সোমবাৰে জিৰ’ধাৰ(Zerodha) প্ৰতিষ্ঠাপক নীতিন কামথে এক্স-পোষ্টত প্ৰকাশ কৰে যে ছয় সপ্তাহ পূৰ্বে তেওঁৰ ‘মাইল্ড ষ্ট্ৰ’ক’ হৈছিল ৷ পোষ্টটোৰ সমান্তৰালকৈ তেওঁ হাস্পতালৰ বিচনাত পৰি থকা ফটো এখনো শ্বেয়াৰ কৰিছে ৷ তেওঁ কয় যে, ষ্ট্ৰোকটো হয়তো তেওঁৰ পিতৃৰ মৃত্যুৰ বাবেই হৈছে আৰু সম্পূৰ্ণ সুস্থ হ’বলৈ তিনি-ছমাহ সময় লাগিব ৷ প্ৰায় ৬ সপ্তাহ আগতে হঠাতে মোৰ মৃদু ষ্ট্ৰোক হৈছিল ৷ পিতৃৰ মৃত্যু, বেয়া টোপনি, ভাগৰুৱা, ডিহাইড্ৰেচন আৰু অতিৰিক্ত কাম এই সম্ভাব্য কাৰণসমূহৰ যিকোনো এটা হ’ব পাৰে বুলি তেওঁ জানিবলৈ দিয়ে ৷ সেয়ে আজি এই প্ৰতিবেদনৰ জৰিয়তে জানো আহক মিনি ষ্ট্ৰোক কি তথা ইয়াৰ সৈতে কিছুমান জৰুৰী তথ্য ৷
মিনি ষ্ট্ৰ’ক কি ?
ষ্ট্ৰোক এটি বিপদজনক ৰোগ বুলি সকলোৱে জানে, কিন্তু মিনি ষ্ট্ৰোকৰ কথা কেতিয়াবা আপুনি শুনিছেনে ? সহজ ভাষাত মিনি ষ্ট্ৰোক মানে পক্ষাঘাত (Paralysis)৷ ষ্ট্ৰোক হৈছে এনে এক সম্ভাব্য মাৰাত্মক অৱস্থা, য’ত মগজুলৈ ৰক্ত সঞ্চালন হঠাৎ বন্ধ হৈ যায়, যাৰ ফলত মৃত্যুৰ সম্ভাৱনা বৃদ্ধি পায় ৷ যদিও কিছু সময়ৰ বাবে এনেকুৱা হয় ৷ এই সময়ছোৱাত ব্যক্তিজনে খোজ কঢ়া বা লৰচৰ কৰাত অসুবিধাৰ সন্মুখীন হ’ব পাৰে, মুখখন বেঁকা হৈ পৰিব পাৰে আৰু হাত-ভৰি দুৰ্বল হ’ব পাৰে ৷ এনে পৰিস্থিতিত যদি আপোনাৰ এই সমস্যাবোৰ কিছু সময়ৰ পিছত সমাধান হয় তেন্তে ই মিনি ষ্ট্ৰ’ক হ’ব পাৰে ৷
মিনি ষ্ট্ৰোকৰ লক্ষণসমূহ কি কি ?
মগজুৰ কোনটো অংশত আঘাত পোৱাৰ ওপৰত নিৰ্ভৰ কৰি মিনি ষ্ট্ৰ’কৰ লক্ষণ বেলেগ বেলেগ হ’ব পাৰে যদিও সাধাৰণতে এদিন বা দুদিনৰ ভিতৰতে এই লক্ষণবোৰ দূৰ হয় ৷ ইয়াৰ ভিতৰত আছে:
- গুৰুতৰ মূৰৰ বিষ (Severe headache)
- মূৰ ঘূৰণি (Dizziness)
- সমন্বয় হেৰুৱাই পেলোৱা (Loss of coordination)
- দৃষ্টিশক্তি হেৰুওৱা (Loss of vision)
- আংশিক পক্ষাঘাত (Partial paralysis)
- বুজা আৰু কথা কোৱাত অসুবিধা (Difficulty in understanding and speaking)
- হাত-ভৰিত জিনজিননি (Tingling in hands and feet)
মিনি ষ্ট্ৰোকৰ কাৰণ-
- উচ্চ কলেষ্টেৰল
- ৰক্তচাপ
- হৃদযন্ত্ৰৰ লগত জড়িত সমস্যা
- ডায়েবিটিছ
- মেদবহুলতা
- বংশগত কাৰণ
কেনেকৈ পৰিহাৰ কৰিব-
- স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰক
- নিয়মীয়া ব্যায়াম
- ওজন নিয়ন্ত্ৰণত ৰাখক
- সঠিক টোপনি লওক
- মদ্যপান কমাব
- নিমখ সেৱন সীমিত কৰক
ষ্ট্ৰোকৰ প্ৰকাৰৰ ওপৰত নিৰ্ভৰ কৰি ৰক্তচাপ, কলেষ্টেৰল, তেজ জমা হোৱা আৰু অন্যান্য বিপদজনক কাৰক নিয়ন্ত্ৰণ কৰিবলৈ চিকিৎসকে কি ঔষধ গ্ৰহণ কৰিব লাগে তাৰ পৰামৰ্শ দিয়ে ৷
লগতে পঢ়ক: ফাগুনৰ সময়ছোৱাত শিশুসকলৰ স্বাস্থ্যৰ কেনেধৰণে যতন ল'ব লাগে ?