মেৰজৌগা: মৰুভূমিত বৰষুণ ! শুনি কিবা আচৰিত লাগিছে নহয়নে ৷ কিয়নো মৰুভূমি বুলিলে সচৰাচৰ আমাৰ মনলৈ আহে বালিৰে আৱৰি থকা কেউফালে শুকান আৰু মাজে মাজে কাঁইটীয়া গছেৰে ভৰা এখন ঠাইৰ ছবি ৷ মৰীচিকা হৈছে মৰুভূমিৰ সৈতে জড়িত এক পৰিচিত শব্দ ৷ মৰুভূমিত দেখা পোৱা এক ভ্ৰমৰ নাম হৈছে মৰীচিকা ৷ হঠাৎ মৰুভূৰ মাজত পানীৰ ডোঙা যেন এক অবয়ৱৰ সৃষ্টি হয় ৷ কিন্তু কাষ চাপি গ’লেই ই নোহোৱা হৈ পৰে ৷ কিন্তু এতিয়া মৰুভূমিত সঁচাকৈয়ে দেখা গৈছে পানীৰ ডোঙা, এয়া মৰীচিকা নহয় ৷
বৰষুণে ৰূপ সলনি কৰিছে মৰুভূমিৰ, মৰুভূমিৰ মাজৰ হ্ৰদ আৰু দ ঠাইবোৰ পানীৰে ভৰি পৰিছে ৷ এসমত ৰ’দৰ পোহৰত সোণালী হৈ জিলিকি থকা শুকান বালিৰ টিলাবোৰ এতিয়া বৰষুণৰ পানীৰে সিক্ত হৈছে, কাষৰ হ্ৰদবোৰত জিলিকিছে তাৰ প্ৰতিছবি ৷ এক অনিন্দ্য সুন্দৰ পৰিৱেশ, যিয়ে আকৰ্ষণ কৰিছে পৰ্যটকক ৷ আমি উল্লেখ কৰিছো মৰক্কোৰ দক্ষিণ-পূৱ প্ৰান্তত থকা মৰুভূমিৰ কথা ৷
![Rare Sahara Floods](https://etvbharatimages.akamaized.net/etvbharat/prod-images/28-10-2024/22779489_b.jpg)
ৰাজধানী ৰাবাটৰ পৰা প্ৰায় ৬০০ কিলোমিটাৰ (৩৭০ মাইল) দক্ষিণ-পূবে অৱস্থিত আকৰ্ষণীয় পৰ্যটন চহৰ মেৰজৌগাত মৰুভূৰ আকৰ্ষণীয় ৰূপে এতিয়া পৰ্যটকক হাত বাউল দি মাতিছে ৷ বৰষুণৰ প্ৰতিটো টোপাল যেন সৰগৰ পৰা সৰি পৰা নিৰ্মালিহে...পৰ্যটক আৰু স্থানীয় লোকসকলে তেনেকুৱাই অনুভৱ কৰিছে ৷ জাৰ্মান পৰ্যটকৰ এটা দলক লৈ মেৰজৌগাৰ টিলাৰ মাজত অৱস্থিত ইয়াছমিনা হ্ৰদলৈ যোৱা স্থানীয় ট্যুৰিষ্ট গাইড ইউছেফ আইট চেগাই কয় যে ’’শেহতীয়া বৰষুণক লৈ আমি অবিশ্বাস্যভাৱে সুখী ।’’
আন এজন ট্যুৰিষ্ট গাইড খালেদ স্কাণ্ডুলিয়ে কয় যে বৰষুণে পৰ্যটন অঞ্চলটোলৈ আৰু অধিক দৰ্শনাৰ্থীক আকৰ্ষণ কৰিছে, এতিয়া এই অদ্ভুত ৰূপান্তৰৰ সাক্ষী হ’বলৈ বিশেষভাৱে আগ্ৰহী হৈছে পৰ্যটকৰ লগতে স্থানীয় লোকসকল । তেওঁৰ সৈতে অহা ফৰাচী পৰ্যটক তথা অঞ্চলটোৰ নিয়মীয়া দৰ্শনাৰ্থী লেটিচিয়া চেভালিয়ে কয় যে বৰষুণৰ ফলত “আকাশৰ পৰা নিৰ্মালি সৰি পৰা” বুলি প্ৰমাণিত হৈছে ।
![Rare Sahara Floods](https://etvbharatimages.akamaized.net/etvbharat/prod-images/28-10-2024/22779489_fe.jpg)
