ETV Bharat / international

সংখ্যালঘু নহয়, সংখ্যাগৰিষ্ঠ সম্প্ৰদায়ৰ বিৰুদ্ধেও হিংসা হৈছে : বাংলাদেশী কূটনীতিবিদ হুমায়ুন কবীৰ - Bangladesh Political Crisis

author img

By PTI

Published : Aug 18, 2024, 10:38 AM IST

Bangladesh India relationship: এজন ব্যক্তি আৰু দলৰ ওপৰত গুৰুত্ব দিয়াৰ পৰিৱৰ্তে আন ৰাজনৈতিক দলৰ সৈতেও সম্পৰ্ক গঢ়ি তুলিবলৈ ভাৰতক পৰামৰ্শ বাংলাদেশৰ ৰাজনৈতিক বিশ্লেষক আৰু বৈদেশিক সম্পৰ্ক আৰু নিৰাপত্তা বিশেষজ্ঞৰ ৷ হিংসা কেৱল সংখ্যালঘুৰ ওপৰত নহয়, সংখ্যাগৰিষ্ঠ সম্প্ৰদায়ৰ বিৰুদ্ধেও হিংসা হৈছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য দেশখনৰ কূটনীতিবিদ হুমায়ুন কবীৰৰ ৷

Bangladeshi political analysts urge India to refix ties with Dhaka
অশান্ত বাংলাদেশ (ETV Bharat)

ইণ্টাৰনেশ্যনেল ডেস্ক, 18 আগষ্ট: বাংলাদেশ আৰু ভাৰতৰ সম্পৰ্ক পুনৰ উন্নীতকৰণৰ পোষকতা বাংলাদেশৰ ৰাজনৈতিক বিশ্লেষকৰ ৷ বাংলাদেশৰ বৰ্তমানৰ পৰিস্থিতিলৈ লক্ষ্য কৰি এজন ব্যক্তি আৰু দলৰ ওপৰত গুৰুত্ব দিয়াৰ পৰিৱৰ্তে আন ৰাজনৈতিক দলৰ সৈতেও সম্পৰ্ক গঢ়ি তুলিলে ভাৰতে লাভৱান হ’ব বুলি দেওবাৰে কেবাজনো ৰাজনৈতিক বিশ্লেষক আৰু বৈদেশিক সম্পৰ্ক আৰু নিৰাপত্তা বিশেষজ্ঞই কয় ।

দেশখনৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা পদচ্যুত হোৱাৰ পিছত 84 বছৰীয়া নোবেল বিজয়ী মহম্মদ ইউনুছে হিংসা আৰু বিশৃংখলতাৰ মাজতে 8 আগষ্টত অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা হিচাপে শপত গ্ৰহণ কৰে ।

চৰকাৰী চাকৰিৰ সংৰক্ষণ ব্যৱস্থাৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীৰ ব্যাপক প্ৰতিবাদৰ ফলত পদত্যাগ কৰিবলৈ বাধ্য হোৱা 76 বছৰীয়া হাছিনাই 5 আগষ্টত ভাৰতলৈ পলায়ন কৰে ।

উল্লেখযোগ্য থিংকটেংক তথা বাংলাদেশ এণ্টাৰপ্ৰাইজ ইনষ্টিটিউট (বিইআই)ৰ মুৰব্বী হুমায়ুন কবীৰে পিটিআইৰ আগত কয়, “মই ভাবো যে বুজাবুজি দুয়োখন দেশৰ সম্পৰ্কৰ পুনৰ স্থাপনৰ আৰম্ভণিৰ প্ৰধান উদ্দেশ্য হ’ব লাগে ।”

তেওঁ কয় যে বাংলাদেশৰ চুবুৰীয়া হোৱাৰ বাবে যেতিয়াই বাংলাদেশ অসুবিধাৰ সন্মুখীন হয় তথা বৰ্তমান সময়তো সদায়ে আমাৰ লগত থাকি দেশখনৰ প্ৰতি সহযোগিতা আগবঢ়োৱাতো জৰুৰী ৷ তেতিয়াহে বাংলাদেশৰ মানুহে ভাৰতক বন্ধু ৰাষ্ট্ৰ হিচাপে গণ্য কৰিব ।

কবীৰে পুনৰ কয়, "ভাৰতে যদি বৰ্তমানৰ পৰিৱৰ্তনক ‘ইতিবাচকভাৱে সমৰ্থন’ কৰে তেন্তে ভাৰতে লাভৱান হ’ব ৷ যদিহে ই এজন ব্যক্তি আৰু দলৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ পৰিৱৰ্তে আন ৰাজনৈতিক দলৰ সৈতেও সম্পৰ্ক গঢ়ি তোলে ।"

