ETV Bharat / international

হুথি বিদ্ৰোহীৰ আক্ৰমণত গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত বেলিজৰ পতাকা থকা জাহাজ - ক্ষেপণাস্ত্ৰ নিক্ষেপ

Houthi rebels attack: হুথি বিদ্ৰোহীৰ আক্ৰমণে লোহিত সাগৰলৈ যোৱা মূল জলপথত বেলিজৰ পতাকা থকা এখন জাহাজৰ গুৰুতৰ ক্ষতিসাধন কৰে ৷ সোমবাৰে কৰ্তৃপক্ষই জনোৱা মতে, য়েমেনৰ হুথি বিদ্ৰোহীৰ ক্ষেপণাস্ত্ৰ নিক্ষেপৰ ফলত লোহিত সাগৰ আৰু এডেন উপসাগৰক সংযোগ কৰা বাব এল মাণ্ডেব জলপথৰ মাজেৰে যাত্ৰা কৰা বেলিজৰ পতাকা থকা জাহাজখনৰ ক্ষতিসাধন হয় ।

Houthi rebels attack
Israel's war targeting Hamas in the Gaza Strip
author img

By PTI

Published : Feb 20, 2024, 8:18 AM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, 20 ফেব্ৰুৱাৰী: হুথি বিদ্ৰোহীৰ আক্ৰমণে লোহিত সাগৰলৈ যোৱা মূল জলপথত বেলিজৰ পতাকা থকা এখন জাহাজৰ গুৰুতৰ ক্ষতিসাধন কৰে ৷ সোমবাৰে কৰ্তৃপক্ষই জনোৱা মতে, য়েমেনৰ হুথি বিদ্ৰোহীৰ ক্ষেপণাস্ত্ৰ নিক্ষেপৰ ফলত লোহিত সাগৰ আৰু এডেন উপসাগৰক সংযোগ কৰা বাব এল মাণ্ডেব জলপথৰ মাজেৰে যাত্ৰা কৰা বেলিজৰ পতাকা থকা জাহাজখনৰ ক্ষতিসাধন হয় ।

আন এখন জাহাজ এডেন উপসাগৰত দুবাৰকৈ আক্ৰমণৰ বলি হোৱা বুলি জানিব পৰা গৈছে । ব্ৰিটিছ সেনাৰ ইউনাইটেড কিংডম মেৰিটাইম ট্ৰেড অপাৰেচন চেণ্টাৰে প্ৰকাশ কৰা অনুসৰি দেওবাৰে হুথিয়ে আক্ৰমণৰ লক্ষ্য কৰি লোৱা জাহাজখনৰ ওচৰতে বিস্ফোৰণৰ ফলত ক্ষতিগ্ৰস্ত হোৱাৰ বাতৰি পোৱা গৈছে । সামৰিক কৰ্তৃপক্ষই ক্ৰুৱে জাহাজখন পৰিত্যাগ কৰিছে বুলি ইউকেএমটিঅ’ই জনায় । বৰ্তমান সকলো ক্ৰু নিৰাপদ ।

হুথি ব্ৰিগ. জেনেৰেল ইয়াহ্যা শাৰীয়ে এক বিবৃতি জাৰি কৰি এই আক্ৰমণৰ কথা স্বীকাৰ কৰি পিছত জাহাজখন ডুব যায় বুলি কয় । জাহাজখন ডুব যোৱাৰ কোনো নিশ্চয়তা পোৱা হোৱা নাই । জাহাজখনৰ গুৰুতৰ ক্ষতিসাধন হোৱাৰ লগতে সম্পূৰ্ণভাৱে স্তব্ধ হৈ পৰে বুলি শাৰীয়ে জনায় । অভিযানৰ সময়ত জাহাজৰ কৰ্মীসকলে যাতে নিৰাপদে ওলাই যাব পাৰে তাৰ বাবে হুথি গোট সৰ্তক হৈ আছিল বুলি জনায় ।

ব্যক্তিগত নিৰাপত্তা সংস্থা এম্ব্ৰেয়ে জনোৱা মতে, ব্ৰিটিছ পঞ্জীয়নভুক্ত লেবানন পৰিচালিত মালবাহী জাহাজখনে সংযুক্ত আৰব আমিৰশ্বাহীৰ খোৰফাকানৰ পৰা বুলগেৰিয়ালৈ গৈ আছিল । দ্য এছ’চিয়েটেড প্ৰেছে জাহাজখনক ৰুবিমাৰ বুলি চিনাক্ত কৰিছে । পিছত হুথিয়েও জাহাজখনক ৰুবিমাৰ বুলি চিনাক্ত কৰে, লগতে আমেৰিকাৰ সেনাৰ চেণ্ট্ৰেল কমাণ্ডেও জাহাজখনক ৰুবিমাৰ বুলি চিনাক্ত কৰিছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

চেণ্ট্ৰেল কমাণ্ডে জনোৱা মতে, এই আক্ৰমণত দুটা জাহাজ বিৰোধী বেলিষ্টিক মিছাইল জড়িত হৈ আছে, য’ত এটাই ৰুবীমাৰত আঘাত হানে । এম্ব্ৰেয়ে জাহাজখন আংশিকভাৱে মাল ভৰ্তি বুলি বৰ্ণনা কৰিছিল যদিও জাহাজখনে কি কঢ়িয়াই লৈ ফুৰিছিল সেয়া তৎক্ষণাত স্পষ্ট হোৱা নাছিল ।

সোমবাৰে ইউকেএমটিঅ’ আৰু এম্ব্ৰেয়ে কয় যে এডেন উপসাগৰত দ্বিতীয়খন জাহাজ আক্ৰমণৰ বলি হয় । এম্ব্ৰেয়ে জাহাজখনক গ্ৰীক পতাকাযুক্ত, আমেৰিকাৰ মালিকানাধীন বাল্ক কেৰিয়াৰ বুলি অভিহিত কৰিছে যিয়ে য়েমেনৰ এডেনলৈ যোৱা আৰু আৰ্জেণ্টিনাৰ পৰা শস্য কঢ়িয়াই লৈ ফুৰিছিল । তাৰ পিছত দিনটোৰ অন্তত সেই একেখন জাহাজেই পুনৰ আক্ৰমণৰ বলি হ’ল ।

নৱেম্বৰৰ পৰা গাজা ষ্ট্ৰিপত হামাছক লক্ষ্য কৰি ইজৰাইলে চলাই অহা যুদ্ধৰ ওপৰত বিদ্ৰোহীসকলে বাৰে বাৰে লোহিত সাগৰ আৰু ইয়াৰ আশে-পাশে থকা জলসীমাৰ জাহাজক লক্ষ্য কৰি লৈছে । ইজৰাইলৰ সৈতে ক্ষীণ বা কোনো স্পষ্ট সম্পৰ্ক নথকা জাহাজসমূহক তেওঁলোকে সঘনাই লক্ষ্য কৰি লৈছে ৷ যাৰ ফলত এছিয়া, মধ্যপ্ৰাচ্য আৰু ইউৰোপৰ মাজত বাণিজ্যৰ বাবে এটা মূল পথত জাহাজ চলোৱাৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক: আমেৰিকাৰ এম কিউ-9 ড্ৰ’নক আক্ৰমণ হুথি বিদ্ৰোহী গোটৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.