ETV Bharat / international

ৰাছিয়াত বন্দুকধাৰীৰ আক্ৰমণৰ সঁহাৰি পুটিনৰ - Russia ukraine war - RUSSIA UKRAINE WAR

Vladimir Putin : কনচাৰ্ট হলৰ আক্ৰমণে পুটিনৰ কঠিন প্ৰতিচ্ছবিক আঘাত কৰিছে । তেওঁ ইয়াক ইউক্ৰেইন যুদ্ধৰ সমৰ্থন সংগ্ৰাহ কৰিবলৈ ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিছে ।

ৰাছিয়াত বন্দুকধাৰীৰ আক্ৰমণৰ সঁহাৰি পুটিনৰ

author img

By PTI

Published : Mar 25, 2024, 8:30 AM IST

ইণ্টাৰনেচনেল ডেস্ক, ২৫ মাৰ্চ : এসপ্তাহ পূৰ্বে ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ৰাছিয়াত তেওঁৰ বিজয়ৰ উদযাপন কৰে । ৰাষ্ট্ৰপতি নিৰ্বাচনত বিজয়ী হৈ টি-শ্বাৰ্ট পৰিহিত যুৱক-যুৱতীসকলৰ দ্বাৰা পৰিবেষ্টিত এক নিৰ্বাচনোত্তৰ অনুষ্ঠানৰ মঞ্চত তেওঁ উচ্ছ্বসিত হৈ পৰে । লগতে তেওঁ নিৰ্বাচন নিৰপেক্ষ আৰু মুক্ত নহয় বুলি কৰা পশ্চিমীয়া সমালোচনাক আত্মবিশ্বাসেৰে প্ৰত্যাখ্যান কৰে ।

কিন্তু এই সপ্তাহান্তত একেগৰাকী ভ্লাদিমিৰ পুটিনে এক অন্য ৰূপত মস্কোৰ উপকণ্ঠত এটা ৰক কনচাৰ্টত সংঘটিত গণহত্যাত হতচকিত হোৱা এখন ৰাষ্ট্ৰক সম্বোধন কৰে । এগৰাকী কঠোৰ নেতা হিচাপে পৰিচিত তেওঁৰ ভাবমূৰ্তিক বন্দুকধাৰীসকলে বেয়াকৈ আঘাত কৰে, যিকলে শতাধিক ভুক্তভোগীৰ তেজেৰে ফাকু খেলে আৰু আৰক্ষী তথা নিৰাপত্তাৰক্ষী নিয়ন্ত্ৰণহীনৰ কোনো ৰাস্তায়ে বিচাৰি নাপালে ।

১৩৩ গৰাকী লোক নিহত আৰু শতাধিক লোক আহত হোৱাৰ কেইঘণ্টামান পিচত তেওঁ শনিবাৰে টিভিৰ পৰ্দাত ভুমুকি মাৰে । এই অনুষ্ঠানত তেওঁ বন্দুকধাৰী আৰু ইউক্ৰেইনৰ মাজত সম্পৰ্ক থকাৰ অভিযোগ উত্থাপন কৰি তেওঁ এই আক্ৰমণটোক তেওঁৰ ৰাজনৈতিক লক্ষ্য পূৰণৰ দিশে নিবলৈ চেষ্টা কৰে ।

লগতে তেওঁ কয় যে আক্ৰমণকাৰীসকলে তালৈ পলাই যোৱাৰ পৰিকল্পনা কৰিছে । কিন্তু তেওঁ এই আক্ৰমণৰ দায়বদ্ধতা স্বীকাৰ কৰা ইছলামিক ষ্টেট গোটৰ বিষয়ে কোনো উল্লেখ কৰা নাছিল বা ইয়াৰ সৈতে কিয়েভ জড়িত থকাৰ কথা অস্বীকাৰ কৰাৰ বিষয়েও উল্লেখ কৰা নাছিল ।

অৱশ্যে তেওঁৰ প্ৰায় এক চতুৰ্থাংশ শতিকাৰ শাসনকালত এইটো প্ৰথমবাৰৰ বাবে নহয় যে পুটিনে তেওঁৰ লক্ষ্যত উপনীত হ'বলৈ তেওঁৰ নিৰাপত্তা সেৱাৰ দ্বাৰা হোৱা বিফলতা ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিছে ।

উল্লেখ্য যে, ৭১ বছৰীয়া প্ৰাক্তন কেজিবি বিষয়াজনে ১৯৯৯ চনৰ অন্তিম দিনটোত ক্ষমতালৈ আহে । সেই সময়ত চুবুৰীয়া প্ৰদেশত অনুপ্ৰৱেশ কৰা চেছনিয়াৰ বেছিভাগ মুছলমান গণৰাজ্যৰ বিচ্ছিন্নতাবাদীসকলক চূৰ্ণ-বিচূৰ্ণ কৰিবলৈ তেওঁ যুদ্ধৰ নেতৃত্ব দিছিল ।

