ETV Bharat / international

কাৰাচীৰ চৰকাৰী হাস্পতালত অগ্নিকাণ্ড, ৭ কৰ্মচাৰী আহত

Karachi hospital blast: পাকিস্তানৰ কাৰাচীৰ সিন্ধ চৰকাৰী চিকিৎসালয়ত বিস্ফোৰণ । জৰুৰীকালীন কোঠাত অগ্নিকাণ্ডৰ পিচতে হুলস্থূলীয়া পৰিৱেশ । হাস্পতালৰ ৭ গৰাকী কৰ্মচাৰী গুৰুতৰভাৱে আহত ।

Karachi government hospital fire
কাৰাচীৰ চৰকাৰী হাস্পতালত অগ্নিকাণ্ড
author img

By ANI

Published : Feb 12, 2024, 1:45 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক,১২ ফেব্ৰুৱাৰী : পাকিস্তানৰ কাৰাচীৰ এখন চৰকাৰী হাস্পতালত ভয়ংকৰ অগ্নিকাণ্ড । সিন্ধ চৰকাৰী চিকিৎসালয় লিয়াকতাবাদৰ জৰুৰীকালীন কোঠাত সংঘটিত এই অগ্নিকাণ্ডৰ ফলত ৭ গৰাকী কৰ্মচাৰী গুৰুতৰভাৱে আহত হৈছে । আৰক্ষী সূত্ৰৰ মতে চিকিৎসালয়ৰ ভিতৰত সম্ভাৱ্য বিস্ফোৰণ সম্পৰ্কে খবৰ পোৱাৰ পিচতে আৰক্ষী বাহিনী ঘটনাস্থলীত উপস্থিত হয় ।

আহত লোকসকলক চিকিৎসাৰ বাবে কাৰাচীৰ ডাঃ ৰুথ ফাউ অসামৰিক চিকিৎসালয় বাৰ্ণ চেণ্টাৰলৈ স্থানান্তৰ কৰা হৈছে । ইফালে সম্ভাৱ্য বিস্ফোৰণৰ প্ৰতি লক্ষ্য ৰাখি বোমা বিশেষজ্ঞৰ দল সেই স্থানলৈ স্থানান্তৰ কৰা হৈছে বুলি জানিব পৰা গৈছে ।

স্থানীয় আৰক্ষীৰ মতে প্ৰাৰম্ভিক অনুসন্ধানত প্ৰকাশ পাইছে যে চিকিৎসালয়ৰ জৰুৰীকালীন ৱাৰ্ডত শ্বৰ্ট চাৰ্কিটৰ ফলত জুই লাগিছিল । তাত এটা ৰেফ্ৰিজেৰেটৰ কম্প্ৰেচাৰ আছিল য'ত ঔষধ আছিল আৰু অগ্নিকাণ্ডৰ ফলত সেইটো বিস্ফোৰিত হৈছে ।

হাস্পতাল কৰ্তৃপক্ষৰ মতে এই ঘটনাত আহতসকল হাস্পতালৰ কৰ্মচাৰী । তেওঁলোকৰ ৪ জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে । ঘটনাটোক লৈ হাস্পতাল কৰ্তৃপক্ষ কঠোৰ হৈছে । স্বাস্থ্য সেৱাৰ প্ৰাদেশিক সঞ্চালক প্ৰধানে ইতিমধ্যে ঘটনাটোৰ বিভাগীয় তদন্তৰ বাবে সমিতি গঠনৰ নিৰ্দেশনা জাৰী কৰিছে । এই ঘটনাৰ দোষীক চিনাক্ত কৰি কঠোৰ শাস্তি প্ৰদানৰো তেওঁ উল্লেখ কৰিছে । নিৰ্দেশনা অনুসৰি সমিতিয়ে ৩ দিনৰ ভিতৰত তদন্তৰ প্ৰতিবেদন প্ৰস্তুত কৰিব লাগিব ।

ইফালে, বোমা বিশেষজ্ঞ দলে প্ৰতিবেদনত কৈছে যে তলৰ মহলাত অৱস্থিত চিকিৎসালয়খনৰ জৰুৰীকালীন বিভাগত জুই লাগিছিল । দলটোৱে উল্লেখ কৰা মতে বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতে জুইৰ সূত্ৰপাত হৈছিল । ৰেফ্ৰিজেৰেটৰৰ কম্প্ৰেচাৰ ধ্বংসপ্ৰাপ্ত হোৱাৰ ফলত কোঠাটোৰ অলপ ক্ষতি হৈছে । আনহাতে প্ৰতিবেদন অনুসৰি বোমা বিশেষজ্ঞ দলে তাত কোনো ধৰণৰ বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰা নাই ।

লগতে পঢ়ক :নৱাজ নে শ্বাহবাজ - কোন হ’ব পাকিস্তানৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.