ETV Bharat / international

বৈদ্যুতিক বাহনত উঠাই প্ৰধানমন্ত্ৰী মোদীক এপাক ফুৰালে ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে; মিলিত হ’ল অনানুষ্ঠানিক বৈঠকত - PM Modi in Russia

author img

By ANI

Published : Jul 9, 2024, 7:32 AM IST

PM Modi in Russia: দুদিনীয়া কাৰ্যসূচীৰে সোমবাৰে ৰাছিয়াত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । বিমানবন্দৰৰ পৰা প্ৰধানমন্ত্ৰীগৰাকী নভো-ওগাৰিয়েভ'ত থকা ৰাষ্ট্ৰপতি পুটিনৰ বাসভৱনত উপস্থিত হয় । য'ত তেওঁ ৰাষ্ট্ৰপতিৰ সৈতে অনানুষ্ঠানিক বৈঠকত মিলিত হয় ।

PM Modi in Russia
ৰাছিয়াৰ বাসভৱনত ৰাষ্ট্ৰপতি পুটিনক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ (ANI)

ইণ্টাৰনেশ্যনেল ডেস্ক, ৯ জুলাই : দুদিনীয়া ভ্ৰমণসূচীৰে ৰাছিয়াত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক সাক্ষাৎ কৰে । মস্কোৰ সমীপৰ নভো-ওগাৰিয়েভ'ত থকা ৰাষ্ট্ৰপতিৰ বাসভৱনত দুয়োগৰাকী নেতা এক অনানুষ্ঠানিক বৈঠকত মিলিত হয় ।

ৰাছিয়াৰ বৈদেশিক মন্ত্ৰালয়ে এক্সত এটা ভিডিঅ' শ্বেয়াৰ কৰে য'ত প্ৰধানমন্ত্ৰী মোদী আৰু ভ্লাদিমিৰ পুটিনৰ বৈঠকৰ মুহূৰ্ত দেখুওৱা হৈছে । সোমবাৰে পোষ্ট কৰা এই ক্লিপটোত প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰপতিৰ বাসভৱনত উপস্থিত হোৱাৰ লগে লগে দুয়োগৰাকী নেতাই ইজনে সিজনক আলিংগন কৰা দেখা গৈছে । ৰাছিয়াৰ বৈদেশিক মন্ত্ৰালয়ে এক্সত কয় যে এই আলোচনাত পৰম্পৰাগতভাৱে বন্ধুত্বপূৰ্ণ ৰাছিয়া-ভাৰত সম্পৰ্কৰ অধিক বিকাশৰ সম্ভাৱনাৰ লগতে বৰ্তমানৰ আন্তঃৰাষ্ট্ৰীয় আৰু আঞ্চলিক বিষয়সমূহো সামৰি লোৱা হ'ব ৷

একেদৰে প্ৰধানমন্ত্ৰী মোদীয়েও এক্সৰ এটা পোষ্টত ৰাছিয়াৰ ৰাষ্ট্ৰপতিক তেওঁক আতিথ্য দিয়াৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে আৰু লগতে কয় যে তেওঁ তেওঁলোকৰ আলোচনাৰ বাবে অপেক্ষা কৰি আছে । যাৰ ফলত ভাৰত-ৰাছিয়াৰ বন্ধুত্ব শক্তিশালী হ'ব ।

ইফালে পুটিনে প্ৰধানমন্ত্ৰী মোদীক তেওঁৰ বাসগৃহ নভো-ওগাৰিয়েভ'ৰ চাৰিওফালে বৈদ্যুতিক বাহনেৰে যাত্ৰা কৰিবলৈ লৈ গৈছিল । ভাৰতত থকা ৰাছিয়াৰ দূতাবাসে দুয়োগৰাকী নেতাৰ এই যাত্ৰাৰ এটা ভিডিঅ' শ্বেয়াৰ কৰে ।

ৰাছিয়াৰ প্ৰথম উপ-প্ৰধানমন্ত্ৰী ডেনিছ মান্টুৰোভে ভিনুক'ভ'-২ বিমানবন্দৰত প্ৰধানমন্ত্ৰী মোদীক আদৰণি জনায় ।

লক্ষণীয়ভাৱে, প্ৰধানমন্ত্ৰী মোদী আৰু পুটিনে যোৱা ১০ বছৰত ১৬ বাৰ সাক্ষাৎ কৰিছে । ২০২২ চনত উজবেকিস্তানৰ সমৰকান্দত অনুষ্ঠিত ছাংহাই সহযোগিতা সংস্থাৰ (এছচিঅ') সন্মিলনৰ সময়ত দুয়োগৰাকী নেতাৰ মাজত অন্তিমখন ব্যক্তিগত বৈঠক অনুষ্ঠিত হৈছিল । ২০১৯ চনত প্ৰধানমন্ত্ৰী মোদীয়ে ৰাছিয়াৰ সৰ্বোচ্চ ৰাজ্যিক সন্মান 'অৰ্ডাৰ অফ দ্য হ'লী এপ'ছল এণ্ড্ৰিউ দ্য ফাৰ্ষ্ট' প্ৰদান কৰে ।

২০২২ চনত ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত সংঘৰ্ষ আৰম্ভ হোৱাৰ পিচত এয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰথম ৰাছিয়া ভ্ৰমণ ৷ ৰাছিয়া ভ্ৰমণ সমাপ্ত কৰাৰ পিচত প্ৰধানমন্ত্ৰী মোদীয়ে অষ্ট্ৰিয়ালৈ ৰাওনা হ'ব ৷

লগতে পঢ়ক :মস্কোত প্ৰধানমন্ত্ৰী মোদী : মঙলবাৰে পুটিনৰ সৈতে আলোচনাত মিলিত হ’ব প্ৰধানমন্ত্ৰী - PM Modi Russia Visit

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.