ETV Bharat / health

চাইনাছ এৰিথমিয়া কি ? ইয়াৰ লক্ষণ আৰু কাৰণ জানি লওক - Sinus Arrhythmia

author img

By ETV Bharat Health Team

Published : Aug 2, 2024, 4:10 PM IST

Sinus Arrhythmia : দ্ৰুত বা লেহেমীয়া হৃদস্পন্দন চাইনাছৰ এৰিথমিয়াৰ কাৰণ হ’ব পাৰে । এই সময়ছোৱাত এজন ব্যক্তিয়ে কি কি লক্ষণ অনুভৱ কৰে বিশেষজ্ঞৰ পৰা জানো আহক ?

What is sinus arrhythmia? Know its symptoms and causes
কি হয় চাইনাছ এৰিথমিয়া ? ইয়াৰ লক্ষণ আৰু কাৰণ জানি লওক (FREEPIK)

আমি দৈনন্দিন জীৱনত কৰা কিছুমান কামে আমাৰ হৃদয়ত প্ৰভাৱ পেলায় । আমি যেতিয়া বেগেৰে দৌৰো বা খুব জোৰেৰে খটখটী বগাও তেতিয়া হৃদস্পন্দনৰ গতি বাঢ়িবলৈ আৰম্ভ কৰে । মানসিক চাপ, উত্তেজনা আৰু অস্থিৰতাৰ বাবেও হৃদস্পন্দনৰ পৰিৱৰ্তন হ’ব পাৰে । হৃদস্পন্দনৰ এই পৰিৱৰ্তনক চাইনাছ এৰিথমিয়া বুলি জনা যায় । এইক্ষেত্ৰত উশাহ-নিশাহ লোৱাৰ সময়ত ব্যক্তিজনৰ হৃদস্পন্দনৰ পৰিৱৰ্তন হ’ব পাৰে ।

যদিও এইটো এটা স্বাভাৱিক প্ৰক্ৰিয়া । কিন্তু কোনো কাৰণ নোহোৱাকৈ ইয়াৰ পৰিৱৰ্তন হ’লে এয়া হৃদৰোগৰ লক্ষণ হ’ব পাৰে । এই প্ৰতিবেদনত নাৰায়ণা চিকিৎসালয়ৰ হৃদৰোগ বিশেষজ্ঞ ডাঃ সৌৰভ চোপ্ৰাৰ পৰা বিতংভাৱে জানো আহক, চাইনাছ এৰিথমিয়া কি ?

ইয়াৰ লগতে আমি চাইনাছ এৰিথমিয়াৰ কাৰণ আৰু লক্ষণসমূহৰ বিষয়েও চিকিৎসকৰ পৰা জানো আহক-

চাইনাছ এৰিথমিয়া কি ?

চাইনাছ এৰিথমিয়া বুলিলে উশাহ-নিশাহৰ লগে লগে হোৱা হৃদস্পন্দনৰ স্বাভাৱিক পৰিৱৰ্তনক বুজোৱা হয় । ইয়াত শ্বাস-প্ৰশ্বাসৰ সময়ত হৃদস্পন্দনৰ গতি বাঢ়ি যায় আৰু উশাহ-নিশাহ লেহেমীয়া হয় । এই পৰিৱৰ্তন স্বয়ংক্ৰিয় স্নায়ুতন্ত্ৰৰ নিয়ন্ত্ৰণৰ এক স্বাভাৱিক অংশ । বৰ্তমান এই পৰিস্থিতিক স্বাভাৱিক পৰ্যায় বুলি গণ্য কৰা হয় । অৱশ্যে ই কেতিয়াবা আন হৃদযন্ত্ৰৰ সমস্যাৰ ইংগিতো দিব পাৰে ।

কিহৰ ফলত চাইনাছৰ এৰিথমিয়া হয়?

স্বয়ংক্ৰিয় স্নায়ুতন্ত্ৰৰ কাৰ্যকলাপ

হৃদযন্ত্ৰ আৰু স্বয়ংক্ৰিয় স্নায়ুতন্ত্ৰৰ মাজত হোৱা পাৰস্পৰিক ক্ৰিয়াৰ ফলত চাইনাছ এৰিথমিয়া হয় । পেৰাচিম্পেথেটিক নাৰ্ভাছ চিষ্টেমৰ অংশ ভেগাছ নাৰ্ভে উশাহ লোৱাৰ সময়ত হৃদস্পন্দন লেহেমীয়া কৰে, আনহাতে চিম্পেথেটিক নাৰ্ভাছ চিষ্টেমে উশাহ লোৱাৰ সময়ত হৃদস্পন্দন বৃদ্ধি কৰিব পাৰে । প্ৰাকৃতিকভাবে হৃদস্পন্দনৰ এই উঠা-নমাৰ ফলত চাইনাছৰ এৰিথমিয়া হ’ব পাৰে ।

শ্বাস-প্ৰশ্বাসৰ পৰিৱৰ্তন

চাইনাছ এৰিথমিয়া শ্বাস-প্ৰশ্বাসৰ চক্ৰৰ সৈতে জড়িত । উশাহ লোৱাৰ সময়ত হৃদস্পন্দন কমি যায় । এই শ্বাস-প্ৰশ্বাসজনিত পৰিৱৰ্তন যৌৱনকালত বেছিকৈ দেখা যায় ।

বয়স আৰু শাৰীৰিক অৱস্থা

ডেকা আৰু সুস্থ ব্যক্তিৰ ক্ষেত্ৰত চাইনাছ এৰিথমিয়া বেছিকৈ দেখা যায় আৰু বয়সৰ লগে লগে ই কমি যায় । শিশু আৰু যুৱক-যুৱতীসকলৰ চাইনাছ এৰিথমিয়া প্ৰায়ে বেছিকৈ দেখা যায় । ৰোগৰ বাবে এই সুস্থ হৃদস্পন্দন সলনি হ’ব পাৰে ।

হৃদৰোগ

কিছুমান ক্ষেত্ৰত চাইনাছ এৰিথমিয়া হৃদৰোগৰ সৈতে জড়িত হ’ব পাৰে । হাৰ্ট এটেক, হাৰ্ট ফেইলাৰ বা অন্যান্য ৰোগৰ বাবেও এজন ব্যক্তিৰ হৃদস্পন্দন সলনি হ’ব পাৰে । হৃদযন্ত্ৰৰ লগত জড়িত সমস্যাই হৃদযন্ত্ৰৰ কাৰ্যত পৰিৱৰ্তন ঘটাব পাৰে ।

জ্বৰ আৰু সংক্ৰমণ

জ্বৰ আৰু সংক্ৰমণৰ বাবে হৃদস্পন্দনত পৰিৱৰ্তন হ’ব পাৰে । জ্বৰ আৰু প্ৰদাহৰ ফলত হোৱা সংক্ৰমণত হৃদস্পন্দনৰ পৰিৱৰ্তন দেখা যাব পাৰে ।

চাইনাছ এৰিথ্মিয়াৰ লক্ষণসমূহ কি কি ?

  • উদ্বেগ বৃদ্ধি হোৱা
  • মূৰ ঘুৰণি
  • উশাহ লোৱাত অসুবিধা হোৱা
  • ভাগৰুৱা অনুভৱ কৰা ইত্যাদি
লগতে পঢ়ক: বাৰে বাৰে উশাহ ফুলাৰ সমস্যা আছে নেকি ? খাবলৈ আৰম্ভ কৰক এই খাদ্য - Shortness of Breath

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.