ETV Bharat / international

ধাৰাসাৰ বৰষুণ আৰু বানপানীৰ মাজত পুনৰ প্ৰাসংগিক হৈ উঠিছে ভাৰত-বাংলাদেশ নদী সমস্যা - India Bangladesh River Water Issue

author img

By Aroonim Bhuyan

Published : Aug 26, 2024, 11:48 AM IST

Heavy Rains And Floods: প্ৰচণ্ড মৌচুমী বৰষুণৰ মাজত উত্তৰ-পূব ভাৰতৰ ত্ৰিপুৰাৰ সীমান্তৱৰ্তী পূৱ বাংলাদেশৰ বৃহৎ অঞ্চল বানপানীৰ দ্বাৰা প্লাবিত হোৱাৰ ফলত, আন্তঃসীমনা নদীৰ পৰা উদ্ভৱ হোৱা সমস্যাবোৰ পুনৰ দৃষ্টিগোচৰ হৈছে। ইয়াৰ কাৰণবোৰ কি? সমাধানৰ পথ কি? ইটিভি ভাৰতৰ এক অৱলোকন ।

Heavy Rains And Floods
ভাৰত আৰু বাংলাদেশৰ পতাকা (ANI)

নিউজ ডেস্ক, 26 আগষ্ট: উত্তৰ-পূবৰ ৰাজ্য ত্ৰিপুৰা আৰু সীমান্তৰ সিপাৰে বাংলাদেশত ধাৰাসাৰ বৰষুণ আৰু বানপানীৰ মাজত, ঢাকাত নতুন অন্তৱৰ্তীকালীন চৰকাৰে ক্ষমতা দখল পিছতেই ভাৰত আৰু বাংলাদেশৰ মাজত নদীৰ পানীৰ সমস্যা পুনৰ চৰ্চালৈ আহিছে ৷ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে যোৱা বৃহস্পতিবাৰে বাংলাদেশৰ সংবাদ মাধ্যমত কৰা এই দাবী খণ্ডন কৰিছিল যে ত্ৰিপুৰাৰ গোমতী নদীৰ ডুম্বুৰ বান্ধ মুকলি হোৱাৰ ফলত বাংলাদেশৰ পূব সীমাত বানপানীৰ সাম্প্ৰতিক পৰিস্থিতি সৃষ্টি হৈছে।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জাৰি কৰা এক বিবৃতিত কোৱা হৈছে, "আমি উল্লেখ কৰিব বিচাৰো যে ভাৰত আৰু বাংলাদেশৰ মাজেৰে বৈ যোৱা গোমতী নদীৰ অৱবাহিকা অঞ্চলত যোৱা কেইদিনমানত এই বছৰৰ আটাইতকৈ বেছি বৰষুণ হৈছে। বাংলাদেশৰ বানপানীৰ মুখ্য কাৰণ হৈছে বান্ধৰ তলৰ এই বৃহৎ অৱবাহিকাৰ পানী। ডুম্বুৰ বান্ধটো সীমান্তৰ পৰা যথেষ্ট দূৰত অৱস্থিত - 120 কিলোমিটাৰও অধিক। ই হৈছে এক নিম্ন উচ্চতাৰ (প্ৰায় 30 মিটাৰ) বান্ধ যি শক্তি উৎপাদন কৰে যি গ্ৰীডত শক্তি যোগান ধৰে আৰু যাৰ জৰিয়তে বাংলাদেশেও ত্ৰিপুৰাৰ পৰা 40 মেগাৱাট শক্তি আহৰণ কৰে।"

মন্ত্ৰালয়ে কয় যে প্ৰায় ১২০ কিলোমিটাৰৰ নদীপথত অমৰপুৰ, সোণামুৰা আৰু সোণামুৰা ২ ত তিনিটা পানীস্তৰ পৰ্যৱেক্ষণ স্থান আছে। মন্ত্ৰালয়ৰ বিবৃতিত আৰু কোৱা হৈছে, "সমগ্ৰ ত্ৰিপুৰা আৰু বাংলাদেশৰ কাষৰীয়া জিলাসমূহত ২১ আগষ্টৰ পৰা ধাৰাসাৰ বৰষুণ অব্যাহত আছে। প্ৰচুৰ জলপ্ৰবাহৰ ক্ষেত্ৰত, স্বয়ংক্ৰিয় মুক্তি দেখা গৈছে।”

