ETV Bharat / international

20 বছৰীয়া যুৱকৰ আক্ৰমণৰ লক্ষ্য আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প - Donald Trump Shooting

author img

By ANI

Published : Jul 14, 2024, 12:50 PM IST

Attack on Donald Trump: চিনাক্ত হ’ল আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ আক্ৰমণকাৰীৰ পৰিচয় ৷ ট্ৰাম্পক গুলীওৱা যুৱকজন 20 বছৰীয়া থমাছ মেথিউ ক্ৰুকছ বুলি জানিব পৰা গৈছে । ইতিমধ্যে মাৰ্কিন ছিক্ৰেট চাৰ্ভিচৰ স্নাইপাৰে গুলীয়াই হত্যা কৰে মেথিউক ৷

US: Gunman who shot Donald Trump at Pennsylvania rally identified
20 বছৰীয়া যুৱকৰ আক্ৰমণৰ লক্ষ্য আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প (AP)

ইণ্টাৰনেশ্যনেল ডেস্ক, 14 জুলাই: পেনচিলভেনিয়াৰ বাটলাৰত অনুষ্ঠিত এক জনসভাত বন্দুকধাৰীয়ে হত্যাৰ চেষ্টা চলাই আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক ৷ ড’নাল্ড ট্ৰাম্পক আক্ৰমণকাৰীয়ে কাণত আঘাত কৰিছে । আক্ৰমণকাৰী 20 বছৰীয়া থমাছ মেথিউ ক্ৰুকছ বুলি জানিব পৰা গৈছে । গুলীচালনাত এজন দৰ্শকও নিহত হোৱাৰ লগতে আন দুজন গুৰুতৰভাৱে আহত হোৱা বুলি বিষয়াসকলে জনায় ।

সূত্ৰৰ উদ্ধৃতি দি নিউয়ৰ্ক পোষ্টে প্ৰকাশ কৰা অনুসৰি বাটলাৰ ফাৰ্ম শ্ব’ খেলপথাৰত মঞ্চৰ পৰা 130 গজৰো অধিক দূৰত্বত অৱস্থিত এটা উৎপাদন কাৰখানাৰ চাদৰ পৰা থমাছ মেথিউ কুকছে ট্ৰাম্পলৈ লক্ষ্য কৰি গুলী চলাইছিল । মাৰ্কিন ছিক্ৰেট চাৰ্ভিচৰ স্নাইপাৰে আক্ৰমণকাৰী থমাছক গুলীয়াই হত্যা কৰে আৰু ইয়াৰ পাচত থমাছৰ পৰা উদ্ধাৰ হয় এ আৰ ষ্টাইলৰ ৰাইফল ৷ ৰিপাব্লিকান দলৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীগৰাকীক গুলীচালনাৰ আঁৰৰ উদ্দেশ্য বৰ্তমানেও স্পষ্ট নহয় ।

দ্য হিলে প্ৰকাশ কৰা অনুসৰি পেনচিলভেনিয়াৰ বাটলাৰত অনুষ্ঠিত হোৱা প্ৰচাৰ সভাত ড’নাল্ড ট্ৰাম্প মঞ্চত আছিল, তাৰ পাছত বন্দুকৰ গুলীৰ শব্দ হয় আৰু ছিক্ৰেট চাৰ্ভিচৰ এজেণ্টে মঞ্চৰ পৰাই প্ৰত্যাক্ৰমণ কৰে । ছিক্ৰেট চাৰ্ভিচৰ এজেণ্টসকলে ৰিপাব্লিকান প্ৰাৰ্থীজনক ঘেৰি ধৰি মঞ্চৰ পৰা এচকৰ্ট কৰি লৈ যায় ৷ সেই সময়ত ট্ৰাম্পৰ মুখমণ্ডলত তেজ লাগি থকা পৰিলক্ষিত হৈছিল ।

পেনচিলভেনিয়াৰ গৱৰ্ণৰ জোছ শ্বেপিৰ’ই কয় যে শনিবাৰে (স্থানীয় সময় অনুসৰি) এক ৰেলীত গুলীচালনাৰ পিছত বাটলাৰ অঞ্চলৰ পৰা আঁতৰাই নিয়া হৈছে প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক ।

