ETV Bharat / international

বিমানতে মৃত্যু যাত্ৰীৰ; আহত কেবাজনো: প্ৰকৃততে ঘটিছিল কি? - Singapore Airlines flight - SINGAPORE AIRLINES FLIGHT

Singapore Airlines flight: ভয়ংকৰ বিমান দুৰ্ঘটনা ৷ বিমানৰ ভিতৰতে মৃত্যু এজনৰ ৷ কেবাজনো আহত ।

1 Dead In Severe Turbulence On London-Singapore Flight; 30 Others Injured
ভয়ংকৰ বিমান দুৰ্ঘটনা (Etv bharat assam)
author img

By ETV Bharat Assamese Team

Published : May 21, 2024, 8:45 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, 21 মে’: উৰন্ত বিমানত শোকাৱহ ঘটনা ৷ মঙলবাৰে ছিংগাপুৰ এয়াৰলাইন্সে জনোৱা মতে, প্ৰৱল জোকাৰণিৰ বাবে লণ্ডন-ছিংগাপুৰ বিমানখনৰ ভিতৰতে এজন লোকৰ মৃত্যু হয় আৰু আন কেইবাজনো আহত কৰা হয় । জোকাৰণি ইমানেই বেছি আছিল যে, বিমানখন অৱশেষত বেংককলৈ ডাইভাৰ্ট কৰা হয় ৷ ইফালে বিমানখন আহত যাত্ৰীসকলক সহায় কৰিবলৈ জৰুৰীকালীন ক্ৰুৱে তৎপৰতাৰে ব্যৱস্থা গ্ৰহণ কৰে ।

বিমান সংস্থাটোৱে ফেচবুক পোষ্টত প্ৰকাশ কৰা অনুসৰি, মুঠ 211 জন যাত্ৰী আৰু 18 জন ক্ৰু মেম্বাৰ থকা বয়িং 777-300 ইআৰ বিমানখনে বিয়লি 3:45 বজাত (0845 জিএমটি) বেংককত অৱতৰণ কৰে ।

সুবৰ্ণভূমি বিমানবন্দৰৰ পৰা প্ৰায় 20 কিলোমিটাৰ (12 মাইল) দূৰৈৰ সমীতিভেজ শ্ৰীনাকৰিন হাস্পতালত জৰুৰীকালীন ক্ৰুৱে আহত যাত্ৰীসকলক চিকিৎসাৰ বাবে ৰানৱেৰ পৰা স্থানান্তৰিত কৰিবলৈ সাজু হৈ আছিল । সুৱৰ্ণভূমি বিমানবন্দৰৰ লাইন মেছেজিং প্লেটফৰ্মত পোষ্ট কৰা ভিডিঅ’ এটাত দেখা গৈছে যে এম্বুলেন্সৰ শাৰী এটাই সেই স্থানলৈ গৈ আছিল ।

ছিংগাপুৰ এয়াৰলাইন্সে মৃতকৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে বুলি বিমান সংস্থাটোৱে প্ৰকাশ কৰিছে । সংস্থাটোৱে কয়, "আমি থাইলেণ্ডৰ স্থানীয় কৰ্তৃপক্ষৰ সৈতে কাম কৰি প্ৰয়োজনীয় চিকিৎসা সহায় আগবঢ়াইছো আৰু প্ৰয়োজনীয় যিকোনো অতিৰিক্ত সহায় আগবঢ়াবলৈ বেংককলৈ এটা দল পঠিয়াইছো ।"

FlightRadar24 য়ে সংগ্ৰহ কৰা আৰু দ্য এছ’চিয়েটেড প্ৰেছে বিশ্লেষণ কৰা ট্ৰেকিং ডাটাত দেখা গৈছে যে ছিংগাপুৰ এয়াৰলাইন্সৰ বিমানখনে 37 হাজাৰ ফুট উচ্চতাত ক্ৰুজিং কৰি আছে । তথ্য অনুসৰি 0800 জিএমটিৰ ঠিক পিছতেই বয়িং 777 বিমানখনে হঠাতে তীব্ৰতাৰে প্ৰায় তিনি মিনিটৰ ভিতৰত 31 হাজাৰ ফুট তললৈ নামি আহিছিল ।

লগতে পঢ়ক: উৰণৰ প্ৰাকক্ষণত দুৰ্ঘটনাত পতিত বিমান, সৌভাগ্যক্ৰমে ৰক্ষা পৰিল যাত্ৰী - Air India flight accident

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.