ETV Bharat / international

বিশ্বক ভাৰতে 'যুদ্ধ' নহয় 'বুদ্ধ' দিছে : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী - PM Modi Austria visit

PM Modi Austria visit: প্ৰধানমন্ত্ৰী মোদীয়ে ভিয়েনাত প্ৰবাসী ভাৰতীয়সকলক সম্বোধন কৰে । বিশ্বব্যাপী শান্তি আৰু সমৃদ্ধিৰ ক্ষেত্ৰত ভাৰতৰ ঐতিহাসিক অৱদানৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে । তেওঁ একবিংশ শতিকাত ভাৰতৰ ভূমিকা শক্তিশালী কৰাৰ বাবে আকাংক্ষাৰ ওপৰত আলোকপাত কৰে ।

author img

By PTI

Published : Jul 11, 2024, 11:04 AM IST

PM Modi Austria visit
বিশ্বক ভাৰতে 'যুদ্ধ' নহয় 'বুদ্ধ' দিছে (ANI Photo)

ইণ্টাৰনেশ্যনেল ডেস্ক,১১ জুলাই : অষ্ট্ৰিয়াত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশেষ ঘোষণা । তেওঁৰ মতে ভাৰতে বিশ্বক 'যুদ্ধ' নহয় 'বুদ্ধ' দিছে । যাৰ অৰ্থ হৈছে ভাৰতে সদায় শান্তি আৰু সমৃদ্ধিক গুৰুত্ব দিছে । সেয়েহে দেশখনে একবিংশ শতিকাত ভূমিকা শক্তিশালী কৰিবলৈ গৈ আছে বুলি প্ৰধানমন্ত্ৰীয়ে দাবী কৰে । ভিয়েনাত প্ৰবাসী ভাৰতীয়সকলক সম্বোধন কৰি মোদীয়ে লগতে কয় যে ভাৰতে প্ৰাপ্তিৰ ক্ষেত্ৰত সৰ্বশ্ৰেষ্ঠ, উজ্জ্বল, সৰ্ববৃহৎ মাইলৰ খুঁটিত উপনীত হোৱাৰ দিশত কাম কৰি আছে ।

প্ৰধানমন্ত্ৰীৰ মতে ভাৰতে হাজাৰ হাজাৰ বছৰ ধৰি জ্ঞান আৰু দক্ষতা ভাগ-বতৰা কৰি আহিছে । তেওঁ ভাষণ প্ৰসংগত কয় যে ভাৰতে 'যুদ্ধ' দিয়া নাছিল ভাৰতে বিশ্বক 'বুদ্ধ' দিছিল । মস্কোৰ পৰা অষ্ট্ৰিয়াত উপস্থিত হৈ তেওঁ এই মন্তব্য কৰে ।

অষ্ট্ৰিয়ালৈ তেওঁৰ প্ৰথম ভ্ৰমণক 'অৰ্থপূৰ্ণ' বুলি অভিহিত কৰি মোদীয়ে কয় যে ৪১ বছৰৰ পিচত এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে দেশখন ভ্ৰমণ কৰিছে । এক ঐতিহাসিক অনুষ্ঠানত এই দীঘলীয়া অপেক্ষাৰ সমাপ্তি ঘটিছে । ভাৰত আৰু অষ্ট্ৰিয়াই তেওঁলোকৰ বন্ধুত্বৰ ৭৫ বছৰ উদযাপন কৰিছে বুলিও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে ।

প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে ভাৰত আৰু অষ্ট্ৰিয়া ভৌগোলিকভাৱে দুটা পৃথক প্ৰান্তত আছে, কিন্তু দুয়োখন দেশৰ মাজত বহুতো সাদৃশ্য আছে । গণতন্ত্ৰই দুয়োখন দেশক সংযোগ কৰে । দুয়োখন দেশৰ অংশীদাৰী মূল্যবোধবোৰ হৈছে স্বাধীনতা, সমতা, বহুত্ববাদ আৰু আইনৰ শাসনৰ প্ৰতি সন্মান । সাংস্কৃতিক আৰু ভাষিকভাৱেও সাদৃশ্য আছে । মোদীৰ মতে দুয়োখন দেশে বৈচিত্ৰ্য উদযাপন কৰে আৰু এই মূল্যবোধবোৰ প্ৰতিফলিত কৰাৰ এক ডাঙৰ মাধ্যম হৈছে নিৰ্বাচন ।

শেহতীয়াকৈ সমাপ্ত হোৱা সাধাৰণ নিৰ্বাচনৰ কথা স্মৰণ কৰি মোদীয়ে কয় যে ৬৫০ নিযুত লোকে ভোটদানৰ অধিকাৰ সাব্যস্ত কৰিছে আৰু ইমান বৃহৎ নিৰ্বাচন হোৱা স্বত্বেও কেইঘণ্টামানৰ ভিতৰতে নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হৈছে । এয়া ভাৰতৰ নিৰ্বাচনী যন্ত্ৰ আৰু গণতন্ত্ৰৰ শক্তি বুলি তেওঁ উল্লেখ কৰে ।

প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ ভাষণত বিগত ১০ বছৰত দেশখনে লাভ কৰা পৰিৱৰ্তনশীল প্ৰগতিৰ বিষয়ে উল্লেখ কৰে আৰু ২০৪৭ চনৰ ভিতৰত ভাৰত এখন উন্নত দেশ হোৱাৰ পথত অদূৰ ভৱিষ্যতে তৃতীয় বৃহত্তম অৰ্থনীতি হ'ব বুলি বিশ্বাস ব্যক্ত কৰে ।

মোদীয়ে সেউজ বিকাশ আৰু উদ্ভাৱনৰ ক্ষেত্ৰত অষ্ট্ৰিয়াৰ দক্ষতাই কেনেদৰে ভাৰতৰ সৈতে অংশীদাৰী ত্বৰান্বিত কৰিব পাৰে ইয়াৰ উচ্চ বিকাশৰ গতিপথ আৰু বিশ্বব্যাপী প্ৰতিষ্ঠিত ষ্টাৰ্ট-আপ পৰিস্থিতিতন্ত্ৰৰ সুবিধা ল'ব পাৰে বুলি উল্লেখ কৰে ।

তেওঁ ভাৰতক 'বিশ্ববন্ধু' বুলি অভিহিত কৰে আৰু দেশখন বিশ্বব্যাপী প্ৰগতি আৰু কল্যাণত অৰিহণা যোগাই বুলি দাবী কৰে । প্ৰধানমন্ত্ৰীৰ মতে দুখন দেশৰ মাজৰ সম্পৰ্ক কেৱল চৰকাৰে নিৰ্ধাৰণ নকৰে । সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত জনসাধাৰণৰ অংশগ্ৰহণ অতি গুৰুত্বপূৰ্ণ । সেয়েহে তেওঁ এই সম্পৰ্কৰ বাবে সকলোৰে ভূমিকা গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰে ।

লগতে পঢ়ক :অষ্ট্ৰিয়াৰ কোম্পানীসমূহক ভাৰতত বিনিয়োগ কৰিবলৈ আমন্ত্ৰণ প্ৰধানমন্ত্ৰী মোদীৰ - PM Modi Austria Visit

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.