ইণ্টাৰনেচনেল ডেস্ক, ৩ এপ্ৰিল : তুৰস্কৰ কেন্দ্ৰীয় ইস্তাম্বুলৰ এটা নাইট ক্লাবত সংঘটিত অগ্নিকাণ্ডত কমেও ২৯ জন লোক নিহত আৰু এজন আহত হয় । চহৰখনৰ ৰাজ্যপালৰ কাৰ্যালয়ে জনোৱা অনুসৰি, দিনৰ ভাগত ভৱনটোৰ নৱীকৰণৰ কাম চলি থকাৰ সময়ত এই দুৰ্ঘটনাটো সংঘটিত হয় ।
"অগ্নিদগ্ধ হৈ প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ২৯ গৰাকীলৈ বৃদ্ধি পাইছে ।" ৰাজ্যপালৰ কাৰ্যালয়ে মঙলবাৰে এক বিবৃতিত এই কথা জনাইছে । আনহাতে, অগ্নিদগ্ধ এজন লোক এতিয়াও চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে বুলি বিবৃতিটোত কোৱা হৈছে ।
মঙলবাৰে গাইৰেটপে জিলাৰ আৱাসিক অঞ্চলত অৱস্থিত এটা ১৬ মহলীয়া অট্টালিকাৰ তলৰ মহলাত এই অগ্নিকাণ্ড সংঘটিত হয় ।
ৰাজ্যপালৰ কাৰ্যালয়ে জনোৱা অনুসৰি, অগ্নিকাণ্ড স্থানীয় সময় অনুসৰি ১২.৪৭ বজাত সংঘটিত হয় আৰু ইয়াৰে কেইঘণ্টামান পিচতহে অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হয় ।
ঘটনাটোৰ তদন্ত ইতিমধ্যে আৰম্ভ কৰা হৈছে বুলিও বিভাগীয় সূত্ৰত প্ৰকাশ । আনহাতে, ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, ক্লাবটোৰ পৰিচালনাৰ সৈতে জড়িত আৰু নবীকৰণৰ সৈতে জড়িত ব্যক্তিকে ধৰি পাঁচজন লোকৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰা হৈছে ।
জানিব পৰা মতে, দুপৰীয়ালৈকে প্ৰায় ২০ খন অগ্নিনিৰ্বাপক গাড়ীয়ে জুই নিৰ্বাপণৰ চেষ্টা কৰে ।
সংবাদ মধ্যমৰ সূত্ৰ অনুসৰি ৰমজান মাহ উপলক্ষে ক্লাবটো বন্ধ আছিল আৰু মেৰামতিৰ কাম চলি আছিল । আগন্তুক সপ্তাহত অনুষ্ঠিত হ’বলগা ঈদৰ বন্ধৰ বাবে নাইট ক্লাবটোৰ প্ৰস্তুতি চলি আছিল ।
অৱশ্যে দুৰ্ঘটনাটোত মৃত্যুৰ সংখ্যা প্ৰথমতে কম আছিল যদিও চিকিৎসালয়ত স্থানান্তৰিত কৰাৰ পিচত মানুহৰ মৃত্যু হোৱাৰ ফলত মৃত্যুৰ সংখ্যা বৃদ্ধি পায় ।
মাস্কেৰেড ৱেবছাইট অনুযায়ী, এই ক্লাবটো নতুন ডিজাইনৰ নবীকৰণৰ বাবে ১০ মাৰ্চৰ পৰা ১০ এপ্ৰিললৈ বন্ধ ৰখা হৈছে । নাইট ক্লাবটোত সপ্তাহত কেইবাবাৰো ডিজে আৰু মঞ্চত অনুষ্ঠান প্ৰদৰ্শন কৰা হয় আৰু তাত 4,000 লৈকে লোকক আতিথ্য দিব পাৰি বুলি সূত্ৰত কোৱা হৈছে ।
লগতে পঢ়ক :ইজৰাইলী সেনাৰ আক্ৰমণত ৪ বিদেশী সাহায্য কৰ্মী নিহত - Israel Hamas War