ETV Bharat / international

আমেৰিকাই পুনৰ ইজৰাইলক বিক্ৰী কৰিব বোমা আৰু যুঁজাৰু বিমান - Israel Hamas war

Israel Hamas war : ইজৰাইল আৰু হামাছৰ সংঘৰ্ষ অব্যাহত আছে । গাজাত ইজৰাইলী সেনাৰ ভয়ংকৰ আক্ৰমণত উদ্বিগ্ন বিশ্ববাসী । তাৰ মাজতে আমেৰিকাই ইজৰাইলৰ সৈতে আন এক অস্ত্ৰ সৰবৰাহ চুক্তিত স্বাক্ষৰ কৰিছে । ইজৰাইললৈ বিলিয়ন ডলাৰৰ সামৰিক সঁজুলি বিক্ৰীত অনুমোদন বাইডেন প্ৰশাসনৰ ।

author img

By ANI

Published : Mar 31, 2024, 11:27 AM IST

Israel Hamas war
আমেৰিকাই পুনৰ ইজৰাইলক বিক্ৰী কৰিব বোমা আৰু যুঁজাৰু বিমান

ইণ্টাৰনেশ্যনেল ডেস্ক, ৩১ মাৰ্চ : দক্ষিণ গাজাত সম্ভাৱ্য সামৰিক কাৰ্যকলাপক লৈ বৰ্ধিত উত্তেজনা আৰু উদ্বেগৰ মাজতে আমেৰিকা প্ৰশাসনে ইজৰাইললৈ বিলিয়ন ডলাৰৰ বোমা আৰু যুঁজাৰু বিমান বিক্ৰীত অনুমোদন জনাইছে । পেলেষ্টাইনীৰ ওপৰত আশংকা থকা স্বত্বেও ৱাশ্বিংটনে অস্ত্ৰ-শস্ত্ৰৰ এনে পেকেজৰ জৰিয়তে ইজৰাইলৰ প্ৰতিৰক্ষা ৰণনীতিৰ প্ৰতি দেশখনৰ অটল সমৰ্থনৰ ইংগিত দিছে ।

শেহতীয়াকৈ অনুমোদন জনোৱা অস্ত্ৰ-শস্ত্ৰৰ ভিতৰত আছে সামৰিক বিমান আৰু বোমাৰ বৃহৎ ভাণ্ডাৰ । ইয়াৰ ভিতৰত আছে ১,৮০০ এমকে ৮৪ৰ ২,০০০ পাউণ্ড বোমা আৰু ৫০০ এমকে ৮২ ৰ ৫০০ পাউণ্ড বোমা । পেন্টাগন আৰু ষ্টেট ডিপাৰ্টমেণ্টৰ বিষয়াসকলে এই কথা নিশ্চিত কৰিছে । এনে গুৰুত্বপূৰ্ণ অস্ত্ৰসমূহলৈ আমেৰিকাৰ সেউজ সংকেতৰ সিদ্ধান্তই বিশ্বজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

বিশেষকৈ গাজাত পূৰ্বৰ ইজৰাইলী সামৰিক অভিযানত ২,০০০ পাউণ্ড বোমাৰ মাৰাত্মক আক্ৰমণৰ ফলত ব্যাপক হতাহত হৈছিল । যদিও বাইডেন প্ৰশাসনে দক্ষিণ গাজাত ইজৰাইলী আক্ৰমণৰ সম্ভাৱ্য প্ৰভাৱৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰিছে ৷ কিন্তু অস্ত্ৰ-শস্ত্ৰ স্থানান্তৰৰ ওপৰত প্ৰতিবন্ধকতা আৰোপ কৰাৰ পৰা বিৰত আছে ।

হোৱাইট হাউচৰ এগৰাকী বিষয়াই প্ৰশাসনৰ স্থিতি পুনৰ স্পষ্ট কৰি কয় যে ইজৰাইলৰ আত্মৰক্ষাৰ অধিকাৰৰ প্ৰতি নিৰন্তৰ সমৰ্থন নিশ্চিত কৰে আৰু কণ্ডিচনিং সাহায্য ইয়াৰ নীতিৰ অংশ নহয় বুলি গুৰুত্ব আৰোপ কৰে ।

অৱশ্যে, ৰাষ্ট্ৰপতি বাইডেনৰ মিত্ৰশক্তিকে ধৰি কিছুমান গণতান্ত্ৰিক কণ্ঠই অধিক সূক্ষ্ম দৃষ্টিভংগীৰ বাবে সমালোচনা কৰিছে । লগতে সাধাৰণ নাগৰিকৰ হতাহত হ্ৰাস কৰা আৰু গাজাত মানৱীয় সাহায্যৰ সুবিধাৰ বাবে ইজৰাইলৰ প্ৰতিশ্ৰুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে ।

লগতে পঢ়ক :গাজালৈ সাহায্য যোগানৰ বাবে ইজৰাইলক অধিক পথ মুকলিৰ নিৰ্দেশ ৰাষ্ট্ৰসংঘৰ শীৰ্ষৰ - Israel Hamas War

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.