ETV Bharat / international

"মোৰ কোম্পানীত নিষিদ্ধ হ'ব এপল ডিভাইচ"; ইলন মাস্কে কিয় দিলে এই ভাবুকি ? - Elon Musk threatens Apple

Elon Musk threatens Apple: টেছলাৰ মুৰব্বী ইলন মাস্কৰ ঘোষণা তেওঁ তেওঁৰ কোম্পানীত এপলৰ সকলো ডিভাইচ নিষিদ্ধ কৰিব । এপলক কিয় এই ভাবুকি দিলে মাস্কে ?

author img

By ANI

Published : Jun 11, 2024, 10:06 AM IST

Elon Musk threatens Apple
এপল ডিভাইচ নিষিদ্ধ কৰাৰ ভাবুকি মাস্কৰ (ANI)

ইণ্টাৰনেশ্যনেল ডেস্ক,১১ জুন : আইফোন নিৰ্মাতা এপলে সোমবাৰে অপেনএআইৰ সৈতে অংশীদাৰিত্ব ঘোষণা কৰে । এই ঘোষণাৰ পিচতে টেছলা, স্পেচএক্সৰ মুখ্য কাৰ্যবাহী আৰু এক্সৰ মুৰব্বী ইলন মাস্কৰ মুকলি প্ৰত্যাহ্বান । ইলন মাস্কে এপলক ইয়াক 'অগ্ৰহণযোগ্য নিৰাপত্তা উলংঘন' বুলি অভিহিত কৰি তীব্ৰ সমালোচনা কৰে ।

এপলক ভাবুকি প্ৰদান কৰি মাস্কে কয় যে যদি এনে হয় তেওঁ তেওঁৰ কোম্পানীৰ পৰা সকলো এপল ডিভাইচ নিষিদ্ধ কৰিবলৈ বাধ্য হ'ব । মাস্কে এক্সত কেইবাটাও পোষ্টত ব্যৱহাৰকাৰীৰ তথ্যৰ সুৰক্ষাৰ ওপৰত উদ্বেগ প্ৰকাশ কৰে ।

দুয়োটা কোম্পানীৰ মাজত একত্ৰীকৰণক 'এক অগ্ৰহণযোগ্য নিৰাপত্তা উলংঘন' বুলি অভিহিত কৰি মাস্কে কয়, "এইটো নিবিচাৰো । হয় এই ভয়ংকৰ স্পাইৱেৰটো বন্ধ কৰক নতুবা মোৰ কোম্পানীৰ পৰা সকলো এপল ডিভাইচ নিষিদ্ধ কৰা হ'ব ।" এপলৰ মুখ্য কাৰ্যবাহী বিষয়া টিম কুকৰ এক্সৰ এটা পোষ্টৰ সঁহাৰি হিচাপে মাস্কে এই কথা উল্লেখ কৰে ।

উল্লেখ্য যে, আইফোন, আইপেড আৰু মেকৰ বাবে এপল ইণ্টেলিজেন্সৰ কথা উল্লেখ কৰি কুকে এক্সৰ পোষ্টত লিখিছিল, "ই শক্তিশালী আৰু ব্যক্তিগত আৰু ইয়াক আপুনি প্ৰতিদিনে নিৰ্ভৰ কৰা এপবোৰত একত্ৰিত কৰা হয় । এপল ইণ্টেলিজেন্স এআইত আমাৰ পৰৱৰ্তী অধ্যায় ।" এপলৰ মুখ্য কাৰ্যবাহী বিষয়া টিম কুকৰ এই পোষ্টৰ পিচতে টেছলাৰ মুখ্য কাৰ্যবাহী বিষয়াই এপলক ভাবুকি প্ৰদান কৰে ।

এপলে সোমবাৰে আইফোন, আইপেড আৰু মেকৰ বাবে ব্যক্তিগত বুদ্ধিমত্তা প্ৰণালী 'এপল ইণ্টেলিজেন্স' প্ৰৱৰ্তন কৰে । এপল ইণ্টেলিজেন্স আই.ও.এছ. ১৮, আই.পেড.ও.এছ. ১৮ আৰু মেকঅ'এছ চিকুয়াত একত্ৰিত হৈছে ।

এআইৰ একত্ৰিকৰণৰ জৰিয়তে নিৰাপত্তা আৰু গোপনীয়তাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি মাস্কে লগতে কয় যে এপল তেওঁলোকৰ নিজৰ এআই বনাবলৈ পৰ্যাপ্ত স্মাৰ্ট নহয়, তথাপিও অপেনএআইয়ে আপোনাৰ সুৰক্ষা আৰু গোপনীয়তা সুৰক্ষিত কৰিব বুলি নিশ্চিত কৰিবলৈ কোনো প্ৰকাৰে সক্ষম হোৱাটো নিশ্চিত কৰিবলৈ অসক্ষম !

লগতে পঢ়ক :চাবাহাৰ বন্দৰৰ ওপৰত ভাৰত-ইৰাণ চুক্তিৰ প্ৰভাৱ - India Iran Chabahar Port Deal

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.