ETV Bharat / international

ঘূৰ্ণীবতাহ 'চিডো'ৰ তাণ্ডৱ; কেইবাশ লোকৰ মৃত্যুৰ আশংকা - CYCLONE CHIDO

ঘূৰ্ণীবতাহ 'চিডো'ৰ ফলত ফ্ৰান্সৰ মেয়ট দ্বীপত অবৰ্ণনীয় পৰিস্থিতি ।

Cyclone Chido
ঘূৰ্ণীবতাহ 'চিডো'ৰ তাণ্ডৱ;কেইবাশ লোকৰ মৃত্যুৰ আশংকা (ANI)
author img

By ANI

Published : Dec 16, 2024, 2:27 PM IST

ফ্ৰান্স: তীব্ৰ ঘূৰ্ণীবতাহে জোকাৰি গ'ল ফ্ৰান্সৰ বিস্তীৰ্ণ অঞ্চল । ঘূৰ্ণীবতাহ 'চিডো'ৰ ফলত ফ্ৰান্সৰ মেয়ট অঞ্চল ব্যাপক ক্ষতিৰ সন্মুখীন হয় । ঘূৰ্ণীবতাহৰ ফলত কেইবাশ লোকৰ মৃত্যুৰ আশংকা কৰা হৈছে । প্ৰেফেক্ট ফ্ৰাংকোইচ-জেভিয়াৰ বিয়াউভিলে স্থানীয় সংবাদ মাধ্যমক জনোৱা মতে মৃত্যুৰ সংখ্যা হাজাৰো হ'ব পাৰে । তেওঁ উল্লেখ কৰা মতে মৃত্যুৰ সংখ্যা তেওঁ নিশ্চিতভাৱে ক'ব নোৱাৰে ।

মৃত্যুৰ সংখ্যা বৃদ্ধিৰ আশংকা

ফ্ৰান্সৰ অভ্যন্তৰীণ মন্ত্ৰালয়ে কয় যে এই পৰিস্থিতিত ভুক্তভোগীৰ হিচাপ দিয়াটো কঠিন হ'ব । বিষয়াসকলে পূৰ্বে প্ৰায় ১১ গৰাকী লোকৰ মৃত্যু নিশ্চিত কৰিছিল । বতৰৰ বিজ্ঞান কেন্দ্ৰৰ মতে ঘূৰ্ণীবতাহ 'চিডো' ভাৰত মহাসাগৰৰ ফ্ৰান্সৰ অঞ্চলৰ মাজেৰে ঘণ্টাত ২০০ কিঃমিঃৰো অধিক গতিবেগত পাৰ হৈ গৈছিল । যাৰ ফলত অস্থায়ী বাসগৃহ, চৰকাৰী ভৱন আৰু এখন চিকিৎসালয়ৰ বিস্তৰ ক্ষতি হয় । ইফালে মেয়ট দ্বীপ মুছলমান অধ্যুষিত অঞ্চল । য'ত ২৪ ঘণ্টাৰ ভিতৰতে মৃতকক সমাধিস্থ কৰা হয় । সেয়েহে মৃতকৰ প্ৰকৃত সংখ্যা উলিয়াবলৈ যথেষ্ট সময়ৰ প্ৰয়োজন হ'ব বুলি মন্ত্ৰালয়ে জনাইছে ।

ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ফ্ৰাংকোইছ বায়ৰুৱে শনিবাৰে সন্ধিয়া এক মন্ত্ৰী পৰ্যায়ৰ বৈঠকৰ আহ্বান কৰে । বৈঠকৰ অন্তত তেওঁ সংবাদ মাধ্যমৰ আগত কয়, "সকলোৱে বুজি পাইছে যে এয়া এক ঘূৰ্ণীবতাহ আছিল যি অপ্ৰত্যাশিতভাৱে হিংসাত্মক ৰূপ লৈছিল ।" এগৰাকী জ্যেষ্ঠ বিষয়াই দেওবাৰে কয় যে মেয়টৰ মাজেৰে ঘূৰ্ণীবতাহ 'চিডো' পাৰ হৈ যোৱাৰ ফলত মৃত্যুৰ সংখ্যা হাজাৰ হ'ব পাৰে । ফ্ৰান্সৰ উদ্ধাৰকাৰী দল এতিয়াও অভিযান অব্যাহত ৰাখিছে ।

আল জাজিৰাৰ মতে পেৰিছৰ পৰা প্ৰায় ৮,০০০ কিলোমিটাৰ (৪,৯৭০ মাইল) দূৰত অৱস্থিত মায়োট দ্বীপপুঞ্জ দেশৰ বাকী অংশতকৈ অধিক ক্ষতিগ্ৰস্ত হৈছে । যিটো দ্বীপ দৰিদ্ৰতা আৰু কেইবা দশক ধৰি হিংসা আৰু সামাজিক অস্থিৰতাৰ সৈতে যুঁজি আছে ।

ইউৰোপীয় ইউনিয়নৰ সমৰ্থন

ঘূৰ্ণীবতাহ 'চিডো'ৱে দেওবাৰে উত্তৰ মোজাম্বিকৰ কাবো ডেলগাডো বা নামপুলা প্ৰদেশতো খুন্দা মাৰিব বুলি আশংকা কৰা হৈছিল । এই পৰিস্থিতিৰ মাজতে ইউৰোপীয় ইউনিয়নৰ সভাপতি উৰচুলা ভন ডেৰ লেয়েনে ফ্ৰান্সক তেওঁৰ সমৰ্থনৰ আশ্বাস দিছে । এক্সৰ এটা পোষ্টত তেওঁ কয়, "মেয়টত ঘূৰ্ণীবতাহ চিডোৰ বিধ্বংসী ৰূপ দেখি মৰ্মাহত হৈছো । ইউৰোপ এই ভয়ংকৰ অগ্নিপৰীক্ষাত মায়োটৰ লোকসকলৰ কাষত থিয় হৈ আছে । আমি আগন্তুক দিনত সমৰ্থন আগবঢ়াবলৈ সাজু ।"

লগতে পঢ়ক :যুদ্ধবিৰতিৰ মাজতে হিজবুল্লাহক লক্ষ্য কৰি ইজৰাইলৰ আক্ৰমণ - ISRAEL LEBANON CEASEFIRE

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.