ETV Bharat / international

বাংলাদেশৰ কাৰাগাৰত অস্থিৰতা : ১২ কয়েদীৰ মৃত্যু, ২০০ৰো অধিক পলাতক - Bangladesh Crisis

author img

By ETV Bharat Assamese Team

Published : Aug 10, 2024, 1:21 PM IST

Bangladesh Crisis: বাংলাদেশৰ দুখনকৈ কাৰাগাৰত হিংসাত্মক পৰিস্থিতি । কাৰাগাৰৰ পৰা পলায়নৰ চেষ্টা কৰাৰ সময়তে সুৰক্ষাকৰ্মীৰ গুলীত নিহত ১২ গৰাকী কয়েদী । ২০০ ৰো অধিক কয়েদী পলায়ন কৰিবলৈ সক্ষম হয় ।

Bangladesh Crisis
বাংলাদেশৰ কাৰাগাৰত অস্থিৰতা (AFP)

ইণ্টাৰনেশ্যনেল ডেস্ক, ১০ আগষ্ট : বাংলাদেশত হিংসাত্মক পৰিস্থিতি অব্যাহত আছে । ইতিমধ্যে অন্তৱৰ্তীকালীন চৰকাৰ গঠন কৰা হৈছে যদিও পৰিস্থিতি নিয়ন্ত্ৰণত ব্যৰ্থ হৈছে প্ৰশাসন । বৃহস্পতিবাৰে দেশখনৰ দুখনকৈ কাৰাগাৰত হিংসাত্মক ঘটনা সংঘটিত হয় ।

একাংশ কয়েদীয়ে কাৰাগাৰৰ সুৰক্ষাকৰ্মীক আক্ৰমণ কৰে আৰু পলায়নৰ চেষ্টা কৰে । যাৰ ফলত সুৰক্ষাকৰ্মী কয়েদীৰ মাজত সংঘৰ্ষ হয় । ঘটনাত ১২ গৰাকী কয়েদী নিহত হয় । দেশখনত শেহতীয়া হিংসাত্মক ঘটনাৰ পৰিণতিত শ শ কয়েদীক কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া হৈছে ।

জামাপুৰ কাৰাগাৰত ৬ কয়েদী নিহত :

কাৰাগাৰৰ ৱাৰ্ডেন আবু ফাতাহে জনোৱা মতে বৃহস্পতিবাৰে জামাপুৰ কাৰাগাৰত কাৰাগাৰৰ ৰক্ষীসকলক একাংশ কয়েদীয়ে আক্ৰমণ কৰে । তেওঁ কয়, "তেওঁলোকে আমাক লোৰ সঁজুলি আৰু চোকা অস্ত্ৰৰে আক্ৰমণ কৰিছিল । তেওঁলোকে মোৰ কাৰ্যালয় জ্বলাই দিছে । তাৰ পিচত তেওঁলোকে প্ৰায় ৬০০ বন্দীক তেওঁলোকৰ লগত লৈ যাবলৈ চেষ্টা কৰিছিল । আমি গুলীচালনা কৰিবলৈ বাধ্য হৈছিলো । য'ত প্ৰায় ৬ গৰাকী কয়েদী নিহত হয় ।" ফাতাহে কোৱা মতে কাৰাগাৰ ৰক্ষীৰ প্ৰচেষ্টাৰ বাবে কয়েদীসকল পলাই যাবলৈ সক্ষম নহ'ল ।

কাছিমপুৰৰ কাৰাগাৰৰ পৰা কয়েদীৰ পলায়ন :

একেদৰে ৱাৰ্ডেন লুটফৰ ৰহমানে জনোৱা মতে মঙলবাৰে ঢাকাৰ পৰা মাত্ৰ ৩০ কিলোমিটাৰ (২০ মাইল) উত্তৰে কাছিমপুৰৰ এখন উচ্চ সুৰক্ষাৰ কাৰাগাৰত হিংসাত্মক ঘটনা সংঘটিত হয় । পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কাৰাগাৰ কৰ্তৃপক্ষই গুলীচালনা কৰিবলগীয়া হয় । য'ত ৬ গৰাকী কয়েদী নিহত হয় ।

ৰহমানে কয় যে কয়েদীসকলে ৰক্ষীসকলক আক্ৰমণ কৰিবলৈ লোৰ সঁজুলি ব্যৱহাৰ কৰিছিল আৰু কাৰাগাৰৰ মুখ্য গেটখন ভাঙি পেলাইছিল । যাৰ ফলত সেনা ৰক্ষী আৰু কাৰাগাৰৰ ৰক্ষীসকলে গুলীচালনা কৰিবলৈ বাধ্য হৈছিল । তেওঁ কয়, "প্ৰায় ২০৩ গৰাকী কয়েদী পলাই যাবলৈ সক্ষম হৈছিল ।"

কাছিমপুৰ উচ্চ সুৰক্ষাৰ কাৰাগাৰত বাংলাদেশৰ কেইজনমান কুখ্যাত দোষী আছে ৷ যাৰ ভিতৰত আছে ইছলামবাদী উগ্ৰপন্থী আৰু হত্যাকাৰী । ৰহমানে অৱশ্যে নিশ্চিত কৰিছে যে কোনো হাই-প্ৰফাইল কয়েদীয়ে পলায়ন কৰিব নোৱাৰিলে ।

বাংলাদেশৰ কাৰাগাৰত অস্থিৰতা :

যোৱা মাহত হাছিনা চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ হোৱাৰ পিচতে সমগ্ৰ বাংলাদেশত অসংখ্য হিংসাত্মক ঘটনা সংঘটিত হৈছে । কাৰাগাৰসমূহতো অস্থিৰতাৰ সৃষ্টি হৈছে । জুলাই মাহত নৰচিংদিৰ কেন্দ্ৰীয় জিলাৰ এখন কাৰাগাৰৰ পৰা ৮০০ তকৈও অধিক কয়েদী পলাই যাবলৈ সক্ষম হৈছিল ।

ইফালে শ্বেখ হাছিনাই পদত্যাগ কৰাৰ দিনা ৫০০ৰো অধিক কয়েদীয়ে শ্বেৰপুৰৰ উত্তৰ জিলাৰ এখন কাৰাগাৰৰ পৰা পলায়ন কৰে । একেদৰে আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হোৱা সংঘৰ্ষৰ সময়ত ৪৫০ৰো অধিক লোকৰ মৃত্যু হয় ।

লগতে পঢ়ক :নেতৃত্বত ইউনুছ: বাংলাদেশত গঠন অন্তৱৰ্তীকালীন চৰকাৰ - Bangladesh Interim Government

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.