ETV Bharat / international

ইউক্ৰেইন-ৰাছিয়া যুদ্ধৰ সমাধানত ভাৰত হ'ব পাৰে মূল চাবি; জেলেনস্কি - PM Modi Ukraine visit - PM MODI UKRAINE VISIT

Ukrainian President on India : ভাৰত এখন বিশাল প্ৰভাৱশালী দেশ বুলি উল্লেখ কৰি জেলেনস্কিয়ে কয়, "যদি আমি এই যুদ্ধ আৰু ৰাছিয়াৰ প্ৰতি ভাৰতৰ মনোভাব সলনি কৰিব পাৰোঁ, তেন্তে আমি যুদ্ধ বন্ধ কৰিব পাৰিম । কিয়নো তেতিয়া পুটিনে ইয়াক বন্ধ কৰিব বিচাৰিব ।"

Ukrainian President  on India
প্ৰধানমন্ত্ৰী মোদীৰ ইউক্ৰেইন ভ্ৰমণত জেলেনস্কিৰ সতে এক মুহূৰ্ত (ANI Photo)
author img

By PTI

Published : Aug 24, 2024, 7:36 AM IST

ইন্টাৰনেশ্যনেল ডেস্ক, ২৪ আগষ্ট : ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে শুকুৰবাৰে কয় যে তেওঁ ভাৰত ভ্ৰমণৰ বাবে অপেক্ষা কৰি আছে । কিয়নো ভাৰত তেওঁৰ দেশ আৰু ৰাছিয়াৰ মাজত যুদ্ধ সমাপ্ত কৰাৰ বিশ্বজনীন কূটনৈতিক প্ৰচেষ্টাত এক 'চাবি' হ'ব পাৰে ।

"ভাৰত এখন বিশাল প্ৰভাৱশালী দেশ । যদি আমি এই যুদ্ধ আৰু ৰাছিয়াৰ প্ৰতি ভাৰতৰ মনোভাব সলনি কৰিব পাৰোঁ, তেন্তে আমি যুদ্ধ বন্ধ কৰিব পাৰিম । কিয়নো তেতিয়া পুটিনে ইয়াক বন্ধ কৰিব বিচাৰিব ।" ভ্ৰমণকাৰী ভাৰতীয় সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপত এক প্ৰশ্নৰ উত্তৰত জেলেস্কিয়ে কয় ।

আনহাতে, ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰথম কিয়েভ ভ্ৰমণক 'ঐতিহাসিক' বুলিও অভিহিত কৰে । লগতে দুয়োৰে দ্বিপাক্ষিক আলোচনাৰ সময়ত মোদীয়ে জেলেনস্কিক ভাৰত ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনায় ।

"মোদীৰ ভ্ৰমণ ঐতিহাসিক আছিল ।" জেলেনস্কিয়ে কয় । তেওঁ লগতে কয়. "আমেৰিকা আৰু ৰাছিয়াৰ মাজত ভাৰসাম্য ৰখাৰ বাবে নহয়, আমাৰ পক্ষত আপোনাৰ দেশৰ যথেষ্ট প্ৰয়োজন ।"

উল্লেখ্য যে ১৯৯১ চনত ইউক্ৰেইনৰ স্বাধীনতাৰ পিচত এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে প্ৰথমবাৰৰ বাবে ইউক্ৰেইন ভ্ৰমণ কৰে । প্ৰধানমন্ত্ৰী মোদীয়ে দেশখনত প্ৰায় ৯ ঘণ্টা ভ্ৰমণ কৰে । জুলাই মাহত মস্কোত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে সন্মিলনৰ ছয় সপ্তাহ পিচত মোদীৰ এই ইউক্ৰেইন ভ্ৰমণ ।

আনহাতে, দ্বিপাক্ষিক আলোচনাৰ সময়ত মোদীয়ে পূৰ্বে জেলেনস্কিক কৈছিল যে ইউক্ৰেইন আৰু ৰাছিয়া দুয়োখন দেশে চলিত যুদ্ধৰ সমাপ্তিৰ উপায় বিচাৰি সময় নষ্ট নকৰাকৈ একেলগে বহিব লাগে আৰু ২০২২ চনৰ ফেব্ৰুৱাৰীত সংঘৰ্ষৰ আৰম্ভণিৰ পৰাই ভাৰত শান্তিৰ পক্ষত আছে ।

"যেতিয়া আপুনি এক কৌশলগত অংশীদাৰিত্ব আৰম্ভ কৰে আৰু আপুনি কিছু আলোচনা আৰম্ভ কৰে, আপুনি সময় অপচয় কৰাৰ প্ৰয়োজন নাই । সেয়েহে মই ভাবোঁ আমি পুনৰ একেলগ হোৱাটো ভাল হ'ব । আৰু যদি আমাৰ বৈঠক ভাৰতত হয়, তেন্তে মই সুখী হ'ম ।" জেলেনস্কিয়ে কয় ।

"মই ভাবোঁ এখন দেশক বুজা মানে হৈছে দেশখনৰ মানুহকো বুজি পোৱা । আপোনালোকৰ দেশখন ভ্ৰমণ কৰাটো মোৰ বাবে ভাল হ'ব । কাৰণ ইয়াৰ দ্বাৰা আপোনালোকৰ দেশ আৰু আপোনালোকৰ প্ৰধানমন্ত্ৰীৰ দৰে চাবি বিচাৰি উলিওৱা হ'ব । আপোনালোকৰ দেশৰ লোকসকলক চোৱা আৰু দেশখনৰ চাবি বিচাৰি উলিওৱাটো মোৰ বাবে বহুত প্ৰয়োজন । কিয়নো মোক আমাৰ পক্ষত আপোনালোকৰ দেশৰ যথেষ্ট প্ৰয়োজন,আমেৰিকা আৰু ৰাছিয়াৰ মাজত ভাৰসাম্য ৰক্ষা নহয় ।" তেওঁ কয় ।

"এয়া আপোনালোকৰ ঐতিহাসিক পছন্দৰ বিষয়ে নহয় । কিন্তু কোনে জানে হয়তো আপোনালোকৰ দেশ এই কূটনৈতিক প্ৰভাৱৰ মূল চাবিকাঠি হ'ব পাৰে ।" তেওঁ কয়, "সেয়েহে আপোনালোকৰ চৰকাৰ, প্ৰধানমন্ত্ৰীয়ে (মোদী) যেতিয়াই মোক চাব বিচাৰে, লগে লগে মই ভাৰতলৈ আহি সুখী হ'ম ।"

আন এটা প্ৰশ্নৰ উত্তৰত তেওঁ কয়, "আমি বিচাৰোঁ যে তেওঁ (মোদীয়ে) শান্তি সন্মিলন অনুষ্ঠিত কৰক । নিশ্চিতভাৱে আমি ইয়াৰ ওপৰত কাম কৰি সুখী হ'ম । আৰু অৱশ্যে যদি তেওঁৰ কিবা ধাৰণা থাকে, তেন্তে আমি এই বিষয়ে আলোচনা কৰি সুখী হ'ম ।"

লগতে পঢ়ক :ইউক্ৰেইনক BHISHM কিউব গতাই দিলে প্ৰধানমন্ত্ৰী মোদীয়ে - PM Modi
লগতে পঢ়ক :মোদী-জেলেনস্কিৰ দ্বিপাক্ষিক আলোচনাৰ সামৰণি : কৃষি-চিকিৎসা-সাহায্যৰ ক্ষেত্ৰত ৩ খন চুক্তি স্বাক্ষৰ - PM Narendra Modi in Ukraine

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.