ETV Bharat / international

বালি আৰু ধুলিৰ ধুমুহাৰ বিৰুদ্ধে যুঁজ দিয়াৰ আন্তৰ্জাতিক দিৱস - Sand And Dust Storms

author img

By ETV Bharat Assamese Team

Published : Jul 11, 2024, 11:53 PM IST

Day Of Combating Sand And Dust Storms : ১২ জুলাইত পালন কৰা হয় বালি আৰু ধুলিৰ ধুমুহাৰ বিৰুদ্ধে যুঁজ দিয়াৰ আন্তৰ্জাতিক দিৱস ৷ ইৰাণৰ উদ্যোগত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই এই আন্তৰ্জাতিক দিৱস ঘোষণা কৰিছিল ।

Day Of Combating Sand And Dust Storms
বালি আৰু ধুলিৰ ধুমুহাৰ বিৰুদ্ধে আন্তৰ্জাতিক দিৱস (AP Photo)

বিভিন্ন স্তৰত বালি আৰু ধূলিৰ ধুমুহাৰ নেতিবাচক প্ৰভাৱ আন্তৰ্জাতিক উদ্বেগৰ বিষয় হিচাপে গণ্য কৰি ১২ জুলাইত বালি আৰু ধূলিৰ ধুমুহাৰ বিৰুদ্ধে যুঁজ দিয়াৰ আন্তৰ্জাতিক দিৱস হিচাপে পালন কৰা হয় ৷ ইৰাণৰ উদ্যোগত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ১২ জুলাইক এই আন্তৰ্জাতিক দিৱস ঘোষণা কৰিছিল ।

ৰাষ্ট্ৰসংঘৰ মতে শেহতীয়া বছৰসমূহত বালি আৰু ধূলিৰ ধুমুহা যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে । ২০২২ চনত, ধূলিৰ ধুমুহাই তুৰস্কৰ পৰা ওমানলৈকে দেশসমূহক প্ৰভাৱিত কৰিছিল৷ এই ধুমুহাই বিশেষকৈ ইৰাকক যথেষ্ট পৰিমানে ক্ষতি কৰিছিল ৷ ২০২২ চনৰ ১৩ এপ্ৰিলৰ পৰা ১৩ জুনৰ ভিতৰত ইৰাকত ১০ টা ধূলিৰ ধুমুহা হৈছিল ৷ উক্ত ধুমুহাৰ ফলত ৫,০০০ ৰো অধিক লোক চিকিৎসাধীন হ’বলগীয়া হৈছিল ৷

ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই 2025 চনৰ পৰা 2034 চনলৈ বালি আৰু ধূলিৰ ধুমুহাৰ বিৰুদ্ধে যুঁজ দিয়াৰ দশক হিচাপে ঘোষণা কৰে৷ এনে প্ৰতিকুল বতৰে মধ্য আফ্ৰিকাৰ পৰা উত্তৰ চীনলৈকে স্বাস্থ্য আৰু অৰ্থনীতিৰ ক্ষেত্ৰত ভাবুকিৰ সৃষ্টি কৰিছে ।

বহনক্ষম বিকাশৰ লক্ষ্যৰ সৈতে সম্পৰ্ক আছে বালি আৰু ধূলিৰ ধুমুহাৰ :

বালি আৰু ধূলিৰ ধুমুহাই অৰ্থনৈতিক, সামাজিক আৰু পাৰিপাৰ্শ্বিক বহনক্ষম বিকাশত বিস্তৃতৰূপত প্ৰত্যাহ্বানৰ সৃষ্টি কৰে ৷ পৰিৱেশ, স্বাস্থ্য, কৃষি, জীৱিকা আৰু আৰ্থ-সামাজিক কল্যাণৰ ক্ষেত্ৰত বালি আৰু ধূলিৰ ধুমুহাই শেহতীয়া দশকসমূহত বিশ্বব্যাপী উদ্বেগৰ সৃষ্টি কৰে ৷ বালি আৰু ধূলিৰ ধুমুহা হৈছে পৃথিৱীৰ প্ৰাকৃতিক জৈৱ-ৰাসায়নিক চক্ৰৰ এক অত্যাৱশ্যকীয় উপাদান, কিন্তু ই আংশিকভাৱে মানৱসৃষ্টও ৷ জলবায়ু পৰিৱৰ্তন আৰু অবহনযোগ্য ভূমি ব্যৱস্থাপনা আৰু পানীৰ ব্যৱহাৰ ইয়াৰ অন্যতম কাৰণ হিচাপে চিহ্নিত হৈছে ৷

