ETV Bharat / international

আৰ্জেণ্টিনাৰ সীমান্তৱৰ্তী উত্তৰ চিলিত শক্তিশালী ভূমিকম্প; ৰিখটাৰ স্কেলত প্ৰাবল্য 7.4 - Quake Strikes North Chile - QUAKE STRIKES NORTH CHILE

Quake Strikes North Chile : উত্তৰ চিলিৰ ছান পেড্ৰো দে আটাকামাৰ ওচৰত 7.4 প্ৰাবল্যৰ এক প্ৰবল ভূমিকম্পৰ কম্পন অনুভৱ হয় । ইয়াৰ ফলত ৰাজপথত শিল পৰা আৰু বিদ্যুৎ ব্যাঘাতৰ দৰে সৰু-সুৰা ঘটনা সংঘটিত হয় । প্ৰথমাৱস্থাত ৰাষ্ট্ৰপতিয়ে কোনোধৰণৰ গুৰুতৰ আঘাত বা বৃহৎ ক্ষতিৰ বিষয়ে নিশ্চিত কৰা নাই ।

Quake Strikes North Chile
প্ৰতিনিধিত্বমূলক ছবি (ETV Bharat File Photo)
author img

By ANI

Published : Jul 19, 2024, 2:13 PM IST

নিউজ ডেস্ক, ১৯ জুলাই : আমেৰিকাৰ ভূতাত্ত্বিক জৰীপ বিভাগৰ তথ্য অনুসৰি, বৃহস্পতিবাৰে নিশাৰ ভাগত আৰ্জেণ্টিনাৰ সীমান্তৱৰ্তী উত্তৰ চিলিত 7.4 প্ৰাবল্যৰ ভূমিকম্প সংঘটিত হয় । এই ভূমিকম্পৰ ফলত কোনোধৰণৰ আঘাত বা বৃহৎ ক্ষতিৰ কোনো তাৎক্ষণিক খবৰ পোৱা হোৱা নাই । ইউ এছ জি এছৰ মতে, ভূমিকম্পটোৰ অভিকেন্দ্ৰ হৈছে চিলিৰ ছান পেড্ৰো দে আটাকামাৰ পৰা ৪৫ কিলোমিটাৰ (২৮ মাইল) পূব-দক্ষিণ-পূবত আৰু ইয়াৰ গভীৰতা আছিল ১১৭ কিলোমিটাৰ । সংবাদ প্ৰতিষ্ঠান এ এফ পিৰ মতে, ভূমিকম্পটো নিশা ৯.৫১ বজাত (স্থানীয় সময় অনুসৰি) সংঘটিত হয় ।

ৰাষ্ট্ৰপতি গেব্ৰিয়েল বৰিকে ছ'চিয়েল প্লেটফৰ্ম এক্সত লিখিছে যে প্ৰাথমিক তথ্য অনুসৰি, আঘাত বা গুৰুতৰ ক্ষতিৰ কোনো খবৰ অহা নাই । আনহাতে, ভূমিকম্পটোৰ বাবে কোনো ছুনামিৰ সতৰ্কতাও দিয়া হোৱা নাই ।

পৰৱৰ্তী সময়ত ৰাষ্ট্ৰপতি বৰিকে কয় যে কিছুমান শিল ঢিলা হৈ কেলামা চহৰৰ পৰা টোকোপিলা সংযোগী ঘাইপথত পৰে আৰু ছান পেড্ৰো দে আটাকামাত বিদ্যুৎ সেৱা বিঘ্নিত হয় । তেওঁ কয় যে কৰ্তৃপক্ষই এই সন্দৰ্ভত তথ্য সংগ্ৰহ কৰি আছে ।

আনহাতে, চিলিৰ ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰতিৰোধ আৰু সঁহাৰি সেৱাই কয় যে টাৰাপাকা, এণ্টোফাগাষ্টা, আটাকামা, ককুইম্বো, আৰিকা আৰু পৰিনাকোটাকে ধৰি দেশৰ কেইবাটাও অঞ্চলত বিভিন্ন তীব্ৰতাৰে এই ভূমিকম্পৰ জোকাৰণি অনুভৱ কৰা হয় ।

উল্লেখ্য, চিলি প্ৰশান্ত মহাসাগৰৰ তথাকথিত 'ৰিং অব ফায়াৰ'ত অৱস্থিত আৰু দেশখনত সঘনাই ভূমিকম্প সংঘটিত হয় । 2010 চনত 8.8 প্ৰাবল্যৰ এক শক্তিশালী ভূমিকম্প হৈছিল আৰু পৰৱৰ্তী সময়ত সৃষ্টি হোৱা ছুনামীয়ে 526 জন লোকৰ প্ৰাণ কাঢ়িছিল ।

আনহাতে, চিলিত বিশ্বৰ শক্তিশালী ভূমিকম্প হিচাপে ৰেকৰ্ড কৰা কেইবাটাও ভূমিকম্পই আঘাত কৰি গৈছে । ইয়াৰ ভিতৰত আছে 1960 চনত দক্ষিণৰ ভালদিভিয়া চহৰত সংঘটিত ভূমিকম্প । এই ভূমিকম্পটোৰ প্ৰাবল্য আছিল অভিলেখ 9.5 ।

লগতে পঢ়ক :3.3 প্ৰাবল্যৰ ভূমিকম্পই জোকাৰিলে মণিপুৰক
লগতে পঢ়ক :টাইৱানত 25 বছৰৰ সৰ্ববৃহৎ ভূমিকম্পত নিহত 9, 1000 ৰো অধিক আহত; জাপানত জাৰি ছুনামী সতৰ্কতা - Strong Earthquake hits Taiwan

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.