কেতিয়া আৰু কিয় পালন কৰা হয় বিশ্ব নিদ্ৰা দিৱস ? - World Sleep Day 2024
World Sleep Day 2024: বেয়া খাদ্যাভ্যাস, ব্যস্ত জীৱনশৈলী আৰু মানসিক চাপৰ বাবে বেছিভাগ মানুহেই ৰাতি ভালদৰে শুব নোৱাৰে । যাৰ বাবে তেওঁলোকৰ জীৱনশৈলী বেয়া হৈ গৈ থাকে । টোপনিৰ অভাৱৰ বাবে মানুহ সোনকালে অসুস্থ হ’বলৈ আৰম্ভ কৰে । ইয়াৰ ফলত হোৱা ৰোগৰ পৰা মানুহক ৰক্ষা কৰা তথা সজাগতা সৃষ্টিৰ উদ্দেশ্যে বিশ্ব নিদ্ৰা দিৱস পালন কৰা হয় ৷
Published : Mar 15, 2024, 12:20 PM IST
মানৱ অধিকাৰৰ অধীনত প্ৰতি বছৰে বিশ্ব নিদ্ৰা দিৱস পালন কৰা হয়, ইয়াৰ উদ্দেশ্য হৈছে টোপনিৰ সৈতে জড়িত বিষয়সমূহৰ বিষয়ে মানুহক সজাগ কৰা ৷ প্ৰায়ে আমি দেখিবলৈ পাওঁ যে এজন ব্যক্তিয়ে নিজৰ প্ৰয়োজন পূৰণৰ বাবে দিনে-নিশাই কঠোৰ পৰিশ্ৰম কৰে, যাৰ বাবে তেওঁ সঠিক পৰিমাণে শুবলৈ পাহৰি যায় বা তাৰ লগত আপোচ কৰে ৷
আনহাতে টোপনিৰ অভাৱৰ বাবে আপোনাৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে ৷ প্ৰতি বছৰে বসন্ত বিষুৱৰ আগতে বিশ্ব নিদ্ৰা দিৱস পালন কৰা হয় ৷ এইবাৰ ১৫ মাৰ্চত বিশ্ব নিদ্ৰা দিৱস পালন কৰা হ’ব ৷ প্ৰতি বছৰে এই দিৱস এটি বিষয়বস্তুৰ সৈতে পালন কৰা হয় ৷ জানো আহক এই বৰ্ষৰ বিষয়বস্তুৰ বিষয়ে ৷
বিশ্ব নিদ্ৰা দিৱস ২০২৪ৰ থিম
২০২৪ চনত বিশ্ব নিদ্ৰা দিৱসৰ বিষয়বস্তু আছিল ‘Sleep Equity for Global Health’ ৷ অৰ্থাৎ সুস্থ হৈ থাকিবলৈ টোপনি ইমানেই গুৰুত্বপূৰ্ণ, কিন্তু ইয়াৰ সমান্তৰালকৈ কেতিয়াবা এনে পৰিস্থিতিৰো সৃষ্টি হয় যাৰ বাবে মানুহে টোপনি সম্পূৰ্ণ কৰিব নোৱাৰে ৷ ইয়াৰ বাবেই তেওঁলোকৰ শাৰীৰিক স্বাস্থ্যৰ অৱনতি হোৱাই নহয় তেওঁলোকৰ মানসিক স্বাস্থ্যৰো অৱনতি ঘটে ৷
বিশ্ব নিদ্ৰা দিৱসৰ ইতিহাস
এফালে আমাক ফিট হৈ থাকিবলৈ স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে যদিও আনফালে সুস্থ হৈ থাকিবলৈ পৰ্যাপ্ত টোপনি অহাটোও সমানেই গুৰুত্বপূৰ্ণ ৷ টোপনিৰ অভাৱৰ বাবে মানুহে বহু গুৰুতৰ ৰোগৰ বলি হ’ব পাৰে ৷