"মৰুভূমি আকৌ সেউজীয়া হৈ পৰিল, জীৱ-জন্তুৰ বাবে আকৌ খাদ্য গজিছে আৰু গছ-গছনিবোৰ পুনৰ জীৱন্ত হৈ উঠিল," তেওঁ কয় । স্থানীয় লোকে এ এফ পিক জনোৱা মতে, উপত্যকাটো প্ৰায় ২০ বছৰ ধৰি পৰিত্যক্ত হৈ আছিল ।
বতৰ বিজ্ঞানৰ সাধাৰণ সঞ্চালকালয়ৰ (ডি জি এম) অক্টোবৰৰ প্ৰতিবেদন অনুসৰি যোৱা বছৰটো মৰক্কোৰ ৮০ বছৰৰ ভিতৰত আটাইতকৈ শুকান বছৰ আছিল, বৰষুণৰ পৰিমাণ ৪৮ শতাংশ হ্ৰাস পাইছে । কিন্তু ছেপ্টেম্বৰ মাহত প্ৰচণ্ড বৰষুণৰ ফলত মৰক্কোৰ দক্ষিণ অংশত বানৰ সৃষ্টি হৈছিল আৰু কৰ্তৃপক্ষৰ মতে কমেও ২৮ জন লোকৰ মৃত্যু হৈছিল ।
![Rare Sahara Floods](https://etvbharatimages.akamaized.net/etvbharat/prod-images/28-10-2024/22779489_a.jpg)
উত্তৰ আফ্ৰিকাৰ ৰাজ্যখনে প্ৰায় ৪০ বছৰৰ ভিতৰত আটাইতকৈ ভয়াৱহ খৰাং পৰিস্থিতিৰ ফলত ইয়াৰ অৰ্থনৈতিকভাৱে গুৰুত্বপূৰ্ণ কৃষি খণ্ডৰ প্ৰতি ভাবুকি আহি পৰিছিল । সেই সময়তে এই প্ৰচণ্ড বৰষুণে আশাৰ বতৰা কঢ়িয়াই আনে ৷
চুবুৰীয়া ৰাষ্ট্ৰ আলজেৰিয়াত ছেপ্টেম্বৰৰ আৰম্ভণিতে একেধৰণৰ বৰষুণ আৰু বান হৈছিল, য’ত ছয়জন লোকৰ মৃত্যু হৈছিল । স্বেচ্ছাসেৱী গৱেষণা সংস্থা ৱৰ্ল্ড ৰিচ’ৰ্ছ ইনষ্টিটিউটৰ তথ্য অনুসৰি উত্তৰ আফ্ৰিকাৰ দেশসমূহ বৰ্তমান বিশ্বৰ আটাইতকৈ বেছি পানীৰ চাপত ভুগি থকা দেশসমূহৰ ভিতৰত স্থান লাভ কৰিছে ।
ৰাজ্যখনৰ বতৰ বিজ্ঞান সংস্থাই শেহতীয়াকৈ হোৱা ব্যাপক বৰষুণক “ব্যতিক্ৰমী” বুলি অভিহিত কৰিছে । ইয়াৰ কাৰণ আছিল আন্তঃগ্রীষ্মমণ্ডলীয় অভিসৰণ অঞ্চলৰ এক অস্বাভাৱিক পৰিৱৰ্তন ৷ বিষুৱীয় অঞ্চল য'ত উত্তৰ আৰু দক্ষিণ গোলাৰ্ধৰ বতাহ লগ হয়, যাৰ ফলত ধুমুহা আৰু প্ৰচণ্ড বৰষুণ হয় ।
![Rare Sahara Floods](https://etvbharatimages.akamaized.net/etvbharat/prod-images/28-10-2024/22779489_c.jpg)
'জলবায়ু পৰিৱৰ্তন'
মৰক্কোৰ জলবায়ু বিজ্ঞানী ফাতিমা ড্ৰিউচে এ এফ পিক কয় যে সকলো কথাই প্ৰকাশ কৰে যে এইটো জলবায়ু পৰিৱৰ্তনৰ লক্ষণ । "কিন্তু পুংখানুপুংখ অধ্যয়ন অবিহনে নিশ্চিতভাৱে ক'বলৈ এতিয়া সোনকাল হৈ আছে ।" ড্ৰিউচে এই পৰিঘটনাক জলবায়ু পৰিৱৰ্তন হিচাপে আখ্যা দিবলৈ অধিক গৱেষণাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।
