ETV Bharat / health

ফল-মূল আৰু শাক-পাচলি নোধোৱাকৈ ব্যৱহাৰ কৰে নেকি ? - Fruits and Vegetables Cleaning Tips - FRUITS AND VEGETABLES CLEANING TIPS

How to Wash Fruits & Vegetables: বাৰী বা বজাৰৰ পৰা পোনপটীয়াকৈ শাক-পাচলি আৰু ফল-মূল ব্যৱহাৰ কৰাৰ ভুল স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ’ব পাৰে । ইয়াত লিষ্টেৰিয়া, ই কলাই, ছালমোনেলা, হেপাটাইটিছ এ আৰু ন’ৰ’ভাইৰাছ আদিৰ দৰে বেক্টেৰিয়া থাকিব পাৰে । সেয়ে শাক-পাচলিক খোৱাৰ পূৰ্বে কিদৰে পৰিষ্কাৰ কৰা উচিত জানি লওক-

What happens if you eat Fruits & Vegetables without washing them?
ফল-মূল আৰু শাক-পাচলি নোধোৱাকৈ ব্যৱহাৰ কৰে ব্যৱহাৰ কৰে নেকি ? (CANVA)
author img

By ETV Bharat Assamese Team

Published : Aug 18, 2024, 6:52 PM IST

আমি সকলোৱে জানো যে বাৰী বা দোকানৰ পৰা ফল-মূল ক্ৰয় কৰাৰ পিছত ভালদৰে ধুইহে গ্ৰহণ কৰিব লাগে, কিন্তু ইয়াক ধোৱাৰ সঠিক পদ্ধতিৰ বিষয়ে অতি কম সংখ্যক লোকেহে জানে ৷ খাদ্য বিশেষজ্ঞসকলে কয় যে, ফল-মূল খোৱাৰ আগতে বা প্ৰস্তুত কৰাৰ আগতে সঠিকভাৱে ধুলে ইয়াৰ মল আঁতৰে আৰু বহু ৰোগৰ সম্ভাৱনা কম হয় ৷

স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে, খেতিৰ পৰা আমাৰ পাকঘৰলৈ পোৱা শাক-পাচলি আৰু ফল-মূল লিষ্টেৰিয়া , ই কলাই, ছালমনেলা সেইবোৰ আঁতৰাবলৈ ঠাণ্ডা আৰু পৰিষ্কাৰ বৈ যোৱা পানীৰে ধুব লাগে ৷ এই বীজাণুবোৰ বৈ যোৱা পানীৰে সহজে পৰিষ্কাৰ কৰিব পাৰি ৷

ফল-মূল আৰু শাক-পাচলি পৰিষ্কাৰ কৰাৰ বাবে এই বিশেষ টিপছবোৰ মানি চলক

  • এটা ডাঙৰ পাত্ৰ লৈ শাক-পাচলি আৰু ফল-মূল ধুব ৷ তাত পানী দি ফল-মূল আৰু শাক-পাচলি দুই মিনিটৰ পৰা পাঁচ মিনিট ৰাখিব ৷ এটা গৱেষণাৰ পৰা দেখা গৈছে যে ফল-মূল আৰু শাক-পাচলি ধোৱাৰ আগতে তিয়াই থ’লে ইয়াত থকা বেক্টেৰিয়াৰ সংখ্যা যথেষ্ট হ্ৰাস পায় ৷
  • তাৰ পিছত টেপটো অন কৰি ভালদৰে ঘঁহি পৰিষ্কাৰ কৰক ৷ ইয়াৰ দ্বাৰা ইয়াত থকা বেক্টেৰিয়া আৰু ভেঁকুৰ সহজে আঁতৰি যাব ৷
  • আগতীয়াকৈ ইয়াক ধোৱাৰ প্ৰয়োজন নাই, বৰঞ্চ ব্যৱহাৰৰ ঠিক আগতে ধুব লাগে ৷ আগতে ধুলে শাক-পাচলিত পুনৰ মলি জমা হয় আৰু আৰ্দ্ৰতাৰ বাবেও সোনকালে নষ্ট হয় ৷

ফল-মূল আৰু শাক-পাচলি এনেদৰে সংৰক্ষণ কৰক

ফল-মূল আৰু শাক-পাচলি সংৰক্ষণ কৰিবলৈ ভালদৰে শুকুৱাই লওক ৷ অৰ্থাৎ বৰষুণ বা আন কোনো কাৰণত যদি শাক-পাচলি তিতি গৈছে, তেন্তে প্ৰথমে ইয়াত থকা পানী শুকুৱাই লওক ৷ ইয়াৰ বাবে আপোনালোকে টিচু পেপাৰ বা টাৱেলৰো সহায় ল’ব পাৰে ৷

লগতে পঢ়ক: কি হ’ব যদি আমি 72 ঘন্টা কেৱল ফল-মূলেই গ্ৰহণ কৰো ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.