ETV Bharat / international

নিউজীলেণ্ডত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক পৰম্পৰাগত অনুষ্ঠানৰ জৰিয়তে উষ্ম আদৰণি - President Murmu in New Zealand

author img

By ANI

Published : Aug 8, 2024, 10:26 AM IST

President Murmu in New Zealand : ফিজিৰ পৰা পোনে পোনে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু নিউজীলেণ্ডত উপস্থিত হয় । গভৰ্ণৰ জেনেৰেল ডেম চিণ্ডি কিৰোৱে ৰাষ্ট্ৰপতিগৰাকীক উষ্ম আদৰণি জনায় । পৰম্পৰাগত মাওৰি 'পাউহিৰি' অনুষ্ঠানৰ জৰিয়তে তেওঁক আদৰণি ।

President Murmu in New Zealand
নিউজীলেণ্ডত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক পৰম্পৰাগত অনুষ্ঠানৰ জৰিয়তে উষ্ম আদৰণি (ANI)

ইণ্টাৰনেশ্যনেল ডেস্ক, ৮ আগষ্ট : ফিজি ভ্ৰমণ সামৰি নিউজীলেণ্ডত উপস্থিত ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু । দেশখনত উপস্থিত হোৱাৰ পিচতে গভৰ্ণৰ জেনেৰেল ডেম চিণ্ডি কিৰোৱে ৰাষ্ট্ৰপতিগৰাকীক উষ্ম আদৰণি জনায় । ৱেলিংটনত পৰম্পৰাগত মাওৰি 'পাউহিৰি' অনুষ্ঠানৰ জৰিয়তে আদৰণি জনোৱা হয় । ৰাষ্ট্ৰপতিগৰাকীক ‘‘গাৰ্ড অফ অ'নাৰ’’ প্ৰদান কৰা হয় ।

নিউজীলেণ্ডত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু :

এক্সৰ এটা পোষ্টত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ চৰকাৰী মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয়, "ভাৰত-নিউজীলেণ্ডৰ অংশীদাৰিত্বক উজ্জীৱিত কৰা ! ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক ৱেলিংটনৰ চৰকাৰী বাসভৱনত নিউজীলেণ্ডৰ গভৰ্ণৰ জেনেৰেল ডেম চিণ্ডি কিৰোৱে উষ্ম আদৰণি জনায় ।

জয়ছোৱালে লগতে কয় যে চৰকাৰী ভ্ৰমণৰ উদ্দেশ্যে ভাৰতৰ ৰাষ্ট্ৰপতিগৰাকী নিউজীলেণ্ডৰ ৱেলিংটনত উপস্থিত হয় । নিউজীলেণ্ডৰ নেতৃত্বৰ সৈতে ৰাষ্ট্ৰপতি মুৰ্মুৰ গুৰুত্বপূৰ্ণ আলোচনাৰ লক্ষ্য হৈছে দুয়োখন ৰাষ্ট্ৰৰ মাজৰ সম্পৰ্কক উৎসাহিত কৰা ।

বুধবাৰে ৰাষ্ট্ৰপতি মুৰ্মু তেওঁৰ তিনিখন দেশৰ ভ্ৰমণৰ দ্বিতীয় পৰ্যায় হিচাপে নিউজীলেণ্ডত উপস্থিত হয় । তেওঁক অকলেণ্ডত নিউজীলেণ্ডৰ বাণিজ্যিক মন্ত্ৰী টড মেকক্লে আৰু নিউজীলেণ্ডত ভাৰতৰ পৰৱৰ্তী উচ্চায়ুক্ত নীতা ভূষণে আদৰণি জনায় ।

