ETV Bharat / health

মহিলাসকলৰ মাজত কিয় দ্ৰুতগতিত বৃদ্ধি পাইছে সুৰাপানৰ প্ৰৱণতা - Women and Alcohol

author img

By ETV Bharat Assamese Team

Published : Aug 9, 2024, 8:35 PM IST

Women liquor consumption: দেশত ক্ৰমান্বয়ে বৃদ্ধি পাইছে মহিলা সুৰাপায়ীৰ হাৰ ৷ শেহতীয়াকৈ নতুন দিল্লীত মহিলাসকলৰ সুৰাপানৰ ওপৰত কৰা এটি সমীক্ষাত এই কথা পোহৰলৈ আহিছে যে, ১৮-৩০ বছৰ বয়সৰ ৪৩.৭ শতাংশ মহিলাই অভ্যাসগত হিচাপে বা ইচ্ছাৰ বাবে মদ্যপান কৰে, ৩১-৪৫ বছৰ বয়সৰ ৪১.৭ শতাংশ মহিলাই বৃত্তিগত প্ৰয়োজনীয়তা হিচাপে বা সামাজিক কাৰণত মদ্যপান কৰে ।

Women's increased alcohol consumption contributing to India's growing love for alcohol: Survey
মহিলাসকলৰ মাজত কিয় দ্ৰুতগতিত বৃদ্ধি পাইছে সুৰাপান কৰাৰ হাৰ (FREEPIK)

মহিলাসকলৰ মাজত সুৰাপান কৰাৰ হাৰ দ্ৰুতগতিত বৃদ্ধি পাইছে ৷ যিটো সাম্প্ৰতিক সময়ত এটা ডাঙৰ চিন্তনীয় বিষয় হৈ পৰিছে ৷ মহিলা সুৰাপায়ীৰ হাৰ ক্ৰমান্বয়ে বৃদ্ধি হোৱাৰ বহুতো কাৰণ থাকিব পাৰে ৷ কিন্তু সজাগতা, সমৰ্থন আৰু এক স্বাস্থ্যকৰ জীৱনশৈলীৰ জৰিয়তে এই সমাস্যাৰ সমাধান বিচাৰি উলিয়াব পাৰি ৷

সমাজৰ পৰিৱৰ্তনশীল প্ৰৱণতা আৰু মহিলাৰ স্বাধীনতা বৃদ্ধিৰ বাবে সুৰা সেৱন এক সাধাৰণ সামাজিক কাৰ্যকলাপ হৈ পৰিছে ৷ পশ্চিমীয়া জীৱনশৈলী আৰু বিশ্বায়নৰ প্ৰভাৱো ইয়াৰ অন্যতম কাৰণ ৷ একে সময়তে, কৰ্মৰত মহিলাসকলৰ জীৱনত চাপ বৃদ্ধি হোৱাৰ বাবেও তেওঁলোকৰ মাজত সুৰা সেৱনৰ প্ৰৱণতা বৃদ্ধি পাইছে ৷

বহুসময়ত মহিলাসকলে বন্ধু আৰু সহকৰ্মীৰ হেঁচাত সুৰা সেৱন কৰা আৰম্ভ কৰিব পাৰে ৷ পাৰ্টী তথা সামাজিক অনুষ্ঠানবোৰত সুৰা সেৱন কৰাটো এতিয়া অধিকাংশৰ বাবেই এটা সাধাৰণ অভ্যাস হৈ পৰিছে ৷ যিয়ে স্পষ্ট কৰে যে বিগত বছৰবোৰত মহিলাসকলৰ মাজত সুৰাপান বৃদ্ধি পাইছে ৷ ২০১৯ৰ এক প্ৰতিবেদন অনুসৰি, ভাৰতত প্ৰায় ২.৯% মহিলা আৰু ২৯.২% পুৰুষে সুৰা সেৱন কৰে ৷ এই পৰিসংখ্যা অনুসৰি মহিলাৰ হাৰ কম যদিও সম্প্ৰতি এয়া অভাৱনীয় হাৰত বৃদ্ধি হৈ আছে ৷

