ইণ্টাৰনেশ্যনেল ডেস্ক, 16 মাৰ্চ : এটা শোকাৱহ ঘটনা ৷ এটা দুৰ্ঘটনাত বিদেশত থকা ভাৰতীয় মূলৰ এটা পৰিয়াল একেবাৰে শেষ হৈ গ’ল ৷ কানাডাৰ ব্ৰেম্পটনত সংঘটিত হৈছে এই শোকাৱহ ঘটনাটো ৷
তেওঁলোকে বাস কৰা ঘৰটোত অগ্নিকাণ্ড সংঘটিত হৈছিল বুলি জানিব পৰা গৈছে ৷ অগ্নিকাণ্ডৰ ফলতে ভাৰতীয় মূলৰ 3 জনীয়া পৰিয়ালটোৰ আটাইৰে মৃত্যু ঘটে ৷ ঘটনাটো ৭ মাৰ্চত সংঘটিত হৈছিল, যদিও আৰক্ষীয়ে ১৫ মাৰ্চতহে মৃতলোক কেইজনক চিনাক্ত কৰিবলৈ সক্ষম হৈছিল । স্বামী, পত্নী আৰু দুয়োৰে কিশোৰী কন্যাই এই ঘটনাত মৃত্যুক আকোঁৱালি লয় ৷
কানাডাৰ টৰন্টো চহৰৰ এটা ঘৰত সংঘটিত হোৱা অগ্নিকাণ্ডত ভাৰতীয় মূলৰ তিনিজনীয়া পৰিয়াল এটাৰ মৃত্যু হোৱা বুলি সূত্ৰই ইটিভি ভাৰতক জনায় । মৃতসকলক ৫১ বছৰীয়া ৰাজীৱ ৱাৰিকু, তেওঁৰ পত্নী শিল্পা কোঠা (৪৭) আৰু তেওঁলোকৰ ১৬ বছৰীয়া কন্যা মেহেক ৱাৰিকু বুলি চিনাক্ত কৰা হৈছে ।
সূত্ৰ অনুসৰি, ৭ মাৰ্চত টৰন্টোৰ উত্তৰ-পশ্চিম দিশত জুই নিয়ন্ত্ৰণ কৰাৰ পিচত টৰন্টোৰ ব্ৰেম্পটনত থকা তেওঁলোকৰ ঘৰৰ ভিতৰত তিনিজনৰ অৱশিষ্ট উদ্ধাৰ হয় ৷ শুকুৰবাৰে পিল আঞ্চলিক আৰক্ষীয়ে এক বিবৃতিত কৈছিল যে তেওঁলোকে সকলো অৱশিষ্ট চিনাক্ত কৰিবলৈ অহৰ্নিশে কাম কৰি গৈছিল । ৰাজীৱ ৱাৰিকু এজন কাশ্মীৰী পণ্ডিত আছিল, যাৰ লিংকডইন প্ৰফাইলে কয় যে তেওঁ অণ্টাৰিঅ'ৰ স্বাস্থ্য মন্ত্ৰালয়ৰ সৈতে ব্যৱসায় সেৱা শাখাৰ সঞ্চালক হিচাপে কাম কৰি আছিল ।
আৰক্ষীয়ে কৈছে যে তেওঁলোকক ৭ মাৰ্চৰ নিশা প্ৰায় ১:৩০ বজাত বিগ স্কাই ৱে আৰু ভেন কিৰ্ক ড্ৰাইভৰ এলেকালৈ মাতি অনা হৈছিল আৰু তেওঁলোকে জুইে আৱৰি থকা এটা ঘৰ প্ৰত্যক্ষ কৰিছিল । তেওঁলোকে কয় যে সেই স্থান পৰীক্ষা কৰা তদন্তকাৰী বিষয়াসকলে ঘৰৰ ভিতৰত মানুহৰ অৱশিষ্ট বুলি বিশ্বাস কৰা বস্তু উদ্ধাৰ কৰে ।
আৰক্ষীয়ে কৈছে যে তেওঁলোকে অগ্নিকাণ্ড কেনেকৈ সংঘটিত হ’বলৈ পালে সেই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক : খাদ্য সাহায্যৰ বাবে অপেক্ষাৰত অৱস্থাত গুলীবৰ্ষণ; গাজাত নিহত কমেও ২০, আহত ১৫৫