ETV Bharat / health

ৰক্তদান কৰক আৰু জীৱন ৰক্ষা কৰাৰ প্ৰচেষ্টাত যোগদান কৰক - World Blood Donor Day 2024

World Blood Donor Day : প্ৰতি বছৰে ১৪ জুনৰ দিনটোত বিশ্ব ৰক্তদাতা দিৱস পালন কৰা হয় । এইবাৰ এই দিৱস উদযাপনৰ ২০ বছৰ সম্পূৰ্ণ হৈছে । সেয়েহে এই বছৰ এই দিনটো আৰু অধিক বিশেষ হৈ পৰিছে । এই দিনটোৰ লগতে এইবাৰৰ বিষয়বস্তুও অতি বিশেষ । এইবাৰৰ থিম কি, এই দিৱস উদযাপনৰ আৰম্ভণি কেনেদৰে আৰু কিয় ৰক্তদানক এক মহান দান বুলি গণ্য কৰা হয় তথা ইয়াৰ উপকাৰিতা সন্দৰ্ভত বিতংভাৱে জানো আহক-

author img

By ETV Bharat Health Team

Published : Jun 14, 2024, 1:35 PM IST

World Blood Donor Day 2024: Them, significance and importance
ৰক্তদান কৰক আৰু জীৱন ৰক্ষা কৰাৰ প্ৰচেষ্টাত যোগদান কৰক (FREEPIK)

ৰক্তদানক মহান দান বুলি কোৱা হয় ৷ ৰক্তদানে বহু লোকৰ জীৱন ৰক্ষা কৰাত সহায় কৰে ৷ বহু জীৱন সংকটজনক চিকিৎসাজনিত অৱস্থাত দান কৰা তেজৰ সহায়ত ৰোগীৰ জীৱন ৰক্ষা পৰে ৷ সেয়ে মানুহক ৰক্তদানৰ দৰে মহান কাম কৰিবলৈ উৎসাহিত কৰাৰ প্ৰয়াস কৰা হয় ৷

প্ৰতি বছৰে ১৪ জুনত বিশ্ব ৰক্তদাতা দিৱস উদযাপন কৰি ৰক্তদানৰ কৰাৰ বাবে ফলত কিমানজনৰ জীৱন ৰক্ষা পৰিব পাৰে, সেই বিষয়ে মানুহক সজাগ কৰি তোলা হয় ৷ জানো আহক কিয় প্ৰতি বছৰে বিশ্ব ৰক্তদাতা দিৱস পালন কৰা হয় আৰু এই বছৰৰ বিশেষ বিষয়বস্তু কি -

কিয় বিশ্ব ৰক্তদাতা দিৱস পালন কৰা হয় ?

চিকিৎসা ক্ষেত্ৰত ৰক্তদানৰ গুৰুত্বপূৰ্ণ ভূমিকা সম্পৰ্কে জনসাধাৰণক সজাগ কৰাৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয় ৷ এই দিনটোও গুৰুত্বপূৰ্ণ কাৰণ এই দিনটোত সকলো ৰক্তদাতাক ধন্যবাদ জনোৱা হয়, যিসকলে লাখ লাখ মানুহৰ জীৱন ৰক্ষা কৰাত সহায় কৰে ৷ সেয়ে এই দিনটোত জনসাধাৰণক ৰক্তদান কৰিবলৈ উৎসাহিত কৰা হৈছে ৷

কেনেকৈ হ’ল বিশ্ব ৰক্তদাতা দিৱসৰ আৰম্ভণি ?

১৯৪০ চনত এজন বিজ্ঞানী ৰিচাৰ্ড ল’ৱাৰে দুটা কুকুৰৰ মাজত প্ৰথমবাৰৰ বাবে সফল ৰক্ত সলনি কৰিছিল আৰু ইয়াৰ কোনো পাৰ্শ্বক্ৰিয়া নাছিল ৷ এই পৰীক্ষাৰ আধাৰত মানুহৰ ৰক্ত সঞ্চালনৰ কৌশলো উদ্ভাৱন কৰা হয় ৷ ইয়াৰ পিচত ২০০৫ চনত বিশ্ব স্বাস্থ্য সন্মিলনে ১৪ জুন তাৰিখটো বিশ্ব ৰক্তদাতা দিৱস হিচাপে পালন কৰাৰ কথা ঘোষণা কৰে আৰু তেতিয়াৰ পৰাই এই দিৱস পালন কৰা হয় ৷ এইবাৰ এই দিৱস পালন কৰাৰ বিশ বছৰ সম্পূৰ্ণ হৈছে ৷

এইবাৰৰ বিষয়বস্তু কি ?

