ETV Bharat / international

বাংলাদেশ জ্বলিছে : হাছিনাৰ হেলিকপ্টাৰ নামিল গাজিয়াবাদৰ সেনাৰ ঘাটিত - Bangladesh PM Sheikh Hasina

author img

By ETV Bharat Assamese Team

Published : Aug 5, 2024, 4:09 PM IST

Updated : Aug 5, 2024, 6:14 PM IST

Sheikh Hasina resign: বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই পদত্যাগ কৰি সোমবাৰে দুপৰীয়া হেলিকপ্টাৰেৰে আহি উপস্থিত হৈছে ভাৰতৰ গাজিয়াবাদৰ বায়ু সেনাৰ ঘাটি হিণ্ডন এয়াৰবেছত ৷ গাজিয়াবাদৰ পৰা শ্বেখ হাছিনা লণ্ডনলৈ ৰাওনা হ’ব পাৰে ৷

Sheikh Hasina resign
বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পদত্যাগ (Etv Bharat)

ইন্টাৰনেশ্যনেল ডেস্ক, ৫ জুলাই: বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই সোমবাৰে পদত্যাগ কৰি ৰাজপ্ৰসাদৰ পৰা পলায়ন কৰা বুলি বিভিন্ন সংবাদমাধ্যমৰ উদ্ধৃতিৰে ৰয়টাৰে জানিবলৈ দিয়ে ৷ প্ৰধানমন্ত্ৰী হাছিনাৰ পদত্যাগৰ দাবীত গণ প্ৰতিবাদকাৰীয়ে প্ৰধানমন্ত্ৰীৰ বাসভৱনত ধুমুহাৰ সৃষ্টি কৰি ঢাকাৰ ৰাজপথত ঘূৰি ফুৰিছিল ।

শ্বেখ হাছিনাই হিংসাত্মক প্ৰতিবাদৰ মাজতে ৰাজধানী ঢাকা এৰি থৈ গৈছে বুলি সংবাদ সংস্থা এ এফ পিক জনাইছে হিংসাত্মক পৰিস্থিতিৰে মোকাবিলা কৰি থকা নেতাগৰাকীৰ ঘনিষ্ঠ সূত্ৰই ।

সূত্ৰটোৱে এ এফ পিক জনোৱা মতে, শ্বেখ হাছিনা আৰু তেওঁৰ ভগ্নীয়ে গণভবন (প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসগৃহ) এৰি নিৰাপদ স্থানলৈ গৈছে । বাংলা দৈনিক প্রথম আলোৱে প্রকাশ কৰা মতে প্রধানমন্ত্রী শ্বেখ হাছিনা সেনা বাহিনীৰ বিশেষ হেলিকপ্টাৰেৰে ভাৰত অভিমুখে ৰাওনা হয় ৷

ইয়াৰ পাচতেই হাছিনা আগৰতলাৰ শালবাগানত অৱতৰণ কৰাৰ কথা ত্ৰিপুৰা আৰক্ষীয়ে নিশ্চিত কৰে ৷ ইতিমধ্যে ভাৰত-বাংলা সীমান্তত বি এছ এফক সৰ্তক কৰি ৰখা হৈছে ৷ বিয়লি ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাৰ পৰা গাজিয়াবাদলৈ ৰাওনা হয় শ্বেখ হাছিনা ৷ গাজিয়াবাদৰ বায়ু সেনাৰ ঘাটি হিণ্ডন এয়াৰবেছত অৱতৰণ কৰে হাছিনাৰ হেলিকপ্টাৰ ৷

গাজিয়াবাদৰ পৰা শ্বেখ হাছিনা লণ্ডনলৈ ৰাওনা হ’ব বুলি একাধিক কূটনৈতিক সূত্ৰই ব্যক্ত কৰিছে । বাংলাদেশ বায়ুসেনাৰ হেলিকপ্টাৰত হাছিনা ভাৰতত উপস্থিত হৈছিল যদিও সামৰিক পৰিবহণ বিমানে তেওঁক ভাৰতৰ বাহিৰলৈ লৈ যাব নে বেলেগ বিমানত লণ্ডনলৈ যাব সেয়া এই পৰ্যন্ত স্পষ্ট হোৱা নাই ।

ইফালে হাছিনাৰ ঘনিষ্ঠ সূত্ৰটোৱে সদৰী কৰা মতে, "হাছিনাই প্ৰধানমন্ত্ৰী আবাসগৃহ এৰি যোৱাৰ পূৰ্বে নিজৰ ভাষণ ৰেকৰ্ডিং কৰিব বিচাৰিছিল । কিন্তু তেওঁ ৰেকৰ্ডিং কৰাৰ সুযোগ নাপালে ।"

হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে সান্ধ্যআইন অৱমাননা কৰি ৰাজধানীৰ ৰাজপথেৰে সমদল উলিয়াই প্ৰধানমন্ত্ৰীৰ বাসভৱন উত্তাল কৰি তোলে । ছবিসমূহত দেখা গৈছে যে প্ৰতিবাদকাৰীসকল ঢাকাস্থিত প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসগৃহৰ ফালে দৌৰি গৈ কেমেৰালৈ হাত জোকাৰিছে ।

ঢাকাত সমৰসজ্জিত বাহনৰ সৈতে জোৱান আৰু আৰক্ষীয়ে কাঁইটীয়া তাঁৰেৰে হাছিনাৰ কাৰ্যালয়লৈ যোৱা পথসমূহত বেৰিকেড কৰিছিল যদিও বিপুল জনসমাগম ৰাজপথলৈ ওলাই আহি বেৰিকেডসমূহ ভাঙি পেলাইছিল বুলি এ এফ পিৰ সংবাদদাতাই জনায় ।

স্থানীয় সংবাদ মাধ্যমে অনুমান কৰিছিল যে ৰাজপথত চাৰি লাখতকৈ অধিক প্ৰতিবাদকাৰী আছিল যদিও এই সংখ্যা নিশ্চিত কৰাটো অসম্ভৱ ।

লগতে পঢ়ক: বাংলাদেশত হিংসাত্মক পৰিস্থিতি : ঢাকালৈ বৃহৎ সমদল প্ৰতিবাদকাৰীৰ - Bangladesh Violence

Last Updated : Aug 5, 2024, 6:14 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.