ETV Bharat / health

শিৱ পূজাত কি ধৰণৰ সামগ্ৰী অৰ্পণ কৰিলে ভাল ফল লাভ কৰিব ?

author img

By ETV Bharat Assamese Team

Published : Mar 8, 2024, 1:18 PM IST

Mahashivratri 2024: শিৱ পূজাত কি ধৰণৰ সামগ্ৰী অৰ্পণ কৰিলে ভাল ফল লাভ কৰিব ? প্ৰসাদ হিচাপে কি অৰ্পণ কৰিব ? শিৱ লিংগত কেনেকুৱা ধৰণৰ সামগ্ৰী অৰ্পণ কৰা উচিত নহয় ? শিৱ পূজাত কি কি ধৰণৰ ফুল অৰ্পণ কৰিব লাগে ? এই সন্দৰ্ভত জনালে জ্যোতিষ সম্ৰাজ্ঞী ড৹ কৰবী বেজবৰুৱাই ৷

what-kind-of-things-offer-to-lord-shiva-to-get-get-good-results-in-mahashivratri
শিৱ পূজাত কি ধৰণৰ সামগ্ৰী অৰ্পণ কৰিলে ভাল ফল লাভ কৰিব ?
ড৹ কৰবী বেজবৰুৱা

গুৱাহাটী, 8 মাৰ্চ: আজি মহা শিৱৰাত্রি ৷ লোক বিশ্বাস অনুসৰি শিৱৰাত্রীৰ দিনা মহাদেৱ শিৱৰ ব্ৰত কৰিলে মনত আশা সোনকালে পুৰ হয় বা মনে বিচৰা ফল পোৱা যায় ৷ এইবাৰৰ শিৱৰাত্রীৰ দুদিনীয়াকৈ তিথি পৰিছে ৷ কিছু কিছু পঞ্জিকা অনুসৰি শিৱৰাত্রীৰ তিথি আজি নিশা ৭.৪৬ ৰ পৰা লাগিব ৷ আনহাতে কিছু পঞ্জিকা অনুসৰি ৭.৫৭ মিনিটৰ পৰা কাইলৈ ৬ বজালৈ থাকিব ৷ শিৱৰাত্ৰীত চাৰি প্ৰহৰৰ পূজা হয় সেয়েহে গোটেই ৰাতি পূজা কৰা হয় ৷ কিন্তু কোনো কোনো ক্ষেত্ৰত এক প্ৰহৰৰ পূজা কৰিয়ে সামৰি থোৱা হয় ৷

  • শিৱলিংগত গাখীৰ, মৌ, দৈ, বেলপাত আদি অৰ্পণ কৰাৰ ফলত মহাদেৱ সন্তুষ্ট হোৱাৰ উপৰিও নৱগ্ৰহও সন্তুষ্ট হয় ৷ ইয়াৰোপৰি যদি ৰবি গ্ৰহৰ কিবা অশুভ ফল থাকে তেন্তে মহাদেৱক চন্দনৰ তিলক অৰ্পণ কৰিলে শুভ ফল লাভ কৰা যায় ৷
  • গাখীৰ অৰ্পণ কৰিলে চন্দ্ৰ গ্ৰহ সন্তুষ্ট হয় বুলি কোৱা হয় ৷
  • মৌ অৰ্পণ কৰিলে মংগল গ্ৰহৰ পৰা পোৱা বিৰূপ আঁতৰে ৷
  • বেলপাত অৰ্পণ কৰিলে বুধ গ্ৰহৰ বিৰূপ প্ৰভাৱ আঁতৰ হয় ৷
  • বৃহস্পতি গ্ৰহক প্ৰসমিত কৰিবলৈ বুট অৰ্পণ কৰিব লাগে ৷
  • দৈ অৰ্পণ কৰিলে শুক্ৰগ্ৰহ সন্তুষ্ট থাকে ৷
  • শিৱলিংগৰ সন্মুখত ধূপ জ্বলালে শনিগ্ৰহ প্ৰসমিত হয় ৷
  • লগতে শিৱলিংগত থকা নাগত পানী ঢালিলে ৰাহু-কেতু গ্ৰহ প্ৰসমিত হয় ৷

শিৱপূজাত কি কি ধৰণৰ ফুল অৰ্পণ কৰিব লাগে ?

শিৱপূজাত নীলা বা বগা অপৰাজিতা ফুল, যিকোনো বগা ফুল, ধতুৰা ফুল, দোৰোম ফুল আৰু আকন ফুল অৰ্পণ কৰিব লাগে ৷ লগতে বেলপাত, বেল অপৰিহাৰ্য ৷ কিন্তু বগা ফুলৰ ক্ষেত্ৰত কেতিয়াও কেতেকী ফুল মহাদেৱৰ চৰণত অৰ্পণ কৰিব নালাগে ৷

প্ৰসাদ হিচাপে কি অৰ্পণ কৰিব

প্রসাদ হিচাপে নভঙা অৰ্থাৎ অক্ষত চাউল, পঞ্চমৃত( গাখীৰ, দৈ, ঘী,মৌ, চেনি) প্ৰসাদ হিচাপে অৰ্পণ কৰিব পাৰে ৷

শিৱলিংগত কেনেকুৱা ধৰণৰ সামগ্ৰী অৰ্পণ কৰা উচিত নহয় ?

হালধি, কেশৰ, সেন্দুৰ আৰু কুমকুমৰ তিলক কেতিয়াও শিৱলিংগত দিব নালাগে ৷ ফুলৰ ভিতৰত কেতেকী ফুল কেতিয়াও দিব নালাগে লগতে যিকোনো ধৰণৰ ৰঙা ফুল অৰ্পণ কৰিব নালাগে ৷ নাৰিকলৰ পানী মহাদেৱক অৰ্পণ কৰিব নালাগে ৷ তুলসী পাত কেতিয়াবা শিৱলিংগত দিব নালাগে আৰু লিঙ্গত পানী ঢালোতে কেতিয়াও ব্ৰঞ্জৰ পাত্ৰতে ঢালিব নালাগে ৷

লগতে পঢ়ক: ৮ নে ৯ মাৰ্চ কেতিয়া পালন কৰা হ’ব মহাশিৱৰাত্ৰি ? জানি লওক সঠিক দিন আৰু পূজা পদ্ধতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.