ইয়াৰ পৰিৱৰ্তে, বালি আৰু ধূলিৰ ধুমুহাই জলবায়ু পৰিৱৰ্তন আৰু বায়ু প্ৰদূষণত অৰিহণা যোগায় ৷ উন্নত আৰু উন্নয়নশীল দুয়ো দেশতে বালি আৰু ধূলিৰ ধুমুহাৰ প্ৰভাৱ দেখা যায় ৷ ৰাষ্ট্ৰসংঘৰ 17 টা বহনক্ষম উন্নয়ন লক্ষ্যৰ 11 টা প্ৰাপ্ত কৰাৰ ক্ষেত্ৰত ই গুৰুতৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰে ৷

বিশেষকৈ প্ৰত্যাহ্বানৰ সৃষ্টি কৰা দিশসমূহ হ’ল :

  • ভোকশূন্য
  • স্বাস্থ্য
  • পানী আৰু অনাময়
  • অৰ্থনৈতিক বিকাশ
  • জলবায়ু
  • জৈৱ বৈচিত্ৰ

ভাৰতত বালি, ধূলিৰ ধুমুহা :

বালি আৰু ধূলিৰ ধুমুহাই ভাৰতত ৫০০ মিলিয়নতকৈও অধিক লোকৰ ওপৰত প্ৰভাৱ পেলায় । উত্তৰ-পশ্চিম ভাৰতত বিশেষকৈ ৰাজস্থান, পঞ্জাৱ, হাৰিয়ানা আৰু গুজৰাটত বালি আৰু ধূলিৰ ধুমুহা অধিক দেখা যায় ৷ এই ধুমুহা প্ৰাক-মৌচুমী ঋতুত (মাৰ্চৰ পৰা মে’লৈ) সঘনাই হয় ৷ যি সময়ত তাপমাত্ৰা অধিক হয় আৰু মৰুসদৃশ হৈ থকাৰ ফলত তীব্ৰ বতাহ প্ৰবাহিত হয় ।

দিল্লী, মুম্বাই, গুজৰাটত ধূলিৰ ধুমুহা :

ধূলিৰ ধুমুহাই ভাৰতৰ ৰাষ্ট্ৰীয় আৰু বিত্তীয় ৰাজধানীকে ধৰি বিভিন্ন স্থানত বিধ্বংসী ৰূপ লয় ৷ 2024ৰ 11 মে’ত দিল্লীক বালিয়ে আৱৰি পেলাইছিল৷ মুম্বাইতো ভয়ংকৰ বতাহ হৈছিল ৷ তাৰ পিচতে হৈছিল ধাৰাসাৰ বৰষুণ ৷ দিল্লী আৰু মুম্বাইৰ বাহিৰেও গুজৰাটৰ কিছু অংশতো ধুমুহা আৰু বৰষুণ হৈছিল ৷ আৰক্ষীৰ পৰা জানিব পৰা অনুসৰি, দিল্লীত ধূলিৰ ধুমুহাৰ ফলত দুগৰাকী লোকৰ মৃত্যু হয় আৰু ২৩ গৰাকী আহত হয় । এই ধুমুহাই চহৰখনৰ প্ৰায় এশজোপা গছ উভালি পেলাইছিল ৷

বিমানৰ বাবে বিপজ্জনক বুলি অধ্যয়নত প্ৰকাশ :

বিশ্ববিদ্যালয়ৰ গৱেষকসকলৰ এক অধ্যয়নত প্ৰকাশ পাইছে যে দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ বিমানসমূহে বৃহৎ পৰিমাণৰ ধূলি গ্ৰহণ কৰি আছে৷ এই ধূলি সময়ৰ লগে লগে ইঞ্জিনত জমা হৈ থকাৰ ফলত গুৰুতৰ ক্ষতিৰ সম্ভাৱনাই দেখা দিছে ৷

