ETV Bharat / international

কুৱেইটৰ অগ্নিকাণ্ড : বিশেষ বিমানৰে অনা হৈছে 45 গৰাকী ভাৰতীয়ৰ মৃতদেহ - Kuwait Fire Tragedy

author img

By ETV Bharat Assamese Team

Published : Jun 14, 2024, 9:57 AM IST

Fire in Kuwait : কুৱেইটত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাত নিহত হৈছে 45 গৰাকী ভাৰতীয় ৷ এই লোকসকলৰ মৃতদেহসমূহ বায়ুসেনাৰ এখন বিশেষ বিমানেৰে কোচিলৈ আনি থকা হৈছে ৷ কিছুসময় পিছতে এই বিমানখন কোচিত উপস্থিত হোৱাৰ সম্ভাৱনা আছে ৷

KUWAIT FIRE TRAGEDY
কুৱেইটৰ অগ্নিকাণ্ড (Etv Bharat)

ইণ্টাৰনেশ্যনেল ডেস্ক, 14 জুন : কুৱেইটত সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ডত প্ৰাণ হেৰুওৱা 45 গৰাকী ভাৰতীয়ৰ নশ্বৰদেহ কঢ়িয়াই অনা ভাৰতীয় বায়ুসেনাৰ বিশেষ বিমানখন কিছু সময় পিছতে কোচিত উপস্থিত হোৱাৰ সম্ভাৱনা আছে ৷

শুকুৰবাৰে পুৱা ভাৰতীয় দূতাবাসৰ কাৰ্যালয়ে সামাজিক মাধ্যম এক্সৰ জৰিয়তে এই কথা প্ৰকাশ কৰিছে ৷ ভাৰতৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী কীৰ্তিবৰ্ধন সিং উক্ত বিমানখনত থকা বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: অগ্নিকাণ্ডত কমেও ৪৯ জন লোকৰ মৃত্যু; প্ৰধানমন্ত্ৰী মোদীৰ শোক প্ৰকাশ - Fire Incident

বুধবাৰে সংঘটিত অগ্নিকাণ্ডটোত মৃত্যু হোৱা 45 জন ভাৰতীয়ৰ ভিতৰত 23 গৰাকীয়ে কেৰালাৰ বাসিন্দা আছিল । ইতিমধ্যে ভাৰত চৰকাৰে ইয়াৰ বাবে যাৱতীয় সকলো ব্যৱস্থা সম্পূৰ্ণ কৰি তুলিছে ৷ কোচি আন্তৰাষ্ট্ৰীয় বিমানবন্দৰত আৰক্ষী বাহিনী মজুত ৰখাৰ লগতে এম্বুলেন্সৰো ব্যৱস্থা কৰা হৈছে ৷

কেৰেলাৰ এৰ্নাকুলাম মণ্ডলৰ আৰক্ষীৰ উপ মহাপৰিদৰ্শক পুট্টা বিমালাদিত্যই এই সন্দৰ্ভত কয় যে, "আমি প্ৰয়োজনীয় সকলো ব্যৱস্থা কৰিছো ৷ লগতে মৃত লোকসকলৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰিছো ৷ বিমানখন কোচিত উপস্থিত হোৱাৰ পিছতে মৃতদেহসমূহ নিজ নিজ ঘৰলৈ পঠিওৱাৰ ব্যৱস্থা কৰা হ’ব ৷ এই মৃতদেহসমূহৰ 23 টা কেৰালাৰ, 7 টা তামিলনাডুৰ আৰু এটা কৰ্ণাটকৰ ৷ প্ৰত্যেকটো মৃতদেহৰ বাবে সুকীয়া বাহনৰ ব্যৱস্থা কৰা হৈছে" ৷

লগতে পঢ়ক: সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ মালাৱীৰ উপ-ৰাষ্ট্ৰপতিসহ 9 গৰাকীৰ মৃত্যু - Malawi Vice President Missing

বৰ্তমানলৈকে লাভ কৰা তথ্য় অনুসৰি, তামিলনাডুৰ 7 জন, অন্ধ্ৰপ্ৰদেশৰ 3 জন, বিহাৰ, ওড়িশা, কৰ্ণাটক, মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ, ঝাৰখণ্ড, হাৰিয়ানা, পঞ্জাৱ আৰু পশ্চিমবংগৰ এজন এই ঘটনাৰ ভূক্তভোগী হৈছে ৷

কুৱেইটৰ চৰকাৰে এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ কাৰণ সন্দৰ্ভত অনুসন্ধান কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে ৷ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ঘটনাৰ শোকপ্ৰকাশ কৰি সাম্ভাৱ্য সকলো প্ৰকাৰৰ সহায় আগবঢ়াবলৈ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ৷

ভাৰতৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী কীৰ্তিবৰ্ধন সিঙে বৃহস্পতিবাৰে কুৱেইটত উপস্থিত হৈ স্থানীয় চিকিৎসালয়সমূহ পৰিদৰ্শন কৰে ৷ তদুপৰি চিকিৎসালয়সমূহত চিকিৎসাধীন ভাৰতীয় নাগৰিকসকলৰ সৈতে বাৰ্তালাপ কৰে মন্ত্ৰীগৰাকীয়ে । তদুপৰি এনে সংকটৰ সময়ত আন্তঃৰাষ্ট্ৰীয় প্ৰকাৰৰ সহযোগিতাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে ।

লগতে পঢ়ক: তাজ এক্সপ্ৰেছৰ তিনিটা দবাত লাগিল জুই - Fire in Taj Express

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.