বিশেষজ্ঞসকলে কয় যে জলবায়ু পৰিৱৰ্তনে বতৰৰ চৰম পৰিঘটনা যেনে ধুমুহা আৰু খৰাং পৰিস্থিতি অধিক সঘনাই আৰু তীব্ৰ কৰি তুলিছে । মৰক্কোৰ দক্ষিণ অংশত বৰষুণে কিছুমান জলাশয় আংশিকভাৱে ভৰাই পেলোৱাত আৰু ভূগৰ্ভস্থ জলধাৰা পুনৰ ভৰাই তোলাত সহায় কৰিছে ।
![Rare Sahara Floods](https://etvbharatimages.akamaized.net/etvbharat/prod-images/28-10-2024/22779489_d.jpg)
কিন্তু সেই মাত্ৰা যথেষ্ট বৃদ্ধি পাবলৈ হ’লে বৰষুণ অধিক সময়ৰ বাবে চলি থাকিব লাগিব বুলি বিশেষজ্ঞসকলে কয় । দেশখনৰ বাকী অংশই এতিয়াও খৰাং পৰিস্থিতিৰ সৈতে যুঁজি আছে ৷ যিয়ে একেৰাহে ষষ্ঠ বছৰৰ বাবে মৰক্কোৰ এক তৃতীয়াংশতকৈ অধিক শ্ৰমিক শক্তিক নিয়োজিত কৰা কৃষি খণ্ডটো বিপন্ন কৰি তুলিছে ।
৬৮ বছৰীয়া ফৰাচী পৰ্যটক জিন মাৰ্ক বেৰহ’ক’ইৰিগ’ইনে কয় যে ইয়াছমিনা হ্ৰদক পুনৰ ভৰাই তোলা দেখি তেওঁ আচৰিত হৈছিল । ‘‘বৰদিনৰ পুৱা মোৰ নিজকে ডেকা যেন অনুভৱ হৈছিল । মই ১৫ বছৰ ধৰি এই ৰূপ দেখা নাছিলোঁ ।’’ বেৰহ’ক’ইৰিগ’ইনে কয় ৷
![Rare Sahara Floods](https://etvbharatimages.akamaized.net/etvbharat/prod-images/28-10-2024/22779489_e.jpg)
এ এফ পিৰ সাংবাদিকসকলে প্ৰকাশ কৰা অনুসৰি মেৰজৌগাৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ দক্ষিণে থকা এৰ্গ ঝনাইগুইৰ দৰে অন্যান্য মৰুভূমি অঞ্চলতো বৰষুণ হৈছে । বৰষুণে মৰক্কোৰ শুষ্ক দক্ষিণ-পূব অঞ্চলত নতুন জীৱন দিছে যদিও ড্ৰিউচে সতৰ্ক কৰি দিছে যে “এটা চৰম পৰিঘটনাই স্থায়ী পৰিৱৰ্তন আনিব নোৱাৰে” ।
কিন্তু যোৱা সপ্তাহত মৰক্কোৰ বতৰ বিজ্ঞান সংস্থাই কয় যে এনে বৰষুণ ক্ৰমান্বয়ে সঘনাই হ’ব পাৰে, “আন্তঃগ্রীষ্মমণ্ডলীয় অভিসৰণ মণ্ডল আৰু উত্তৰ দিশলৈ স্থানান্তৰিত হোৱাৰ লগে লগে জলবায়ু পৰিৱৰ্তনৰ ফলত আংশিকভাৱে পৰিচালিত” ৷
লগতে পঢ়ক: মহাসাগৰৰ গভীৰতাত অক্সিজেন হ্ৰাস; সমাধানৰ উপায় কি ?
নদীৰ গুৰুত্ব সম্পৰ্কে সজাগতা বৃদ্ধিৰ লক্ষ্যৰে 'বিশ্ব নদী দিৱস ২০২৪' - WORLD RIVERS DAY 2024