ETV Bharat / international

পাকিস্তানত ২৮ টা নমুনাত ধৰা পৰিছে পলিঅ' ভাইৰাছৰ প্ৰকাৰ ১ৰ অৱস্থিতি

author img

By ANI

Published : Feb 4, 2024, 12:51 PM IST

Pakistan polio cases: পলিঅ' নিৰ্মূলত সফল হোৱা নাই পাকিস্তান । শেহতীয়াকৈ দেশখনৰ বিভিন্ন জিলাৰ পৰা সংগ্ৰহ কৰা নমুনাত পলিঅ' ভাইৰাছৰ প্ৰকাৰ ১ৰ অৱস্থিতি ধৰা পৰিছে । টীকাকৰণকে ধৰি বিভিন্ন ধৰণৰ সতৰ্কতামূলক ব্যৱস্থা স্বাস্থ্য বিভাগৰ ।

Pakistan polio cases
পাকিস্তানত ২৮ টা নমুনাত ধৰা পৰিছে পলিঅ' ভাইৰাছৰ প্ৰকাৰ ১ৰ অৱস্থিতি

ইণ্টাৰনেশ্যনেল ডেস্ক, ৪ ফেব্ৰুৱাৰী : পাকিস্তানত ৱাইল্ড পলিঅ'ৰ অৱস্থিতি ধৰা পৰিছে । দেশখনত জানুৱাৰীত পাকিস্তানৰ ১৯ খন জিলাৰ পৰা সংগ্ৰহ কৰা প্ৰায় ২৮ টা নমুনা আৰু ডিচেম্বৰত কোৱেটা আৰু খুজদাৰৰ পৰা সংগ্ৰহ কৰা দুটা নমুনাত পলিঅ' ভাইৰাছৰ প্ৰকাৰ ১ (ডব্লিউপিভি১)ৰ অৱস্থিতি ধৰা পৰিছে ।

ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰতিষ্ঠানৰ পলিঅ' নিৰ্মূলৰ বাবে আঞ্চলিক প্ৰসংগ গৱেষণাগাৰৰ এগৰাকী বিষয়াৰ মতে কোৱেটা আৰু কাৰাচী পূবৰ পৰা ৪ টাকৈ নৰ্দমাৰ নমুনাত এই ভাইৰাছটো পোৱা গৈছে । চমন, পেছাৱাৰ, কাৰাচী দক্ষিণ আৰু কাৰাচী কেমাৰীৰ পৰা সংগ্ৰহ কৰা দুটা নমুনা আৰু কাৰাচী কোৰাংগী, কাৰাচী মালিৰ, জামশোৰো, চুকুৰৰ পৰা এটাকৈ নমুনা সংগ্ৰহ কৰা হৈছিল ।

হায়দৰাবাদ, পিশিন, কেচ, নাচিৰাবাদ, ডিজি খান, ৰাৱালপিণ্ডি আৰু লাহোৰৰ পৰা ২ জানুৱাৰীৰ পৰা ১৬ জানুৱাৰীৰ ভিতৰত নমুনা সংগ্ৰহ কৰা হৈছিল । এই চিনাক্তকৰণৰ দ্বাৰা ২০২৪ চনত সংগ্ৰহ কৰা মুঠ নমুনাৰ ২৮ টা পজিটিভ হিচাপে পোৱা গৈছে । ২০২৩ চনত পজিটিভ নমুনাৰ সংখ্যা আছিল ১২৬ টা । প্ৰতিটো পজিটিভ নমুনাত ভাইৰাছ ক্লাষ্টাৰ, ৱাইবি৩এ আছে ।

পাকিস্তানৰ স্বাস্থ্য মন্ত্ৰী নাদিম জানে কৈছে যে এই ভাইৰাছৰ অৱস্থিতি যোৱা বছৰ সংগ্ৰহ কৰা ১২৬ টা নমুনাৰ ভিতৰত ১২০ টা নৰ্দমাৰ নমুনা আৰু ৩ টা মানৱ শৰীৰত পোৱা গৈছিল । স্বাস্থ্য বিভাগৰ মতে পাকিস্তানে এই ভাইৰাছ নিৰ্মূলৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ আৰু এই বছৰৰ শেষৰ ফালে ইয়াৰ সংক্ৰমণ সম্পূৰ্ণ ৰোধৰ লক্ষ্য আগত ৰখা হৈছে ।

স্বাস্থ্য বিভাগৰ এগৰাকী বিষয়াৰ মতে বিগত বছৰ চৰকাৰে বহুকেইটা টীকাকৰণ অভিযান অনুষ্ঠিত কৰিছিল আৰু প্ৰতিগৰাকী শিশুৰ ওচৰলৈ যোৱাৰ বাবে অভিনৱ ৰণনীতি লোৱা হৈছিল । এই প্ৰচেষ্টাসমূহ এই বছৰো সম্পূৰ্ণ গতিত অব্যাহত থাকিব আৰু লগতে সকলো শিশুক সুৰক্ষিত কৰাটো নিশ্চিত কৰা হ'ব । তেওঁৰ মতে শিশুসকলক এই পক্ষাঘাতজনিত ৰোগৰ পৰা সুৰক্ষিত কৰাটো পাকিস্তান চৰকাৰৰ প্ৰধান লক্ষ্য আৰু পাকিস্তানত পলিঅ' নিৰ্মূলৰ বাবে চৰকাৰে সৰ্বাধিক প্ৰচেষ্টা গ্ৰহণ কৰিব ।

ৰাষ্ট্ৰীয় জৰুৰীকালীন অপাৰেচন চেণ্টাৰ ফৰ পলিঅ' নিৰ্মূলকেন্দ্ৰৰ সমন্বয়ক শ্বাহজাদ বেগে কয় যে শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে যোৱা বছৰ একাধিক টীকাকৰণ অভিযান অনুষ্ঠিত কৰা হৈছিল । লগতে যোৱা ৮ ৰ পৰা ১৪ জানুৱাৰীলৈ দেশজুৰি অভিযান চলোৱা হৈছিল আৰু ভাইৰাছটো ধৰা পৰা সকলো জিলাতে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।

লগতে পঢ়ক :হুথি বিদ্ৰোহীৰ এণ্টি-শিপ ক্ৰুজ মিছাইলত আমেৰিকাৰ আক্ৰমণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.