পূৰ্বানুমানৰ বাবে কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰ :

ধূলিৰ ধুমুহাৰ ভৱিষ্যদ্বাণীৰ বাবে গৱেষকসকলে কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰ কৰি আছে৷ বছৰটোৰ সংঘটিত হ’বপৰা ঘটনাৰ ভৱিষ্যদ্বাণীৰ বাবে জলবায়ুৰ নমুনাৰো সহায় লয় গৱেষকসকলে ৷ এনেধৰণৰ পূৰ্বানুমানৰ ফলত প্ৰতি বছৰে বহুকোটি টকা লোকচানৰ পৰা হাত সাৰিব পাৰি ৷

ভাৰতত অস্বাভাৱিক ধূলিৰ ধুমুহাৰ কাৰণ :

  • খৰাং: খৰাং পৰিস্থিতিৰ ফলত মাটিবোৰো শুকান পৰে ৷ মাটিবোৰ শুকান হৈ পৰা ফলত ধূলিৰ ধুমুহাৰ সৃষ্টি হয় ৷
  • বতাহ: তীব্ৰ বতাহ হৈছে বালি আৰু ধূলিৰ ধুমুহাৰ প্ৰাথমিক কাৰণ ৷ যি মাটিৰ কণাবোৰ বতাহত উৰুৱাবলৈ সক্ষম হয় ৷
  • উদ্ভিদগত আৱৰণ : গছ-গছনিৰ অভাৱৰ ফলত মাটি বতাহৰ সন্মুখীন হয়, যাৰ ফলত বতাহে মাটিৰ কণাবোৰ অধিক উৰুৱাই নিয়ে৷
  • ভূ-ৰূপতত্ত্ব : প্ৰতিটো অঞ্চলৰ ভৌতিক বৈশিষ্ট থাকে ৷ যাৰ ভিতৰত আছে অঞ্চলটোৰ মাটিৰ গঠন আৰু পৃষ্ঠৰ ৰুক্ষতা ৷ ধূলিৰ ধুমুহাৰ প্ৰতি ইয়াৰ সংবেদনশীলতাক প্ৰভাৱিত কৰে ।
  • মৰুভূমিকৰণ আৰু শুকান নদীৰ তল হৈছে ভাৰতত ধূলিৰ ধুমুহাৰ সঘনতা বৃদ্ধিৰ কেইটামান মুখ্য কাৰণ । দুয়োটা কাৰক জলবায়ু পৰিৱৰ্তনৰ সৈতে সম্পৰ্কিত ।
  • বনধ্বংস, বা অত্যধিক চৰণৰ ফলত মৰুভূমিকৰণ হয় । ইয়াৰ ফলত জলবায়ু পৰিৱৰ্তন হয় আৰু মাটি কোমল হৈ পৰে ৷ মৰুভূমিকৰণৰ ফলত মাটি উন্মুক্ত হয় আৰু ইয়াৰ ফলত বতাহৰ বিপৰীতে এই মাটি নিৰাপত্তাহীন হৈ পৰে ৷
  • ইয়াৰ বাহিৰেও জলবায়ু পৰিৱৰ্তনৰ উপৰিও বিভিন্ন কাৰণত নদীৰ তল শুকাই গৈছে । ই নদীবোৰত পুনৰ পানীৰ প্ৰবাহ হ্ৰাস কৰে আৰু শুকান বালিৰ বৃহৎ এলেকাৰ সৃষ্টি কৰে ৷
  • বালি, ধূলিৰ ধুমুহা আৰু কৃষি: বিশ্বব্যাপী ধূলি নিৰ্গমনৰ প্ৰায় 25 শতাংশ মানুহৰ কাৰ্যকলাপৰ ফলত হয় ৷ কৃষিকাৰ্যও অন্যতম কাৰক হোৱাৰ সম্ভাৱনা ৷ বালি, ধূলিৰ ধুমুহাই কৃষিৰ ওপৰত প্ৰত্যক্ষভাৱে নেতিবাচক প্ৰভাৱ পেলায় ৷ যাৰ ফলত শস্য, গছ আৰু পশুধন হেৰুওৱাৰ লগতে উৎপাদন যথেষ্ট হ্ৰাস হয় ।

