ইণ্টাৰনেশ্যনেল ডেস্ক,১২ এপ্ৰিল : বিশ্ববাসী ঈদ-উল-ফিটৰক লৈ ব্যস্ত থকাৰ মাজতে পাকিস্তানত শোকাৱহ পথ দুৰ্ঘটনা । তীৰ্থযাত্ৰী ভৰ্তি ট্ৰাক দুৰ্ঘটনাৰ ফলত প্ৰায় ১৮ গৰাকী লোকৰ মৃত্যু হয় । জানিব পৰা মতে বেলুচিস্তানৰ খুজদাৰৰ শ্বাহ নুৰানী তীৰ্থস্থানলৈ যাত্ৰা কৰি আছিল ট্ৰাকখন । আনহাতে ঘটনাটোত ৫০ জনৰো অধিক লোক আঘাতপ্ৰাপ্ত হোৱাৰ খবৰ পোৱা গৈছে । আহতসকলক অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।
সিন্ধৰ মুখ্যমন্ত্ৰী মুৰাদ আলী শ্বাহে এই দুৰ্ঘটনাক লৈ শোকপ্ৰকাশ কৰে । তেওঁৰ মতে আহতসকলৰ ৫ জনৰ অৱস্থা অতি সংকটজনক । পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফেও এই দুৰ্ঘটনাক লৈ শোকপ্ৰকাশ কৰে আৰু আহতসকলৰ আশু আৰোগ্য কামনা কৰে । আহতসকলৰ প্ৰয়োজনীয় চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে ।
ইফালে, সিন্ধৰ প্ৰাক্তন বিধায়ক জাম আৱাইছ জোখিওৱে দুৰ্ঘটনাটোক লৈ শোকপ্ৰকাশ কৰিছে । ভুক্তভোগী পৰিয়ালক আৰ্থিক সাহায্য প্ৰদানৰ বাবে তেওঁ চৰকাৰক আহ্বান জনাইছে । আৰক্ষীয়ে জনোৱা মতে দুৰ্ঘটনাত পতিত ট্ৰাকখনৰ চালক কৰিম বক্সক আটক কৰা হৈছে ।
আৰক্ষীৰ মতে ৭০ জনতকৈও অধিক লোকে মাকলিৰ কাছিম জোখিও গাঁৱৰ পৰা তীৰ্থযাত্ৰাৰ বাবে গৈছিল । যাত্ৰাৰ সময়তে ট্ৰাকখনে নিয়ন্ত্ৰণ হেৰুৱাই দ' খাৱৈত বাগৰি পৰে । অঞ্চলটোত ম’বাইলৰ নেটৱৰ্কৰ সমস্যা স্বত্বেও উদ্ধাৰকাৰী দলে খবৰ পোৱাৰ পিচতে সেই স্থানলৈ ৰাওনা হয় ।
বেলুচিস্তানৰ মুখ্যমন্ত্ৰী চাৰফৰাজ বুগতিয়ে আহতসকলক তাৎক্ষণিক চিকিৎসা সহায়ৰ বাবে নিৰ্দেশনা জাৰি কৰিছে । জৰুৰীকালীন ব্যৱস্থা তৎক্ষণাৎ আৰম্ভ কৰা হয় আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত লোকসকলক উন্নত চিকিৎসাৰ বাবে কৰাচীলৈ স্থানান্তৰ কৰাৰ ব্যৱস্থাও কৰা হয় ।
উল্লেখ্য যে বেলুচিস্তানৰ খুজদাৰৰ শ্বাহ নুৰানী দূৰৱৰ্তী পাহাৰীয়া অঞ্চলত অৱস্থিত । আধ্যাত্মিক গুৰুত্বৰ বাবে প্ৰতিবছৰে এই তীৰ্থস্থানলৈ হাজাৰ হাজাৰ লোকৰ আগমন হয় ।
লগতে পঢ়ক :পাকিস্তানত বোমা বিস্ফোৰণৰ ঘটনা; আৰক্ষী জোৱান নিহত - Pakistan Blast