ETV Bharat / health

কিছুমান মানুহৰ কিয় বেছিকৈ পিয়াহ লাগে ? জানি লওক কাৰণ - Extreme Thirst

author img

By ETV Bharat Assamese Team

Published : May 31, 2024, 9:53 PM IST

Extreme Thirst: পিয়াহ অনুভৱ কৰাটো সাধাৰণ কথা, কিন্তু যদিহে অধিক পানী খোৱাৰ পিচতো এই ধাৰা বন্ধ নহয়, এনে পৰিস্থিতিক সহজভাৱে ল’ব নালাগে ৷

Why do some people feel excessive thirst? 5 diseases could be the reason
কিছুমান মানুহৰ কিয় বেছিকৈ পিয়াহ লাগে ? জানি লওক কাৰণ (FREEPIK)

আজিকালি সমগ্ৰ ভাৰততে গৰমৰ ভয়াৱহ ৰূপ ধাৰণ কৰিছে, এনে পৰিস্থিতিত শৰীৰত পানী অভাৱ হ’বলৈ নিদিবলৈ সৰ্বোত্তম আৰু সস্তা উপায় হ’ল নিয়মিতভাৱে পানী খোৱা ৷ শৰীৰত যিমানেই ঘাম বা গৰম অনুভৱ নকৰক কিয়, পিয়াহ দূৰ কৰিবলৈ আধাৰ পৰা এক লিটাৰ পানীয়েই যথেষ্ট ৷ কিন্তু কিছুমান মানুহৰ প্ৰয়োজনতকৈ অধিক পিয়াহ লাগে ৷ কিন্তু কিয় জানো আহক-

কিছুমান মানুহৰ কিয় বেছিকৈ পিয়াহ লাগে ?

আপুনি নিশ্চয় লক্ষ্য কৰিছে যে বহু লোকে পিয়াহ দূৰ কৰিবলৈ কেইবাগিলাচ পানী খোৱাৰ পিচতো, বা ঠাণ্ডা ৰস আৰু শীতল পানীয় সেৱন কৰাৰ পিচতো ডিঙিটো সকলো সময়তে শুকান অনুভৱ হয় ৷ এনে পৰিস্থিতিক সহজভাৱে ল’ব নালাগে কাৰণ ই অতি বিপদজনক হ’ব পাৰে ৷ ইয়াৰ আঁৰৰ কাৰণ কি হ’ব পাৰে জানো আহক-

১/ ডিহাইড্ৰেচন

যিসকলৰ ডিহাইড্ৰেচনৰ সমস্যা আছে তেওঁলোকৰ পিয়াহ বেছিকৈ লাগে ৷ যদি ইতিমধ্যে শৰীৰত পানীৰ অভাৱ বেছি হৈছে, তেন্তে এগিলাচ বা দুগিলাচ পানী খালে পিয়াহ নাইকীয়া নহয় ৷ এনে লোকে দিনটোত পানী বেছিকৈ খোৱা উচিত ৷

২/ শুকান মুখ

বহুলোকে মুখত পৰ্যাপ্ত পৰিমাণৰ লেলাউটি উৎপন্ন নকৰে যাৰ বাবে তেওঁলোকৰ মুখ শুকান অনুভৱ হয় আৰু বাৰে বাৰে পানী খোৱাৰ পিচতো তেওঁলোকৰ পিয়াহ নকমে ৷

৩/ ডায়েবেটিছ

এই ৰোগ বহু ৰোগৰ মূল বুলি কোৱা হৈছে ৷ ডায়েবেটিছ ৰোগীৰ এটা ডাঙৰ সমস্যা হ’ল তেওঁলোকে অত্যধিক পিয়াহ অনুভৱ কৰে ৷

৪/ খাদ্যাভ্যাস

যদি আপুনি জাংক ফুড বা বেছিকৈ মচলাযুক্ত খাদ্য খাই আছে, তেন্তে বাৰে বাৰে পিয়াহ অনুভৱ কৰাটো স্বাভাৱিক ৷

৫/ ৰক্তহীনতা

শৰীৰত তেজৰ অভাৱক ৰক্তহীনতা বুলি কোৱা হয়, এই অৱস্থাত হিম’গ্লবিনৰ অভাৱ হয়, যাৰ বাবে বাৰে বাৰে পানী খোৱাৰ পিচতো পিয়াহৰ অনুভৱ বন্ধ নহয় ৷

লগতে পঢ়ক: সুস্থ হৈ থাকিবলৈ আমি এদিনত কিমান গিলাছ পানী খোৱা উচিত ? - Drinking Water in the Morning

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.