বিশেষকৈ ডাঙৰ চহৰত ব্যস্ত জীৱনশৈলীৰ বাবে অধিকাংশ লোকে ৰাতি ভালদৰে টোপনি নাহে, যাৰ বাবে তেওঁলোকে বহু শাৰীৰিক আৰু মানসিক সমস্যাৰ সন্মুখীন হ’বলৈ আৰম্ভ কৰে ৷ এই সমস্যাসমূহৰ সমাধান বিচাৰিবলৈ World Sleep Societyএ নিদ্ৰা দিৱসৰ আৰম্ভণি কৰে ৷ এই দিৱস উদযাপন প্ৰথম আৰম্ভ হৈছিল ২০০৮ চনৰ পৰা ৷ এতিয়া ৮৮খনতকৈও অধিক দেশত বিশ্ব নিদ্ৰা দিৱস পালন কৰা হয় ৷
বিশ্ব নিদ্ৰা দিৱস ২০২৪ৰ তাৎপৰ্য
বেয়া খাদ্যাভ্যাস, ব্যস্ত জীৱনশৈলী আৰু মানসিক চাপৰ বাবে বেছিভাগ মানুহেই ৰাতি ভালদৰে শুবলৈ নোৱাৰে ৷ যাৰ বাবে তেওঁলোকৰ জীৱনশৈলী বেয়া হৈ গৈ থাকে ৷ টোপনিৰ অভাৱৰ বাবে মানুহ সোনকালে অসুস্থ হ’বলৈ আৰম্ভ কৰে ৷ ইয়াৰ ফলত হোৱা ৰোগৰ পৰা মানুহক ৰক্ষা কৰিবলৈ আৰু সজাগতা সৃষ্টিৰ উদ্দেশ্যে বিশ্ব নিদ্ৰা দিৱস উদযাপন আৰম্ভ হ’ল ৷
পৰিসংখ্যাই কি কয় ?
পূৰ্বতে অনিদ্ৰাৰ সমস্যাক বৃদ্ধসকলৰ সমস্যা বুলি গণ্য কৰা হৈছিল ৷ কিন্তু বিগত কেইবছৰমানৰ পৰা সৰু ল’ৰা-ছোৱালী আৰু যুৱক-যুৱতীসকলৰ ক্ষেত্ৰতো টোপনিৰ লগত জড়িত সমস্যা বা টোপনিৰ বিকাৰৰ সৃষ্টি হ’বলৈ আৰম্ভ কৰিছে ৷ এক অধ্যয়ন অনুসৰি বিশ্বৰ প্ৰায় ৩০% জনসংখ্যা টোপনিৰ সমস্যাত ভুগিছে ৷ ইয়াৰে ২৫% ৰোগী এতিয়াও বৃদ্ধৰ ক্ষেত্ৰত দেখা যায় ৷
আমেৰিকান স্লিপ এছ’চিয়েশ্যনৰ তথ্য অনুসৰি ২.৫ কোটিতকৈ অধিক লোক স্লিপ এপনিয়াত আক্ৰান্ত হৈছে ৷ যিটো টোপনিৰ বিকাৰৰ মাজত আটাইতকৈ সাধাৰণ সমস্যা বুলি গণ্য কৰা হয় ৷ নেশ্যনেল চেণ্টাৰ অৱ বায়’টেকন’লজি ইনফৰ্মেশ্যন (এন চি বি আই)ৰ তথ্য অনুসৰি ভাৰতৰ ২০%তকৈ অধিক লোক টোপনিৰ সমস্যাত ভুগি আছে ৷
বিগত বছৰত প্ৰকাশিত অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্স/এইমছৰ পালমোনাৰী ক্ৰিটিকেল কেয়াৰ এণ্ড স্লিপ মেডিচিন বিভাগৰ চিকিৎসকে কৰা এক গৱেষণা বিশ্লেষণত কোৱা হৈছে যে, ভাৰতৰ প্ৰায় ১০.৪ কোটি লোক অব্ষ্ট্ৰাক্টিভ স্লিপ এপনিয়া (OSA)ৰ বলি হৈছে ৷ ইয়াৰে ৪.৭ কোটি লোক ইয়াৰ ভয়াৱহ মাত্ৰাত ভুগি আছে ৷ এই অধ্যয়নত পাঁচৰ পৰা দহ বছৰ বয়সৰ শিশুৰ ক্ষেত্ৰত ইয়াৰ প্ৰাদুৰ্ভাৱ আৰু বিপদজনক কাৰকসমূহৰ ওপৰতো অধ্যয়ন কৰা হৈছে ৷ যাৰ ফলাফলত প্ৰকাশ পাইছে যে, ভাৰতীয় শিশুসকলক ক্ৰমান্বয়ে অ’এছএই প্ৰভাৱিত কৰিছে ৷
লগতে পঢ়ক: World Sleep Day 2023: এইবোৰ কাৰণতে ভুগিবলগীয়া হয় অনিদ্ৰাৰ সমস্যাত !