দিছে । ইৰাণৰ এই ভাবুকিৰ বিষয়ে আমেৰিকাৰ চোৰাংচোৱা সেৱা আৰু ট্ৰাম্পৰ প্ৰচাৰ অভিযানত নিয়োজিত বিষয়াসকলক অৱগত কৰা হৈছিল আৰু ইয়াৰ ফলত নিৰাপত্তা বৃদ্ধি পাইছিল বুলি আমেৰিকাৰ এজন ৰাষ্ট্ৰীয় নিৰাপত্তা বিষয়াই নিশ্চিত কৰিছে ।

2020 চনত ইৰাকত ইৰাণৰ কুদছ বাহিনীৰ নেতা কাছিম ছুলেইমানীৰ মৃত্যু হোৱা ড্ৰ’ন আক্ৰমণৰ পিচৰে পৰা তেহৰাণৰ ভাবুকিৰ সন্মুখীন হৈছে ট্ৰাম্প আৰু তেওঁৰ প্ৰাক্তন বিদেশ মন্ত্ৰী মাইক পম্পেঅ’ ।

আমেৰিকাৰ চোৰাংচোৱা সেৱাৰ মুখপাত্ৰ এণ্টনি গুগ্লিয়েলমিয়ে কয়, ‘‘তেওঁলোকে আৰু অন্যান্য সংস্থাসমূহে অহৰহ নতুন নতুন ভাবুকি সন্দৰ্ভত তথ্য লাভ কৰি আছে আৰু প্ৰয়োজন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰি থকা হৈছে । চোৰাংচোৱা সেৱাই প্ৰতিটো ভাবুকিক গুৰুত্বসহকাৰে লয় আৰু সেই অনুসৰি ব্যৱস্থা গ্ৰহণ কৰে ।’’

হোৱাইট হাউছৰ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ মুখপাত্ৰ এড্ৰিয়েন ৱাটছনে কয়, "আমেৰিকাৰ নিৰাপত্তা বিষয়াসকলে বছৰ বছৰ ধৰি ট্ৰাম্প প্ৰশাসনৰ প্ৰাক্তন বিষয়াসকলৰ বিৰুদ্ধে ইৰাণৰ ভাবুকি পাই আহিছে ।"

ৰাষ্ট্ৰসংঘত ইৰাণে এই প্ৰতিবেদনক “প্ৰমাণহীন আৰু দুৰ্নীতিপৰায়ণ” বুলি কৈ ট্ৰাম্প “এজন অপৰাধী যাৰ বিৰুদ্ধে আদালতত গোচৰ চলাব লাগিব আৰু শাস্তি দিব লাগিব” বুলি দাবী কৰে ।

দেওবাৰে হোৱা আক্ৰমণৰ পৰা ৰক্ষা পোৱাৰ পিচত সোমবাৰে (স্থানীয় সময় অনুসৰি) ৰিপাব্লিকান নেশ্যনেল কনভেনশ্যনত প্ৰথমবাৰৰ বাবে ৰাজহুৱাভাৱে উপস্থিত হয় প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প । সোঁ কাণত বেণ্ডেজ লগাই ট্ৰাম্পে অনুষ্ঠানত অংশগ্ৰহণ কৰে । অধিৱেশনৰ সময়ত তেওঁ কোনো মন্তব্য কৰা নাছিল ।

উল্লেখ্য যে পেনচিলভেনিয়াৰ বাটলাৰত অনুষ্ঠিত এক জনসভাত বন্দুকধাৰীয়ে হত্যাৰ চেষ্টা চলাই আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক ৷ আক্ৰমণকাৰীৰ গুলীয়ে ড’নাল্ড ট্ৰাম্পৰ কাণত আঘাত কৰে । আক্ৰমণকাৰী 20 বছৰীয়া থমাছ মেথিউ ক্ৰুকছ বুলি জানিব পৰা গৈছে । গুলীচালনাত এজন সাধাৰণ নাগৰিক নিহত হোৱাৰ লগতে আন দুজন গুৰুতৰভাৱে আহত হোৱা বুলি বিষয়াসকলে জনায় । ঘটনাটোৰ তদন্ত অব্যাহত আছে ।

লগতে পঢ়ক: আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ওপৰত গুলীচালনা; আক্ৰমণকাৰীক হত্যা - Attack on Donald Trump

20 বছৰীয়া যুৱকৰ আক্ৰমণৰ লক্ষ্য আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প - Donald Trump Shooting

ড’নাল্ড ট্ৰাম্পৰ আক্ৰমণৰ ঘটনাক গৰিহণা প্ৰধানমন্ত্ৰী মোদী-ৰাহুল গান্ধীৰ - Donald Trump Shooting

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.