বিশ্ব স্বাস্থ্য সংস্থাই নিজৰ ৱেবছাইটত জনাইছে যে এইবাৰৰ বিষয়বস্তু হৈছে - “20 years of celebrating giving: thank you blood donors !” এই বিষয়বস্তুৰ জৰিয়তে লাখ লাখ ৰক্তদাতাক ধন্যবাদ জনোৱা হৈছে ৷ যাৰ বাবে স্বাস্থ্য উদ্যোগে সুকলমে ৰক্ত ট্ৰান্সফিউজন কৰিবলৈ সক্ষম হৈছে ৷

ইয়াৰ সমান্তৰালকৈ ডব্লিউ এইচ অ’ই লিখিছে যে এই দিনটোৰ জৰিয়তে নিয়মীয়া ৰক্তদানৰ সংস্কৃতিক প্ৰসাৰিত কৰাৰ লগতে যুৱক-যুৱতী আৰু সাধাৰণ জনতাৰ মাজত ৰক্তদানৰ প্ৰসাৰৰ বাবে প্ৰচেষ্টা চলোৱা হৈছে ৷

ৰক্তদানৰ উপকাৰিতা

১) হৃদযন্ত্ৰৰ স্বাস্থ্য বৃদ্ধি কৰে

নিয়মীয়াকৈ ৰক্তদান কৰিলে হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত হ’ব পাৰে ৷ ৰক্তদান কৰিলে আপোনাৰ তেজৰ আঠাযুক্ততা (Stickiness) হ্ৰাস পায়, যাৰ ফলত হাৰ্ট এটেক আৰু ষ্ট্ৰোকৰ সম্ভাৱনা হ্ৰাস পাব পাৰে ৷

২) কৰ্কট ৰোগৰ সম্ভাৱনা হ্ৰাস কৰা

শৰীৰত আইৰণৰ পৰিমাণ বেছি হ’লে কেন্সাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে ৷ যেতিয়া আপুনি ৰক্তদান কৰে, তেতিয়া ই আইৰণৰ মাত্ৰা সুস্থ কৰি ৰখাত সহায় কৰে ৷ যাৰ ফলত কেন্সাৰ হোৱাৰ সম্ভাৱনা কম হয় ৷ সঘনাই ৰক্তদান কৰিলে কিছু প্ৰকাৰৰ কৰ্কট ৰোগ যেনে - যকৃত, পেট, হাওঁফাওঁ, বৃহদান্ত্ৰ আৰু ডিঙিৰ কৰ্কট ৰোগৰ সম্ভাৱনা হ্ৰাস পায় ৷

৩) নতুন ৰক্তকণিকা গঠনত সহায় কৰে

যেতিয়া আপুনি ৰক্তদান কৰে, তেতিয়া আপোনাৰ শৰীৰে তেজৰ ক্ষতিৰ ক্ষতিপূৰণ দিবলৈ কাম কৰে ৷ এই প্ৰক্ৰিয়াই নতুন ৰক্তকণিকা উৎপাদনত সহায় কৰে, আপোনাৰ ৰক্তকণিকাবোৰ সুস্থ আৰু কাৰ্যক্ষম কৰি ৰাখে ৷ এই পুনৰ উৎপাদনে আপোনাৰ শৰীৰৰ নতুন কোষ উৎপাদনৰ ক্ষমতা বৃদ্ধি কৰিব পাৰে, আপোনাৰ শৰীৰৰ প্ৰয়োজনীয় কামবোৰ দক্ষতাৰে সম্পন্ন কৰাৰ ক্ষমতা বজাই ৰাখিব পাৰে ৷

৪) ওজন কমাবলৈ সহায় কৰে

ৰক্তদানে ওজন কমাবলৈ আৰু ফিটনেছ উন্নত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে ৷ এক পিণ্ট অৰ্থাৎ ৪৫০ মিলিলিটাৰ ৰক্তদান কৰিলে আপোনাৰ শৰীৰে প্ৰায় ৬৫০ কেলৰি হ্ৰাস হয় ৷ অৱশ্যে কেৱল ওজন কমাবলৈ এই কাম নকৰিব ৷ ইয়াৰ বাবে নিয়মিত ব্যায়াম কৰক আৰু দৈনন্দিন খাদ্য তালিকাত পুষ্টিকৰ খাদ্য অন্তৰ্ভুক্ত কৰক ৷

লগতে পঢ়ক: আন্তৰাষ্ট্ৰীয় স্নান দিৱস : দৈনিক দুবাৰকৈ স্নান কৰা উচিত - International Bath Day

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.