বাংলাদেশ শান্তি আৰু নিৰাপত্তা অধ্যয়ন প্ৰতিষ্ঠানৰ সভাপতি অৱসৰপ্ৰাপ্ত মেজৰ জেনেৰেল মুনিৰুজ্জামানে কয় যে ভাৰতে বাংলাদেশৰ গণ অভ্যুথ্থান দেখিছে । আমি ভাৰত সৈতে বন্ধুত্ব কৰিবলৈ আগ্ৰহী যিটো আমাৰ জাতীয় স্বাৰ্থৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে ।"

বাংলাদেশৰ চেণ্টাৰ ফৰ পলিচি ডাইলগ (চিপিডি)ৰ অগ্ৰণী, নাগৰিক সমাজৰ ব্যক্তি তথা অৰ্থনীতিবিদ দেৱপ্ৰিয়া ভট্টাচাৰ্যই কয় যে শান্তি, নিৰাপত্তা আৰু উন্নয়নৰ দৃষ্টিকোণৰ পৰা বাংলাদেশ-ভাৰতৰ সম্পৰ্ক দুয়োখন দেশৰ বাবে গুৰুত্বপূৰ্ণ ।

"ভাৰতীয় জনসাধাৰণৰ ৰায়ক সন্মান জনাই বাংলাদেশ কংগ্ৰেছে ক্ষমতা ত্যাগ কৰিবলগীয়া হোৱাৰ পিছত বিজেপি চৰকাৰৰ সৈতে লাভজনকভাৱে জীয়াই আছে । ভাৰতেও এতিয়া একে কাম কৰা উচিত যিহেতু আৱামি লীগ শাসন ব্যৱস্থাক ছাত্ৰ-নাগৰিক বিদ্ৰোহৰ জৰিয়তে পদচ্যুত কৰা হৈছে ।"

তেওঁ কয় যে অনাগত দিনত ভাৰতে “বিশ্বাস আৰু পাৰস্পৰিক স্বাৰ্থৰ ভিত্তিত সম্পৰ্ক পুনৰ গঢ়ি তুলিব লাগিব” আৰু “নিজৰ দেশৰ কোনো নিৰ্দিষ্ট ৰাজনৈতিক দলৰ পণবন্দী হৈ থাকিব নালাগে ৷ আমি সচেতন হোৱা উচিত যে এখন দেশৰ ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায় আন এখন দেশৰ সংখ্যাগৰিষ্ঠ (আৰু) সেয়েহে আমাৰ নিজ নিজ দেশৰ সংখ্যালঘু সম্প্ৰদায়ৰ প্ৰতি থকা ব্যৱহাৰ আমাৰ সম্পৰ্কৰ এক গুৰুত্বপূৰ্ণ চলক হ’ব ।”

বিশ্লেষকসকলে কয় যে আন ৰাজনৈতিক গোটক আওকাণ কৰি দ্বিপাক্ষিক সম্পৰ্ক সুদৃঢ় কৰাৰ বাবে বিগত 16 বছৰ ধৰি হাছিনাৰ ওপৰত নিৰ্ভৰশীল ভাৰতৰ সৈতে হাছিনা আৰু মোদীৰ সম্পৰ্ক অতি ভাল আছিল ।

বি ই আইৰ মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে কয়, "বাংলাদেশে বিগত 15 বছৰৰ ভিতৰত প্ৰকৃততে দুটা কঠিন বাস্তৱতা দেখিছিল । প্ৰথম বাস্তৱতা আছিল “যি ধৰণৰ স্বৈৰাচাৰী চৰকাৰ যিয়ে সমগ্ৰ সমাজখনকে আগুৰি ধৰিছিল য’ত জনসাধাৰণৰ অধিকাৰ, জনসাধাৰণৰ কণ্ঠ, জনসাধাৰণৰ গোপনীয়তা এক প্ৰকাৰৰ ৰাজনৈতিক এজেণ্ডাৰ অধীনত আছিল ৷ দ্বিতীয়টো হ’ল শ্বাসৰুদ্ধকৰ পৰিৱেশ ৷”

দুদিন পূৰ্বে প্ৰকাশ কৰা ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়ুক্তৰ প্ৰতিবেদনৰ উল্লেখ কৰি তেওঁ কয়. যে যোৱা এমাহত কমেও 650 জন লোকৰ মৃত্যু ঘটিছে ৷ এই হত্যাকাণ্ডই গুণগতভাৱে সমগ্ৰ প্ৰেক্ষাপটটোৱে সলনি কৰিছে বুলি প্ৰাক্তন কূটনীতিবিদগৰাকীয়ে জোৰ দিয়ে ।