শেহতীয়াকৈ নতুন দিল্লীত মহিলাসকলৰ সুৰাপানৰ ওপৰত কৰা এটি সমীক্ষাত এই কথা পোহৰলৈ আহিছে যে, ১৮-৩০ বছৰ বয়সৰ ৪৩.৭ শতাংশ মহিলাই অভ্যাসগত হিচাপে বা ইচ্ছাৰ বাবে মদ্যপান কৰে, ৩১-৪৫ বছৰ বয়সৰ ৪১.৭ শতাংশ মহিলাই বৃত্তিগত প্ৰয়োজনীয়তা হিচাপে বা সামাজিক কাৰণত মদ্যপান কৰে ।

সমীক্ষাটোত কোৱা হৈছে যে, ৬০ বছৰৰ ওপৰৰ ৫৩ শতাংশতকৈ অধিক মহিলা আৰু ৪৬–৬০ বছৰৰ ৩৯.১ শতাংশ মহিলাই আৱেগিক কাৰণত মদ্যপান কৰে ।

স্বাস্থ্যত প্ৰভাৱ

  • মহিলাৰ সুৰাপানে যকৃতৰ চিৰ’চিছ আৰু যকৃতৰ কৰ্কট ৰোগৰ আশংকা বৃদ্ধি কৰিব পাৰে ৷
  • দীৰ্ঘম্যাদী সুৰাপান কৰিলে হৃদৰোগ হ'ব পাৰে ৷
  • সুৰাই মহিলাসকলৰ স্তনৰ কৰ্কট ৰোগ আৰু অন্যান্য প্ৰকাৰৰ কৰ্কট ৰোগৰ আশংকা বৃদ্ধি কৰিব পাৰে ৷
  • সুৰাপানে মানসিক স্বাস্থ্যৰ সমস্যা বৃদ্ধি কৰে ৷
  • সুৰাৰ আসক্তি এক গুৰুতৰ মানসিক স্বাস্থ্য সমস্যা হৈ পৰিব পাৰে ৷

সুৰাৰ পৰা দূৰত থকাৰ উপায়

মহিলাসকলক সুৰাৰ ক্ষতিকাৰক প্ৰভাৱৰ বিষয়ে সজাগ কৰাটো প্ৰয়োজনীয় ৷ ইয়াৰ বাবে বিদ্যালয় আৰু কৰ্মক্ষেত্ৰত সজাগতা কাৰ্যসূচী আয়োজন কৰিব পাৰি ৷ তদুপৰি, পেছাদাৰী পৰামৰ্শ আৰু চিকিৎসাৰ সহায়ত সুৰাৰ অভ্যাস এৰি দিব পাৰি ৷

সলনি কৰক জীৱনশৈলী

সুৰাৰ সলনি এক স্বাস্থ্যকৰ জীৱনশৈলী গ্ৰহণ কৰক ৷ দৈনিক ব্যায়াম, যোগ, ধ্যান, ভাল টোপনি, পুষ্টিকৰ আহাৰ আৰু হাইড্ৰেচন বৃদ্ধি কৰাত গুৰুত্ব দিব ৷ এলক'হলিক এনোনিমাছ (এ.এ.)ৰ দৰে গোটত যোগদান কৰাটোও সুৰাপায়ীৰ বাবে লাভজনক হ'ব পাৰে ৷ য'ত একে ধৰণৰ অভিজ্ঞতা থকা লোকসকলে ইজনে সিজনক এই অভ্যাসৰ পৰা হাত সৰাত সহায় কৰিব পাৰে ৷

লগতে পঢ়ক: মাউথৱাছ ব্যৱহাৰ কৰাৰ সময়ত হওক সাৱধান! গৱেষণাত পোহৰলৈ আহিল এই ডাঙৰ তথ্য - Mouthwash Side Effects

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.