ETV Bharat / international

কানাডাত পুনৰ হিন্দু মন্দিৰত আক্ৰমণ - Canada Hindu temple vandalised

Canada Hindu temple vandalised: কানাডাৰ এডমণ্টনৰ বিএপিএছ স্বামীনাৰায়ণ মন্দিৰত দুৰ্বৃত্তই আক্ৰমণ কৰে । এই ঘটনাক তীব্ৰ গৰিহণা নেপিয়ানৰ সাংসদ চন্দ্ৰ আৰ্যৰ । হিন্দু মন্দিৰত নিৰাপত্তা বৃদ্ধিৰ আহ্বান কানাডাবাসীৰ ।

author img

By ANI

Published : Jul 23, 2024, 10:58 AM IST

Canada Hindu temple vandalised
কানাডাৰ হিন্দু মন্দিৰত পুনৰ আক্ৰমণ (ANI)

ইণ্টাৰনেশ্যনেল ডেস্ক, ২৩ জুলাই : কানাডাত হিন্দু উপাসনাস্থলীত পুনৰ আক্ৰমণ । এডমণ্টনৰ বিএপিএছ স্বামীনাৰায়ণ মন্দিৰত পুনৰ দুৰ্বৃত্তৰ আক্ৰমণ । দুৰ্বৃত্তই মন্দিৰটো ভাঙি লণ্ড ভণ্ড কৰে । এই ঘটনাক লৈ কানাডাত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে । নেপিয়ানৰ সাংসদ চন্দ্ৰ আৰ্যই হিন্দু-কানাডিয়ান সম্প্ৰদায়ৰ ওপৰত হোৱা এনে আক্ৰমণৰ ওপৰত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে । এক্সৰ এটা পোষ্টত নেতাগৰাকীয়ে কয় যে এডমণ্টনৰ হিন্দু মন্দিৰ বিএপিএছ স্বামীনাৰায়ণ মন্দিৰত পুনৰ আক্ৰমণ হৈছে । যোৱা কেইবছৰমানৰ ভিতৰত গ্ৰেটাৰ টৰণ্টো এলেকা, ব্ৰিটিছ কলম্বিয়া আৰু কানাডাৰ অন্যান্য স্থানৰ হিন্দু মন্দিৰবোৰত আক্ৰমণ কৰা হৈছে ।

শেহতীয়া আক্ৰমণটোৱে ধৰ্মীয় অসহিষ্ণুতাৰ এক দুখজনক প্ৰৱণতাক অংকিত কৰিছে । যোৱা বছৰ উইণ্ডছৰৰ এটা হিন্দু মন্দিৰ ভাৰত বিৰোধী সংগঠনে আক্ৰমণ কৰিছিল । যাৰ ফলত দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । কানাডিয়ান আৰু ভাৰতীয় বিষয়াৰ পৰা ব্যৱস্থা গ্ৰহণৰ আহ্বান জনোৱা হৈছিল । পূৰ্বৰ মিচিচাগা আৰু ব্ৰেম্পটনৰ ঘটনাবোৰত মন্দিৰবোৰ একেদৰে লক্ষ্য কৰি লোৱা হৈছিল । এনে পৰিস্থিতিত কানাডাৰ ভাৰতীয় সম্প্ৰদায়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল । বহু সাংস্কৃতিক বিষয়ত মাত মাতি অহা সাংসদ আৰ্যই কানাডাৰ খালিস্তানী উগ্ৰপন্থীসকলক টাৰ্গেট কৰি লয় । খালিস্তানী উগ্ৰপন্থীৰ ভাষ্যই মুকলিকৈ ঘৃণা আৰু হিংসাৰ উচটনি দিছে বুলি তেওঁ অভিযোগ কৰে ।

তেওঁৰ মতে হিন্দু কানাডিয়ানসকল এই বিষয়ক লৈ চিন্তিত । কানাডাৰ প্ৰশাসনক এই বিষয়টো গুৰুত্ব সহকাৰে ল'বলৈ তেওঁ আহ্বান জনায় । তেওঁ উল্লেখ কৰা মতে বিগত বছৰ শিখছ ফৰ জাষ্টিছৰ গুৰপতৱন্ত সিং পান্নুনে ৰাজহুৱাভাৱে হিন্দুসকলক ভাৰতলৈ ঘূৰি যাবলৈ আহ্বান জনাইছিল । খালিস্তানী সমৰ্থকসকলে ব্ৰেম্পটন আৰু ভেঙ্কুভাৰত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ হত্যা আৰু মাৰাত্মক অস্ত্ৰৰ ছবি প্ৰদৰ্শন কৰি ৰাজহুৱাভাৱে প্ৰতিবাদ সাব্যস্ত কৰিছিল ।

এই ঘটনাটো সন্দৰ্ভত আন এগৰাকী কানাডিয়ান ৰাজনৈতিক নেতাইও সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । তেওঁ উল্লেখ কৰা মতে এডমণ্টন বিএপিএছ মন্দিৰৰ দেৱালত ঘৃণনীয় বাক্য লিখা হৈছে । কানাডাৰ হাউচ অৱ কমন্সৰ সদস্য ৰাণ্ডি বোইচোনল্টে এক্সৰ এটা পোষ্টত কয় যে কানাডাত ঘৃণাৰ কোনো স্থান নাই । উপাসনাস্থলীত ঘৃণাৰ স্থান নাই । এই ঘটনাটো কানাডাৰ চহৰৰ মূল্যবোধৰ বিপৰীত । কানাডাৰ প্ৰশাসনক এই ভাবুকিবোৰ সমাধান কৰিবলৈ আৰু কানাডাৰ সকলো ধৰ্মীয় সম্প্ৰদায়ৰ সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰিবলৈ তেওঁ ব্যৱস্থা ল'বলৈ আহ্বান জনায় । ইফালে এই ঘটনাবোৰে হিন্দু মন্দিৰত নিৰাপত্তা ব্যৱস্থা তীব্ৰতৰ কৰাৰো আহ্বান জনোৱা হৈছে ।

লগতে পঢ়ক :ট্ৰাম্প কেনে প্ৰকৃতিৰ লোক মই জানো: কমলা হেৰিছ - US presidential election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.