বৃহস্পতিবাৰে ঢাকাত অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছক সাক্ষাত কৰাৰ সময়ত বাংলাদেশত ভাৰতৰ উচ্চায়ুক্ত প্ৰণয় বাৰ্মাই একেটা কথা পুনৰাবৃত্তি কৰে। বাংলাদেশৰ সংবাদ মাধ্যমৰ প্ৰতিবেদনত বাৰ্মাৰ উদ্ধৃতি উল্লেখ কৰি কোৱা হৈছে যে বৈঠকত কোৱা হৈছিল যে ত্ৰিপুৰাৰ বানপানী এক "অতি অভূতপূৰ্ব দুৰ্যোগ", যাৰ ফলত ৫০,০০০ লোক স্থানচ্যুত হৈছে। তেওঁ কৈছিল যে ই সীমান্তৰ দুয়োফালে ধ্বংসলালীলাৰ সৃষ্টি কৰিছে।

এই ক্ষেত্ৰত ইউনুছে তেওঁৰ ফালৰ পৰা যৌথভাৱে বানপানী সমস্যা নিয়ন্ত্ৰণৰ বাবে বাংলাদেশ আৰু ভাৰতৰ মাজত এখন উচ্চ-পৰ্যায়ৰ সমিতি গঠনৰ প্ৰস্তাৱ দিছিল। তেওঁ কয় যে যদি বাংলাদেশ আৰু ভাৰতৰ মাজত এখন উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰা হয়, তেন্তে দুয়োখন দেশে সমিতিখনৰ বৈঠক অনুষ্ঠিত কৰি যুটীয়াভাৱে ভয়ংকৰ বানপানী নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হ'ব।

নিজৰ বিবৃতিত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে যিহেতু দুয়োখন দেশে উমৈহতীয়া সীমান্তক পাৰ কৰা ৫৪ খন নদী ভাগ-বাটোৱাৰা কৰে, নদীৰ পানীৰ সহযোগিতা আমাৰ দ্বিপাক্ষিক সম্পৰ্কৰ এক গুৰুত্বপূৰ্ণ অংশ। "দ্বিপাক্ষিক পৰামৰ্শ আৰু কাৰিকৰী আলোচনাৰ জৰিয়তে জলসম্পদ আৰু নদীৰ পানী ব্যৱস্থাপনাৰ ক্ষেত্ৰত সমস্যা আৰু পাৰস্পৰিক উদ্বেগ সমাধান কৰিবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ," বিবৃতিটোত উল্লেখ কৰা হৈছে।

ভাৰত আৰু বাংলাদেশৰ মাজত আন্তঃসীমনা নদীবোৰ কি?

ভাৰত আৰু বাংলাদেশৰ মাজত 54 খন আন্তঃ সীমনা নদী আছে, যাৰ ভিতৰত গংগা, ব্ৰহ্মপুত্ৰ আৰু মেঘনা নদী প্ৰণালী আটাইতকৈ উল্লেখযোগ্য। এই নদীবোৰ হিমালয়ত উৎপন্ন হয়, ভাৰতৰ মাজেৰে প্ৰবাহিত হয়, আৰু বাংলাদেশত প্ৰৱেশ কৰে, যাৰ ফলত বাংলাদেশ ভাৰতৰ দ্বাৰা নিয়ন্ত্ৰিত পানীৰ প্ৰবাহৰ ওপৰত যথেষ্ট নিৰ্ভৰশীল ।

মুখ্য নদীবোৰৰ উপৰিও, ফেনী, মনু, মুহুৰী, খোৱাই, গুমটি, ধৰলা আৰু দুধকুমাৰৰ দৰে অন্যান্য সীমাভেদী নদীবোৰেও পানী ভাগ-বতৰা আৰু ব্যৱস্থাপনাৰ সমস্যাৰ সন্মুখীন হৈছে। সৰু হ’লেও এই নদীবোৰ দুয়োখন দেশৰ স্থানীয় কৃষি, মীন পালন আৰু পৰিস্থিতিতন্ত্ৰৰ বাবে গুৰুত্বপূৰ্ণ। ইয়াৰে বহুতো নদীৰ আনুষ্ঠানিক চুক্তি বা সন্ধি নাই, যাৰ ফলত বিবাদ আৰু অসংযোজিত ব্যৱস্থাপনা পদ্ধতিৰ সৃষ্টি হয়।

আন্তঃসীমনা নদীবোৰে কেনেদৰে বানপানীৰ বিপদাশংকা সৃষ্টি কৰে?

