ETV Bharat / international

কেনিয়াত প্ৰতিবাদে লৈছে ভয়ংকৰ ৰূপ;৩৯ গৰাকী লোকৰ মৃত্যু - Kenya violence

author img

By ANI

Published : Jul 2, 2024, 7:19 AM IST

Kenya violence: নতুনকৈ কৰ বৃদ্ধি সন্দৰ্ভত চৰকাৰে এখন আইন গৃহীত কৰিছে । তাৰ পিচতে সমগ্ৰ কেনিয়াত প্ৰতিবাদ তীব্ৰতৰ হৈ পৰিছে । মানৱ অধিকাৰ আয়োগৰ মতে এই প্ৰতিবাদে হিংসাত্মক ৰূপ লোৱাৰ ফলত প্ৰায় ৩৯ গৰাকী লোক নিহত হৈছে ।

Kenya violence
কেনিয়াত প্ৰতিবাদে লৈছে ভয়ংকৰ ৰূপ;৩৯ গৰাকী লোকৰ মৃত্যু (ANI)

ইণ্টাৰনেশ্যনেল ডেস্ক, ২ জুলাই : চৰকাৰৰ কৰ বৃদ্ধিৰ সিদ্ধান্তক লৈ কেনিয়াত ৰাইজে তীব্ৰ প্ৰতিবাদ অব্যাহত ৰাখিছে । দেশখনত সাধাৰণ ৰাইজৰ প্ৰতিবাদে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । সংবাদ মাধ্যমৰ সূত্ৰৰ মতে নতুন কৰ বৃদ্ধিৰ বিৰুদ্ধে কেনিয়াত শেহতীয়াকৈ চৰকাৰ বিৰোধী প্ৰতিবাদত প্ৰায় ৩৯ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে ।

সাধাৰণ ৰাইজ আৰু সংগঠনসমূহে কেনিয়াত এক নতুন পৰ্যায়ৰ প্ৰতিবাদৰ বাবে সাজু হৈছে । কেনিয়া ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে (কেএনচিএইচআৰ) সোমবাৰে এই বিষয়ক লৈ উদ্বেগ প্ৰকাশ কৰিছে । চৰকাৰে নিহতৰ সংখ্যা প্ৰকাশ কৰিছিল যদিও এই সংখ্যা তাৰ দুগুণ । ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে উল্লেখ কৰিছে যে দেশজুৰি হোৱা প্ৰতিবাদৰ ফলত ৩৯ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে প্ৰায় ৩৬১ গৰাকী লোক আহত হৈছে ।

ইফালে ৩২ টা পৃথক গোচৰ ৰুজু কৰা হৈছে আৰু ৬২৭ গৰাকী প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে । মঙলবাৰে চৰকাৰে বিতৰ্কিত কৰ আইনখন গৃহীত কৰাৰ পিচতে প্ৰতিবাদ অধিক তীব্ৰতৰ হৈ পৰিছে । প্ৰতিবাদকাৰীসকলৰ ভিতৰত বেছি সংখ্যকে যুৱ আছিল । আইন গৃহীত কৰাৰ লগে লগে শান্তিপূৰ্ণ কৰ বিৰোধী সমদলবোৰ অধিক হিংসাত্মক হৈ পৰে ।

পৰৱৰ্তী সময়ত প্ৰতিবাদকাৰীয়ে কেন্দ্ৰীয় নাইৰোবিৰ সংসদ চৌহদ ভাঙি লণ্ড ভণ্ড কৰে আৰু কোনো কোনো অংশত অগ্নি সংযোগ কৰে । প্ৰতিবাদে হিংসাত্মক ৰূপ লোৱাৰ লগে লগে আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক লক্ষ্য কৰি গুলীচালনা কৰিবলৈ বাধ্য হয় ।

লক্ষণীয়ভাৱে, ২০২২ চনৰ ছেপ্টেম্বৰত ৰাষ্ট্ৰপতি উইলিয়াম ৰুটোৱে কাৰ্যভাৰ গ্ৰহণ কৰাৰ চৰকাৰে সন্মুখীন হোৱা আটাইতকৈ গুৰুতৰ সংকট হিচাপে ইয়াক দেখা গৈছে । ৰুটোৱে দেওবাৰে টেলিভিছনত দিয়া এক সাক্ষাৎকাৰত কৈছিল যে প্ৰতিবাদত ১৯ গৰাকী লোকৰ মৃত্যু হৈছে । অৱশ্যে তেওঁ জোৰ দি কৈছিল যে এই সন্দৰ্ভত তদন্ত কৰা হ'ব ।

ইফালে মানৱ অধিকাৰ আয়োগে এই পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰিছে । তেওঁলোকৰ মতে প্ৰতিবাদকাৰীসকলৰ বিৰুদ্ধে ব্যৱহৃত বল অত্যধিক আৰু অসামঞ্জস্যপূৰ্ণ আছিল । অৱশ্যে সংসদ ভৱন আৰু অন্যান্য চৰকাৰী ভৱনকে ধৰি কিছুমান গুৰুত্বপূৰ্ণ স্থানত চলোৱা আক্ৰমণৰ বাবে প্ৰতিবাদকাৰীসকলকো আয়োগে সমালোচনা কৰে ।

ইয়াৰ মাজতে ভাৰতে কেনিয়াত থকা নাগৰিকসকলৰ বাবে এক পৰামৰ্শ জাৰী কৰিছে । কিয়নো কৰ বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ হিংসাত্মক হৈ পৰিছে, যাৰ ফলত আফ্ৰিকাৰ দেশখনত এক অভাৱনীয় পৰিৱেশৰ সৃষ্টি হৈছে । কেনিয়াৰ ভাৰতীয় দূতাবাসে পূৰ্বে তাত থকা ভাৰতীয় নাগৰিকসকলক অত্যধিক সাৱধানতা অৱলম্বন কৰিবলৈ, অপ্ৰয়োজনীয় ভ্ৰমণ বাতিল কৰিবলৈ আৰু পৰিস্থিতি শান্ত নোহোৱালৈকে প্ৰতিবাদ আৰু হিংসাৰ দ্বাৰা প্ৰভাৱিত এলেকাবোৰ পৰিহাৰ কৰিবলৈ পৰামৰ্শ দিছে ।

লগতে পঢ়ক :ইউ এন চি টি এ ডি আৰু ইয়াৰ হীৰক জয়ন্তী সন্মিলনৰ সংকল্প - Role of UNCTAD

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.