এক্সৰ এটা পোষ্টত নিউজীলেণ্ডৰ ভাৰতীয় দূতাবাসে কয়, "আজি নিউজীলেণ্ডত উপস্থিত হোৱাৰ লগে লগে দ্ৰৌপদী মুৰ্মুক উষ্ম আদৰণি জনাইছো । টড মেকক্লেয়ে ৰাষ্ট্ৰপতি মুৰ্মুক নিউজীলেণ্ডলৈ আদৰণি জনাইছিল । তেওঁ উল্লেখ কৰে যে ৰাষ্ট্ৰপতি মুৰ্মুৰ এই ভ্ৰমণ দুয়োখন ৰাষ্ট্ৰৰ মাজৰ সম্পৰ্ক গভীৰ কৰাৰ বাবে শেহতীয়াকৈ বহুতো চৰকাৰী ভ্ৰমণৰ ভিতৰত অন্যতম ।

এক্সৰ পোষ্টত টড মেকক্লেয়ে কয়, "নিউজীলেণ্ড চৰকাৰৰ হৈ ভাৰতৰ ৰাষ্ট্ৰপতিক আজি নিউজীলেণ্ডলৈ স্বাগতম জনোৱাৰ বাবে গৌৰৱান্বিত । এই ভ্ৰমণ আমাৰ সম্পৰ্ক গভীৰ কৰাৰ বাবে আৰু আমাৰ শক্তিশালী জনসাধাৰণৰ মাজত আৰু সাংস্কৃতিক সম্পৰ্ক বৃদ্ধি কৰাৰ বাবে শেহতীয়াকৈ হোৱা বহুতো চৰকাৰী ব্যস্ততাৰ ভিতৰত অন্যতম ।"

নিউজীলেণ্ডত ৰাষ্ট্ৰপতিৰ কাৰ্যসূচী :

চৰকাৰী ভ্ৰমণকালত ৰাষ্ট্ৰপতি মুৰ্মুৱে নিউজীলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্ৰিষ্টোফাৰ লাক্সনৰ সৈতে এখন বৈঠকত মিলিত হ'ব আৰু এখন শৈক্ষিক সন্মিলন সম্বোধন কৰিব । ভাৰতীয় সম্প্ৰদায় আৰু বন্ধুবৰ্গৰ সৈতে বাৰ্তালাপো কৰিব বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জনায় । বুধবাৰে ৰাষ্ট্ৰপতি মুৰ্মুৱে ফিজিৰ নদীৰ শ্ৰী শিৱ সুব্ৰমনিয়া স্বামী মন্দিৰ দৰ্শন কৰে ।

তেওঁ এক অনুষ্ঠানত ফিজিত ভাৰতীয় সম্প্ৰদায়ক সম্বোধন কৰে আৰু ভাৰত আৰু ফিজিৰ মাজত দীৰ্ঘদিনীয়া সম্পৰ্কক প্ৰশংসা কৰে আৰু দ্বীপৰাষ্ট্ৰখনত প্ৰবাসী ভাৰতীয়সকলৰ ভূমিকাক সমগ্ৰ বিশ্বৰ বাবে অনুপ্ৰেৰণাৰ উৎস বুলিও অভিহিত কৰে ।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জনোৱা অনুসৰি ৰাষ্ট্ৰপতি মুৰ্মু দেওবাৰে নতুন দিল্লীৰ পৰা ৬ দিনীয়া কাৰ্যসূচীৰে ফিজি, নিউজীলেণ্ড আৰু তিমুৰ-লেষ্টে অভিমুখে যাত্ৰা আৰম্ভ কৰে । ভ্ৰমণৰ অন্তিম পৰ্যায়ত ৰাষ্ট্ৰপতি মুৰ্মুয়ে ৰাষ্ট্ৰপতি জ'ছ ৰামোছ-হৰ্টাৰ আমন্ত্ৰণত তিমুৰ লেষ্টলৈ যাত্ৰা কৰিব । ১০ আগষ্টত তেওঁৰ এই ভ্ৰমণ সামৰিব ।

লগতে পঢ়ক :ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুলৈ ফিজিৰ সৰ্বোচ্চ অসামৰিক বঁটা - Secretary of MEA Jaideep Mazumdar

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.