ETV Bharat / international

পাকিস্তানত বোমা বিস্ফোৰণৰ ঘটনা; আৰক্ষী জোৱান নিহত - Pakistan blast - PAKISTAN BLAST

Pakistan blast : মঙলবাৰে পাকিস্তানত সংঘটিত হৈছে বোমা বিস্ফোৰণৰ ঘটনা ৷ শেহতীয়াকৈ লাভ কৰা তথ্য অনুসৰি, এই বিস্ফোৰণত এজন আৰক্ষী জোৱানসহ কেবাজনো লোক নিহত হোৱাৰ লগতে আহত হৈছে প্ৰায় 12 জন ৷

Several killed and injured in blast near mosque in Quetta Pakistan
পাকিস্তানত বোমা বিস্ফোৰণৰ ঘটনা; আৰক্ষী জোৱান নিহত
author img

By ANI

Published : Apr 9, 2024, 1:43 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, 9 এপ্ৰিল: পাকিস্তানত বোমা বিস্ফোৰণৰ ঘটনা ৷ সোমবাৰে কুৱেট্টাৰ এটা মছজিদৰ সমীপত সংঘটিত হয় বিস্ফোৰণৰ ঘটনা ৷ এই বোমা বিস্ফোৰণৰ ফলত এজন আৰক্ষী জোৱান নিহত হোৱাৰ বিপৰীতে 12 জন লোক আহত হয় বুলি এ আৰ ৱাই নিউজে প্ৰকাশ কৰিছে ।

জানিব পৰা মতে, আহত 12 জন লোকৰ ভিতৰত আছে 5 জন নিৰাপত্তাৰক্ষী । বিস্ফোৰণৰ পিছত আহতসকলক তৎকালীনভাৱে চিকিৎসাৰ বাবে সমীপৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । শেহতীয়াকৈ জানিব পৰা মতে, এই বিস্ফোৰণত এজন আৰক্ষী জোৱানসহ আৰু তিনিজন লোক নিহত হৈছে ৷ লগতে আহত হৈছে প্ৰায় বিছজন লোক ৷

ইফালে আইন প্ৰয়োগকাৰী সংস্থাই বোমা বিস্ফোৰণ হোৱা অঞ্চলটো ঘেৰাও কৰি গোচৰটোৰ তদন্ত আৰম্ভ কৰিছে ৷ সংঘটিত হোৱা বিস্ফোৰণৰ লক্ষণ আৰু কাৰণ নিৰ্ণয়ৰ বাবে অঞ্চলটো ঘেৰাও কৰি গোচৰটোৰ তদন্ত আৰম্ভ কৰিছে বুলি এ আৰ ৱাই নিউজে জানিবলৈ দিয়ে ।

উল্লেখ কৰা প্ৰয়োজন যে, অঞ্চলটোত এনেধৰণৰ বিস্ফোৰণৰ ঘটনা প্ৰথম নহয় । শেহতীয়াকৈ প্ৰদেশখনত সন্ত্ৰাসবাদী কাৰ্যকলাপৰ উত্থান ঘটা পৰিলক্ষিত হৈছে । এ আৰ ৱাই নিউজৰ তথ্য অনুসৰি ফেব্ৰুৱাৰী মাহত বেলুচিস্তানৰ পিছিন অঞ্চলত এটা ৰাজনৈতিক দলৰ কাৰ্যালয়ৰ বাহিৰত সংঘটিত বিস্ফোৰণত কমেও 12 জন লোক নিহত হোৱাৰ লগতে 25 জন আহত হৈছিল ।

বেলুচিস্তানৰ কিলা চাইফুল্লাহৰ JUI-F নিৰ্বাচনী কাৰ্যালয়ৰ সমীপত সংঘটিত হোৱা এই বিস্ফোৰণটোত কমেও 12 জন লোক নিহত হোৱাৰ লগতে কেইবাজনো লোক আহত হৈছিল ।

আনহাতে, 26 মাৰ্চৰ দিনা পাকিস্তানৰ খাইবাৰ পাখতুনখোৱা প্ৰদেশত সংঘটিত এক আত্মঘাতী আক্ৰমণত কমেও 6 জন লোক নিহত হৈছিল । পাকিস্তানৰ উত্তৰ-পশ্চিম প্ৰদেশ খাইবাৰ-পাখতুনখোৱাত এখন বিস্ফোৰক ভৰ্তি বাহনে এখন বাছত খুন্দা মৰাৰ ফলত সংঘটিত হৈছিল এই বিস্ফোৰণৰ ঘটনা ।

লগতে পঢ়ক: পাকিস্তানত আত্মঘাতী বোমা আক্ৰমণত নিহত ৫ জন চীনা নাগৰিক - Suicide Bomb Attack

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.