X যোগে শ্বেপিৰ’ই কয়, “আমেৰিকাৰ গোপন সেৱা সুৰক্ষা আৰু পেনচিলভেনিয়া ৰাজ্যিক আৰক্ষীৰ সহায়ত প্ৰাক্তন ৰাষ্ট্ৰপতি ট্ৰাম্পে এতিয়া বাটলাৰ অঞ্চল এৰি গৈছে । উক্ত দলটোৱে ট্ৰাম্প কুশলে আছে বুলি জনোৱাত মই আৰু ল’ৰীয়ে সকাহ অনুভৱ কৰিছো ৷ আমি তেওঁৰ সম্পূৰ্ণ আৰু দ্ৰুত আৰোগ্য কামনা কৰিছো । জীৱন হেৰুওৱা দৰ্শকগৰাকীৰ বাবে শোক প্ৰকাশ কৰিছো আৰু চিকিৎসাধীন হৈ থকা ভুক্তভোগী দুজন আৰোগ্য লাভৰ বাবে প্ৰাৰ্থনা কৰিছো ।”

তেওঁ আৰু কয়, “মই সকলো আইন প্ৰয়োগকাৰী সংস্থাৰ ওচৰত কৃতজ্ঞ সমগ্ৰ ঘটনাটোৰ প্ৰতি সঁহাৰি জনাইছিল, প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীক সুৰক্ষা দিছিল আৰু পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছিল । প্ৰাক্তন ৰাষ্ট্ৰপতি ট্ৰাম্পক গুলীয়াই হত্যা কৰা ঘটনাৰ তদন্তত ফেডাৰেল আইন প্ৰয়োগকাৰী বিষয়াসকলে নেতৃত্ব দি থাকিব ।"

আমেৰিকাৰ চোৰাংচোৱাই এক বিবৃতিযোগে কয়, “13 জুলাইৰ সন্ধিয়া প্ৰায় 6.15 বজাত পেনচিলভেনিয়াৰ বাটলাৰত প্ৰাক্তন ৰাষ্ট্ৰপতি ট্ৰাম্পৰ প্ৰচাৰ ৰেলীৰ সময়ত সন্দেহযুক্ত শ্বুটাৰজনে বাহিৰৰ ওখ স্থানৰ পৰা সমাৱেশ হোৱাৰ দিশে অৰ্থাৎ মঞ্চৰ ফালে একাধিক গুলীচালনা কৰিছিল । আমেৰিকাৰ চোৰাংচোৱাবাহিনীয়ে গুলীচালনাকাৰীক গুলীয়াই হত্যা কৰে । বৰ্তমান এই কাণ্ডৰ তদন্ত চলি আছে আৰু ছিক্ৰেট চাৰ্ভিচে ফেডাৰেল ব্যুৰোক আনুষ্ঠানিকভাৱে তদন্তৰ বিষয়ে অৱগত কৰিছে ৷”

শনিবাৰে (স্থানীয় সময় অনুসৰি) পেনচিলভেনিয়াৰ বাটলাৰত অনুষ্ঠিত হোৱা এক সমাৱেশত আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ওপৰত হোৱা হিংসাত্মক আক্ৰমণক গৰিহণা দি কয় যে “আমেৰিকাত এই ধৰণৰ হিংসাৰ কোনো স্থান নাই ।”

ডেলাৱেৰৰ পৰা ভাষণ দি বাইডেনে এই আক্ৰমণক ধিক্কাৰ দি এনে কাণ্ড ৰোধ কৰিবলৈ ঐক্যৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । এইবোৰেই দেশখনক একত্ৰিত কৰিব নোৱাৰাৰ অন্যতম কাৰণ বুলি উল্লেখ কৰি বাইডেনে কয়, "আমি এইটো হ’বলৈ দিব নোৱাৰো । আমি এনে হ’ব নোৱাৰো; আমি এইটো সহ্য কৰিব নোৱাৰো ।”

লগতে পঢ়ক: আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ওপৰত গুলীচালনা; আক্ৰমণকাৰীক হত্যা - Attack on Donald Trump

নিৰ্বাচনৰ পূৰ্বে প্ৰথমটো যুক্তি-তৰ্কৰ বাবে মুখামুখি বাইডেন আৰু ট্ৰাম্প - Trump Biden Debate

জ' বাইডেন আৰু ট্ৰাম্পৰ যুক্তি-তৰ্ক - US Presidential debate

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.