“এতিয়া আমাৰ ভাৰতীয় বন্ধুসকলে এই দুটা গতিশীলতা বুজিব লাগিব । তেতিয়াহে হয়তো তেওঁলোকে বুজিব যে যোৱা 15 বছৰৰ ভিতৰত বাংলাদেশৰ কেনেকৈ পৰিৱৰ্তন ঘটিছে আৰু বিশেষকৈ যোৱা এমাহৰ ভিতৰত বিপ্লৱ আৰম্ভ হৈছে আৰু শেষত চৰকাৰৰ পতন ঘটিছে ।"

কবীৰে কয় যে চুবুৰীয়া দেশ হিচাপে দুয়োখন দেশ “একাধিক স্তৰত সংযুক্ত আৰু আমি ইজনে সিজনৰ ওপৰত আন্তঃনিৰ্ভৰশীল ৷ অৱশ্যে বিগত এমাহৰ ভিতৰত বাংলাদেশত যি পৰিৱৰ্তন আহিল, আমাৰ ভাৰতীয় বন্ধুসকলে কেতিয়াবা ইয়াক ভুলকৈ বিশ্লেষণ কৰে ৷"

কবীৰে অৱশ্যে সেই বুজাবুজিৰ অভাৱৰ কাৰণো আছে বুলি উল্লেখ কৰি কয়, “কাৰণ ইমান দ্ৰুতগতিত ঘটনাবোৰ ঘটিছিল সেয়ে হয়তো ভাৰতে কেনেকৈ কি হ’ল সেয়া লক্ষ্য নকৰিলে বা অন্য দৃষ্টিভংগীৰে বিষয়টো পৰ্যবেক্ষণ কৰিলে ৷"

বি ই আইৰ মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে কয়, "মই এতিয়া আশা কৰিছো যে ভাৰতে “চুবুৰীয়া আৰু বন্ধু” হিচাপে বাংলাদেশৰ জনসাধাৰণৰ হেঁপাহ, বাংলাদেশৰ জনসাধাৰণৰ ইচ্ছা, আকাংক্ষা, বিশেষকৈ নৱ প্ৰজন্মৰ আকাংক্ষা বুজিব ৷”

তেওঁ পুনৰ কয়,“সেইবাবেই আপুনি এটা বিপ্লৱ দেখিছে যিটোক কিছুমানে ‘বৰ্ষাকালীন বিপ্লৱ’, কোনোবাই ‘বংগ বসন্ত’ ইত্যাদি ইত্যাদি ইত্যাদি বুলি কয় । ভাৰততো সংখ্যালঘু ইত্যাদি ইত্যাদি ইত্যাদি সম্পৰ্কত এক প্ৰকাৰৰ ভুল তথ্য প্ৰচাৰ কৰা হৈছিল ৷ মই ভাবো, আমি বুজো যে কিছুমান ঠাইত হিংসা কেৱল সংখ্যালঘুৰ ওপৰত নহয়, সংখ্যাগৰিষ্ঠ সম্প্ৰদায়ৰ বিৰুদ্ধেও হিংসা হৈছে, কাৰণ যিকোনো হিংসা অবাঞ্চিত যদিও ই এক বৃহৎ ৰাজনৈতিক পৰিৱৰ্তন ।"

কবীৰে কয় যে ভাৰতে সেই হিংসাৰ প্ৰকৃত দৃষ্টিভংগী বুজি পাব আৰু বিশেষকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অধ্যাপক ইউনুছৰ মাজত হোৱা আলোচনাৰ পিছত বাংলাদেশলৈ সহায়ৰ হাত আগবঢ়াব ।

লগতে পঢ়ক: হাছিনা যুগৰ অৱসান ভাৰতীয় সুৰক্ষা গতিশীলতাৰ বাবে এক অস্বস্তিকৰ ঘটনা - Bangladesh Political Crisis

বাংলাদেশৰ সংকট : ভাৰতে চুবুৰীয়া প্ৰথম নীতিক পুনৰ বিবেচনা কৰিব নেকি ? - Bangladesh Chaos

বাংলাদেশৰ কাৰাগাৰত অস্থিৰতা : ১২ কয়েদীৰ মৃত্যু, ২০০ৰো অধিক পলাতক - Bangladesh Crisis

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.