ভাৰত আৰু বাংলাদেশৰ মাজত আন্তঃসীমনা নদীৰ ফলত হোৱা বানপানীৰ বিষয়টো হৈছে এক গতানুগতিক আৰু গুৰুতৰ সমস্যা যি দুয়োখন দেশৰ লাখ লাখ লোকক প্ৰভাৱিত কৰে। ভৌগোলিক, জল বিজ্ঞান আৰু বতৰ বিজ্ঞানৰ কাৰকবোৰে, মানৱীয় আৰু আন্তঃগাঁথনিৰ বিকাশমূলক কাৰ্যকলাপৰ সৈতে মিলি অঞ্চলটোত সঘনাই হোৱা বিধ্বংসী বানপানীত অৰিহণা যোগায়।

বানপানীৰ প্ৰাকৃতিক কাৰণবোৰ কি?

ভাৰতীয় উপমহাদেশত হোৱা ধাৰাসাৰ মৌচুমী বৰষুণে আন্তঃসীমনা নদীসমূহৰ বানপানীত গুৰুত্বপূৰ্ণ অৰিহণা যোগায় ৷ তাৰ সৈতে যেতিয়া হিমালয়ৰ পৰা গলি অহা বৰফবোৰো যোগ হয়, নদীবোৰৰ পানীৰ স্তৰ নাটকীয়ভাৱে বৃদ্ধি হয়, প্ৰায়ে বেষ্টনী ভাঙি যায় আৰু ব্যাপক বানপানীৰ সৃষ্টি কৰে। ভাৰতৰ উচ্চ অঞ্চলৰ পৰা বাংলাদেশৰ সমভূমিলৈ ঢলীয়া হোৱাৰ ফলত নদীবোৰ দ্ৰুতগতিত আৰু যথেষ্ট শক্তিৰে প্ৰবাহিত হয়, যাৰ ফলত খহনীয়া, নদীৰ পাৰ স্খলন, আৰু চাপৰ অঞ্চলত বানপানী হয়।

আন কাৰণবোৰ কি?

ভাৰতত জলসিঞ্চন, বান নিয়ন্ত্ৰণ বা জলবিদ্যুতৰ বাবে নিৰ্মাণ কৰা বান্ধ, বেৰেজ আৰু বেষ্টনীবোৰে নদীৰ প্ৰাকৃতিক প্ৰবাহ ব্যাহত কৰিব পাৰে। যদিও এই গাঁথনিবোৰ বানপানী নিয়ন্ত্ৰণৰ বাবে, এইবোৰে বাংলাদেশত নিম্নাংশত সমস্যাৰ সৃষ্টি কৰিব পাৰে, বিশেষকৈ যেতিয়া এইসমূহে ভৰবাৰিষা কালত পানী এৰি দিয়ে। উদাহৰণ স্বৰূপে, কলকাতা বন্দৰৰ প্ৰয়োজনীতা বজাই ৰখাৰ বাবে, বাংলাদেশৰ সীমান্তৰ ওচৰত ভাৰতে নিৰ্মাণ কৰা ফাৰাক্কা বেৰেজক, গংগা নদীৰ পৰা হুগলী নদীলৈ পানীৰ দিশ সলনি কৰাৰ উদ্দেশ্য লৈ প্ৰস্তুত কৰা হৈছিল। অৱশ্যে, বাৰিষা ঋতুত, বেৰেজে বাংলাদেশত ওলোটা স্ৰোত সৃষ্টি কৰি আৰু বানপানীৰ প্ৰাকৃতিক নিষ্কাশনত বাধা প্ৰদান কৰি বানপানী বৃদ্ধি কৰিব পাৰে।

হিমালয় আৰু উত্তৰ-পূব ভাৰতৰ ওখ অঞ্চলবোৰত ব্যাপক বনধ্বংসৰ ফলত ভূমিৰ বৰষুণ শোষণ কৰাৰ ক্ষমতা হ্ৰাস হয়, যাৰ ফলত নদীপৃষ্ঠৰ প্ৰবাহ বৃদ্ধি হয় আৰু নদীবোৰ বাম হৈ উঠে। দ্ৰুত নগৰায়ন আৰু ভাৰত আৰু বাংলাদেশ দুয়োখন দেশতে ভূমি ব্যৱহাৰৰ পৰিৱৰ্তনৰ ফলত বানৰ প্ৰাকৃতিক সমভূমি হ্ৰাস পাইছে, যিয়ে পৰম্পৰাগতভাৱে বানপানীৰ সময়ত সুৰক্ষাৰ কাম কৰিছিল। নদীৰ পাৰসমূহ আৰু জলাশয়ৰ ওপৰত হোৱা বেদখলে বানপানীৰ সমস্যাক অধিক বৃদ্ধি কৰিছে।

এই আন্তঃসীমনা নদীবোৰৰ ফলত হোৱা বানপানীৰ প্ৰভাৱ কি কি?

