ETV Bharat / international

গাড়ীৰ পৰা উলিয়াই আনি ২৩ গৰাকী লোকক নৃশংসভাৱে গুলীয়াই হত্যা কৰিলে বন্দুকধাৰীয়ে - Gunmen attack in Pakistan

author img

By ETV Bharat Assamese Team

Published : Aug 26, 2024, 2:18 PM IST

Gunmen attack in Pakistan: পাকিস্তানৰ দৰিদ্ৰ প্ৰদেশ বেলুচিস্তানত ভয়ংকৰ আক্ৰমণ । বন্দুকধাৰীৰ আক্ৰমণত প্ৰায় ২০ গৰাকী লোকৰ মৃত্যু । বেছিভাগেই পাঞ্জাবী শ্ৰমিক আছিল ।

Gunmen attack in Pakistan
পাকিস্তানত বন্দুকধাৰীৰ আক্ৰমণ (AP)

ইণ্টাৰনেশ্যনেল ডেস্ক,২৬ আগষ্ট : চৰকাৰী সূত্ৰৰ মতে সোমবাৰে দক্ষিণ-পশ্চিম পাকিস্তানত বন্দুকধাৰীয়ে সন্ত্ৰাস চলায় । বন্দুকধাৰীয়ে প্ৰায় ২৩ গৰাকী লোকক গুলীয়াই হত্যা কৰে । লোকসকলক প্ৰথমে বাহনৰ পৰা বাহিৰলৈ আহিবলৈ বাধ্য কৰোৱা হয় আৰু তাৰ পিচত তেওঁলোকৰ জাতিগত পৰীক্ষা কৰা হয় । তাৰ পিচতে লোকসকলক বন্দুকধাৰীয়ে গুলীয়াই হত্যা কৰে । এই আক্ৰমণটো সোমবাৰে পুৱতি নিশা অতি দৰিদ্ৰ বেলুচিস্তান প্ৰদেশৰ মুছাখাইল জিলাত সংঘটিত হয় । য'ত সাম্প্ৰদায়িক, জাতিগত আৰু বিচ্ছিন্নতাবাদী হিংসা চলি থকা দেখা গৈছে ।

সন্দেহজনক সন্ত্ৰাসবাদী আক্ৰমণ

আক্ৰমণকাৰীয়ে প্ৰায় ১০ খন বাহন জ্বলাই দিয়ে আৰু ঘটনাস্থলীৰ পৰা পলায়ন কৰে । মুছাখাইলৰ এগৰাকী জ্যেষ্ঠ বিষয়া নাজিবুল্লাহ কাকাৰে কয়, "পাঞ্জাবক বেলুচিস্তানৰ সৈতে সংযোগ কৰা ঘাইপথত সন্ত্ৰাসবাদীয়ে কেইবাখনো বাছ, ট্ৰাক আৰু ভান ৰখাই দিয়ে আৰু আক্ৰমণ কৰে । য'ত প্ৰায় ২৩ গৰাকী লোক নিহত আৰু ৫ গৰাকী আহত হয় ।" তেওঁ লগতে কয়, " আক্ৰমণকাৰীয়ে পাঞ্জাবলৈ অহা-যোৱা কৰা বাহনসমূহ পৰীক্ষা কৰিছিল আৰু পাঞ্জাবৰ লোকসকলক চিনাক্ত কৰি গুলীয়াই হত্যা কৰে ।"

পাঞ্জাবী শ্ৰমিকক হত্যা

বিষয়াগৰাকীৰ মতে নিহতসকলৰ বেছিভাগেই পাঞ্জাবী শ্ৰমিক আছিল । জিলাখনৰ আন এগৰাকী জ্যেষ্ঠ বিষয়া হামিদ জেহৰিয়ে কয়, "এনে লাগিছে যেন ঘটনাটোৰ আঁৰত বিএলএ (বেলুচ লিবাৰেচন আৰ্মী)ৰ সন্ত্ৰাসবাদী আছে ।" বেলুচ লিবাৰেচন আৰ্মী অঞ্চলটোৰ আটাইতকৈ সক্ৰিয় বিচ্ছিন্নতাবাদী গোট । বেলুচিস্তানত অব্যৱহৃত প্ৰাকৃতিক সম্পদৰ প্ৰাচুৰ্য থকা স্বত্বেও ই হৈছে পাকিস্তানৰ এখন দৰিদ্ৰ প্ৰদেশ ।

চৰকাৰৰ উদ্বেগ প্ৰকাশ

ৰাষ্ট্ৰপতি আচিফ আলী জাৰ্দাৰী আৰু মন্ত্ৰী মহছিন নকভিয়ে পৃথক বিবৃতিত আক্ৰমণটোক বৰ্বৰ বুলি অভিহিত কৰে আৰু ইয়াৰ আঁৰত থকা সকলক আইনৰ অধীনত শাস্তি প্ৰদানৰ আশ্বাস দিয়ে । উল্লেখ্য যে নিষিদ্ধ বিএলএয়ে লোকসকলক ৰাজপথৰ পৰা আঁতৰি থাকিবলৈ সতৰ্ক কৰাৰ কেইঘণ্টামান পিচতে এই আক্ৰমণটো সংঘটিত হৈছিল । অৱশ্যে তাৎক্ষণিকভাৱে কোনো এতিয়ালৈ এই ঘটনাৰ দায়িত্ব স্বীকাৰ কৰা নাই ।

লগতে পঢ়ক :ৰাছিয়াৰ ক্ষেপনাস্ত্ৰ আক্ৰমণত ইউক্ৰেইনত নিহত ৰয়টাৰৰ সদস্য - REUTERS JOURNALIST KILLED

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.