তেওঁ ৰাছিয়াত কেইবাটাও এপাৰ্টমেণ্ট বিল্ডিঙত বোমা বিস্ফোৰণৰ বাবে চেছেনসকলক দোষাৰোপ কৰিছিল আৰু সন্ত্ৰাসবাদীসকলক চিকাৰ কৰাৰ এক বিখ্যাত প্ৰতিশ্ৰুতিৰে তেওঁৰ ব্যক্তিত্বক উজ্জ্বল কৰি তুলিছিল: "যদি আমি তেওঁলোকক বাহিৰৰ ঘৰত ধৰোঁ, আমি তেওঁলোকক শৌচাগাৰেৰে উটুৱাই দিম ।"

ক্ৰেমলিনৰ কিছু সমালোচকৰ অভিযোগ অনুসৰি, ১৯৯৯ চনত ৰাছিয়াৰ নিৰাপত্তা সংস্থাসমূহে পুটিনৰ উত্থানত সহায় কৰিবলৈ আৰু চেছনিয়াত যুদ্ধৰ বাবে ব্যাপক সমৰ্থন সংগ্ৰহ কৰিবলৈয়ে মিছা পতাকা অভিযানত এপাৰ্টমেণ্টত বোমা বিস্ফোৰণ সংঘটিত কৰিছিল । কিন্তু এই দাবীবোৰ কেতিয়াও স্বতন্ত্ৰভাৱে প্ৰমাণিত হোৱা নাছিল আৰু পুটিন আৰু ক্ৰেমলিনৰ বিষয়াসকলে দৃঢ়ভাৱে ইয়াক নাকচ কৰিছিল ।

আনহাতে, ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে শুকুৰবাৰে হোৱা আক্ৰমণত মস্কোৱে কৰা ইউক্ৰেইনৰ সম্পৰ্কৰ অভিযোগক খাৰিজ কৰাৰ সময়ত তেওঁলোকৰ দিশেই ইংগিত দিয়ে আৰু পুটিনক তেওঁৰ নিজৰ নাগৰিকসকলক পণ হিচাপে ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰে ।

চেছনিয়াৰ যুদ্ধত মৃত্যুৰ বহু দিনৰ পিচত, ৰাছিয়াই কেইবাটাও মাৰাত্মক আক্ৰমণৰ সন্মুখীন হৈছিল । ইয়াৰ ভিতৰত আছিল ২০০২ চনত মস্কোৰ এখন থিয়েটাৰত অৱৰোধ আৰু ২০০৪ চনত দক্ষিণ ৰাছিয়াৰ বেছলানৰ এখন বিদ্যালয়ত পণবন্দীৰ সংকট ।

অন্যান্য আক্ৰমণৰ লক্ষ্য আছিল ৰাজহুৱা পৰিবহণ, লগতে চেছেন বিচ্ছিন্নতাবাদীসকলৰ সৈতে সম্পৰ্কিত বিমান আৰু বিমানবন্দৰত বোমা বিস্ফোৰণ আৰু পিছত আল-কায়দা আৰু ইছলামিক ষ্টেট গোটৰ ওপৰত আক্ৰমণ । কিন্তু শেহতীয়া বছৰবোৰত এইবোৰ বিৰল হৈ পৰিছে । কিয়নো মস্কো সমৰ্থিত আঞ্চলিক শক্তিশালী ব্যক্তি ৰমজান কাদিৰভে চেছনিয়াক স্থিৰ কৰিবলৈ তেওঁৰ ভয়ংকৰ নিৰাপত্তা বাহিনী ব্যৱহাৰ কৰে ।

শুকুৰবাৰে হোৱা আক্ৰমণে ৰাছিয়াৰ দুৰ্বলতাৰ অনুভূতি পুনৰুজ্জীৱিত কৰে, যাক পুটিনে ইউক্ৰেইনত যুদ্ধ হোৱা সত্ত্বেও শক্তিশালী নিয়ন্ত্ৰণ আৰু ঘৰুৱা স্থিৰতাৰ সৈতে সলনি কৰিব বিচাৰিছে ।

লগতে পঢ়ক : মস্কোৰ সন্ত্ৰাসবাদী আক্ৰমণৰ আঁৰত ইউক্ৰেইন জড়িত থকাৰ দাবী পুটিনৰ: ১৪৩ জনৰ মৃত্যু - OPEN FIRE IN MOSCOW

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.