বানপানীয়ে শস্য ধ্বংস কৰে, বিশেষকৈ বাংলাদেশত, য'ত কৃষি হৈছে অৰ্থনীতিৰ এক মুখ্য অংশ। শস্যৰ ক্ষতিয়ে কেৱল খাদ্য সুৰক্ষাই প্ৰভাৱিত নকৰে, লগতে কৃষক আৰু বহল অৰ্থনীতিৰ বাবে দীৰ্ঘম্যাদী অৰ্থনৈতিক পৰিণামও প্ৰভাৱিত কৰে। বানপানীৰ সময়ত ৰাস্তা, দলং, ঘৰ আৰু অন্যান্য আন্তঃগাঁথনি প্ৰায়ে গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত বা ধ্বংস হয়। এই আন্তঃগাঁথনিৰ পুনৰ নিৰ্মাণ আৰু মেৰামতিৰ ব্যয় ভাৰত আৰু বাংলাদেশ দুয়োৰে বাবে এক গুৰুত্বপূৰ্ণ বোজা। পাৰিপাৰ্শ্বিক প্ৰভাৱো আছে। বানপানীৰ ফলত মাটিৰ ব্যাপক খহনীয়া হয়, বিশেষকৈ ভাৰতৰ নদীবোৰৰ ওপৰভাগত। ক্ষয় হোৱা সামগ্ৰীবোৰ তলৰ ফালে জমা হয়, যাৰ ফলত নদীৰ তলত পলস হয় আৰু বানপানীৰ আশংকা অধিক বৃদ্ধি হয়।

সমাধানৰ পথ কি?

যদিও ইউনুছে ভাৰত আৰু বাংলাদেশৰ মাজত এখন উচ্চ-পৰ্যায়ৰ সমিতি গঠনৰ প্ৰস্তাৱ দিছে, বিষয়টো হ'ল ইতিমধ্যে দুয়োখন দেশৰ জলসম্পদ মন্ত্ৰীসকলৰ নেতৃত্বত এখন ১৯৭২ চনত গঠিত এক যুটীয়া নদী আয়োগৰ (জেআৰচি) এই ক্ষেত্ৰত উপস্থিতি । দুয়োখন দেশৰ অংশীদাৰী জলসম্পদৰ বিষয়ে আলোচনা আৰু পৰিচালনাৰ বাবে ই এক গুৰুত্বপূৰ্ণ মঞ্চ। জে.আৰ.চি. এ বানপানীৰ পূৰ্বানুমান, তথ্য ভাগ-বটোৱাৰা, আৰু বানপানীৰ বিপদাশংকা হ্ৰাস কৰাৰ বাবে নদী প্ৰণালীৰ ব্যৱস্থাপনাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

আনকি, বৃহস্পতিবাৰে নিজৰ বিবৃতিত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে গোমতী নদীৰ পানীৰ স্তৰৰ বৰ্ধিত প্ৰৱণতা দেখুওৱা তথ্য ২১ আগষ্টৰ আবেলি ৩ বজালৈকে বাংলাদেশলৈ যোগান ধৰা হৈছিল। উক্ত দিনা সন্ধিয়া 6 বজাত, বানপানীৰ বাবে, বিদ্যুৎ বিভ্ৰাট হৈছিল যাৰ ফলত যোগাযোগৰ সমস্যা হৈছিল। মন্ত্ৰালয়ে কয়, "তথাপিও, আমি তথ্যৰ জৰুৰী প্ৰেৰণৰ বাবে সৃষ্টি কৰা অন্যান্য উপায়েৰে যোগাযোগ বজাই ৰখাৰ চেষ্টা কৰিছো ।"

লগতে পঢ়ক: বাংলাদেশত তিস্তা নদী ব্যৱস্থাপনা প্ৰকল্প অধ্যয়ন কৰিবলৈ ভাৰতে কিয় কাৰিকৰী দল প্ৰেৰণ কৰিব ? - Teesta River

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.