ETV Bharat / health

পেকেটৰ খাদ্য কিনাৰ আগতে পিচফালে থকা লেবেলখন এবাৰ পঢ়ি চাইনে ? কিয় এয়া জৰুৰী জানি লওক - World Food Safety Day 2024 - WORLD FOOD SAFETY DAY 2024

Importance Of Food Labels: আজিকালি ইণ্টাৰনেটত বৃহৎ পৰিসৰত ‘লেবেল পঢ়েগা ইণ্ডিয়া’ নামৰ এক অভিযান চলোৱা হৈছে । কেতিয়াবা ভাবি চাইছেনে ই কিয় প্ৰয়োজনীয় ?

World Food Safety Day: Why is it important to read the label of packed foods before buying them? Know 4 big reasons
পেকেটৰ খাদ্য কিনাৰ আগতে পিচফালে থকা লেবেলখন এবাৰ পঢ়ি চাইনে ? কিয় এয়া জৰুৰী জানি লওক (GETTY IMAGES)
author img

By ETV Bharat Assamese Team

Published : Jun 7, 2024, 7:19 PM IST

প্ৰতি বছৰে ৭ জুনত ‘বিশ্ব খাদ্য সুৰক্ষা দিৱস’ পালন কৰা হয়, যাৰ উদ্দেশ্য হৈছে নিৰাপদ খাদ্যৰ বিষয়ে আমাক সজাগ কৰা যাতে যিকোনো ধৰণৰ স্বাস্থ্যজনিত বিপদৰ পৰা হাত সাৰিব পাৰি ৷ বিগত কেইটামান দশকত পেকেটৰ খাদ্য সামগ্ৰীৰ ধাৰা যথেষ্ট বৃদ্ধি পাইছে, কিন্তু আমি খাই থকা খাদ্য স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কিমান নিৰাপদ সেই বিষয়ে আমি কিমান সচেতন ?

World Food Safety Day: Why is it important to read the label of packed foods before buying them? Know 4 big reasons
পেকেটৰ খাদ্য কিনাৰ আগতে পিচফালে থকা লেবেলখন এবাৰ পঢ়ি চাইনে ? কিয় এয়া জৰুৰী জানি লওক (GETTY IMAGES)

বিশেষজ্ঞসকলে পৰামৰ্শ দিয়ে যে, আপুনি বজাৰৰ পৰা যিকোনো পেক কৰা খাদ্য ক্ৰয় কৰাৰ পূৰ্বে ইয়াৰ মাত্ৰা আৰু উপাদানসমূহ পঢ়াটো খুবেই জৰুৰী ৷ ইয়াৰ কাৰণ জানো আহক-

খাদ্যৰ পেকেটত লেবেল কিয় পঢ়িব লাগে ?

১/ শুদ্ধ তথ্য

প্ৰতিজন ব্যক্তিৰ খাদ্যৰ প্ৰয়োজনীয়তা বেলেগ বেলেগ, খাদ্যৰ পেকেটত লিখা লেবেলটো পঢ়িলে ইয়াত থকা উপাদানসমূহৰ বিষয়ে তথ্য পোৱা যায়, আৰু ইয়াত কোনবোৰ পুষ্টিকৰ উপাদান আছে সেইটোও জানিব পাৰি ৷ আপুনি খাদ্যত থকা কেলৰি, চৰ্বি, কাৰ্ব, ভিটামিন আৰু প্ৰ’টিনৰ পৰিমাণ আৰু আপোনাৰ প্ৰয়োজন অনুসৰি দৈনিক কিমান পৰিমাণৰ প্ৰয়োজন সেই বিষয়ে জানিব পাৰি ৷ আমি কি খাদ্য খাই আছো পেকেটত কোৱাৰ দৰে সেই খাদ্যত উল্লেখ কৰা সামগ্ৰী আছেনে নাই বা ই আপোনাৰ স্বাস্থ্যৰ পক্ষে উপকাৰী হয়নে নহয় সেই বিষয়ে জনাটো খুবেই জৰুৰী ৷

২/ খাদ্য পৰিকল্পনা

ভাৰতীয় লোকে মধুমেহ, উচ্চ ৰক্তচাপ, হৃদৰোগ আদি বিভিন্ন ৰোগৰ সন্মুখীন হ’বলগীয়া হয় ৷ এনে পৰিস্থিতিত আপোনাৰ সুস্বাস্থ্য বজাই ৰাখিবলৈ উপযুক্ত খাদ্য সামগ্ৰী বাছনি কৰাটো খুবেই জৰুৰী ৷ এনে কৰিলে আপুনি আৰু অধিক এইসমূহ ৰোগৰ পৰা হাত সাৰি থাকিব পাৰে ৷

৩/ চেনিৰ পৰিমাণ

আপুনি ডায়েবেটিছ ৰোগত আক্ৰান্ত হওক বা নহওক কোনো কথা নাই, কিন্তু যিকোনো ক্ষেত্ৰতে চেনিৰ পৰিমাণ সীমিত পৰিমাণে গ্ৰহণ কৰাটো গুৰুত্বপূৰ্ণ, কাৰণ অত্যধিক মিঠা বস্তু বহু ৰোগৰ মূল কাৰণ ৷ পেকেটজাতীয় খাদ্যত থকা চেনিৰ উপৰিও যোগ কৰা চেনিৰ পৰিমাণৰ সবিশেষো পঢ়িব লাগে, যাতে ভৱিষ্যতে হোৱা সমস্যা আগতীয়াকৈ ৰোধ কৰিব পৰা যায় ৷

৪/ কেলৰিৰ পৰিমাণ

ভাৰতকে ধৰি বিশ্বৰ বহু লোক মেদবহুলতাৰ বলি হয়, এই অৱস্থাই বহু ৰোগৰ বাবে দায়ী ৷ খাদ্যত যিমানেই বেছি কেলৰি থাকিব সিমানেই আপোনাৰ ওজন বৃদ্ধিৰ সম্ভাৱনা বেছি হ’ব ৷ এনে পৰিস্থিতিত সঠিক পৰিমাণ অনুসৰি আপুনি দৈনিক বাৰ্ণ কৰা কেলৰিতকৈ কম কেলৰি খোৱাৰ সিদ্ধান্ত ল’ব পাৰিব ৷

লগতে পঢ়ক: বিশ্ব খাদ্য সুৰক্ষা দিৱস : অসুৰক্ষিত খাদ্যৰ ফলত বিশ্বব্যাপী দৈনিক 1.6 নিযুত লোক অসুস্থ - World Food Safety Day 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.