বালি, ধূলিৰ ধুমুহাই বায়ুৰ মানদণ্ডৰ ওপৰত প্ৰভাৱ পেলায় :

  • বালি, ধূলিৰ ধুমুহাই পাৰিপাৰ্শ্বিক পৰিঘটনা, যি বায়ুৰ মানদণ্ড, দৃশ্যমানতা হ্ৰাস কৰে ৷ তদুপৰি বিশ্বব্যাপী স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায় বুলি জনা যায় ।
  • এই ধুমুহাই কঢ়িয়াই অনা সূক্ষ্ম কণাবোৰ উশাহৰ জৰিয়তে গ্ৰহণ কৰা ফলত শ্বাস-প্ৰশ্বাসৰ সমস্যা, এলাৰ্জি আৰু অন্যান্য স্বাস্থ্যজনিত সমস্যা হ’ব পাৰে ।

2023 চনৰ মাৰ্চত প্ৰকাশিত এক বিশ্বব্যাপী বৈজ্ঞানিক সমীক্ষাত মৰুভূমিৰ ধূলি আৰু বালিৰ ধুমুহাই স্বাস্থ্যৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলাৱাৰ প্ৰমাণ পোৱা গৈছিল৷ বিশেষকৈ শ্বাস-প্ৰশ্বাস আৰু হৃদযন্ত্ৰৰৰ ৰোগত আক্ৰান্ত হোৱাৰ লগতে মৃত্যুও হ’ব পাৰে ৷

মুখ্য তথ্যসমূহ :

  • বছৰি প্ৰায় 2 নিযুত টন বালি আৰু ধূলি বায়ুমণ্ডলত প্ৰৱেশ কৰে
  • বালি আৰু ধূলিৰ ধুমুহা বেছিভাগ শুকান আৰু মৰুভূমি অঞ্চলত হয়, কিন্তু ই অতি দূৰৱৰ্তী এলেকালৈ যাব পাৰে ।
  • বালি আৰু ধূলিৰ ধুমুহাত বিয়পি থকা ধূলিকণাবোৰে সামুদ্ৰিক পৰিস্থিতিতন্ত্ৰক পুষ্টি প্ৰদান কৰে ৷ কিন্তু সেইবোৰে প্ৰৱালপুঞ্জৰ মৃত্যু আৰু সাগৰীয় ধুমুহাত অৰিহণা যোগাব পাৰে ৷
  • বালি আৰু ধূলিৰ ধুমুহাৰ ফলত শ্বাস-প্ৰশ্বাসৰ ৰোগ, হৃদযন্ত্ৰৰ পেশীৰ বিকাৰ, চকু আৰু ছালৰ জ্বলা-পোৰাৰ উপৰিও আৰু মস্তিষ্কাৰৱণৰ ৰোগৰ সৃষ্টি কৰিব পাৰে ৷
  • বালি আৰু ধূলিৰ ধুমুহাই বিমান আৰু স্থল পৰিবহন ব্যাহত কৰিব পাৰে ৷
  • বালি আৰু ধূলিৰ ধুমুহাই কৃষি পদ্ধতি আৰু উৎপাদনশীলতাক প্ৰভাৱিত কৰিব পাৰে ৷ মৰুভূমিকৰণ প্ৰক্ৰিয়াতো অৰিহণা যোগাব পাৰে ৷
  • বহনক্ষম পানী আৰু ভূমি ব্যৱস্থাপনা পদ্ধতিয়ে বালি আৰু ধূলিৰ ধুমুহাৰ প্ৰভাৱ হ্ৰাস কৰিব পাৰে ৷

লগতে পঢ়ক: বিশ্ব জনসংখ্যা দিৱস : তাৎপৰ্য আৰু জনসংখ্যা বৃদ্ধিৰ তথ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.