ETV Bharat / health

খাদ্য খোৱাৰ পূৰ্বে দুই ফোটা নহৰু খালে নিয়ন্ত্ৰণত থাকিব এই ৰোগ, যি হয় হাৰ্ট এটেকৰ মুখ্য কাৰণ - Garlic Health Benefits - GARLIC HEALTH BENEFITS

Garlic Health Benefits: আপুনি জানেনে ? ভাৰতীয় খাদ্যত ব্যৱহৃত নহৰু আপোনাৰ শৰীৰৰ বহু সমস্যাৰ সমাধান । লগতে নহৰুৱে শৰীৰৰ এই ৰোগসমূহ নিয়ন্ত্ৰণ ৰখাটো অতি ফলপ্ৰসূ-

What happens if you eat 2 cloves of garlic before eating
খাদ্য খোৱাৰ পূৰ্বে দুই ফোটা নহৰু খালে নিয়ন্ত্ৰণত থাকিব এই ৰোগ (CANVA)
author img

By ETV Bharat Assamese Team

Published : Aug 4, 2024, 3:13 PM IST

আয়ুৰ্বেদৰ মতে, নহৰু বহু ঔষধি গুণেৰে ভৰপূৰ বুলি গণ্য কৰা হয় লগতে আমাৰ ভাৰতীয় খাদ্যতো নহৰু খুবেই ব্যৱহাৰ কৰা হয় ৷ খাদ্যত নহৰু অন্তৰ্ভুক্ত কৰি আমি বহু ৰোগৰ পৰা হাত সাৰিব পাৰো । কিন্তু আপুনি জানেনে যে ইয়াৰ প্ৰকৃত লাভ আমি খাদ্য খোৱাৰ আগত খালে লাভ কৰিব পাৰো ৷ হয় খাদ্য খোৱাৰ পূৰ্বে আমি দুই ফোটা নহৰু চোবাই খোৱাটো আমাৰ স্বাস্থ্যৰ বাবে খুবেই উপকাৰী বুলি গণ্য কৰা হয় ৷

ইয়াৰ দ্বাৰা বহুতো গুৰুতৰ ৰোগৰ আশংকা হ্ৰাস কৰিব পৰা যায় । নহৰু খোৱাৰ ফলত উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ হয় আৰু লগতে কলেষ্টেৰলৰ মাত্ৰাও হ্ৰাস পায়। মেদবহুলতা হ্ৰাস কৰাৰ পৰা আৰম্ভ কৰি প্ৰদাহ কমোৱালৈকে বহু ৰোগত নহৰু অতি উপকাৰী । দুপৰীয়াৰ আহাৰ গ্ৰহণৰ পূৰ্বে দুই ফোটা নহৰু খালে কি কি উপকাৰিতা সাধন হয় জানি লওক-

খোৱাৰ আগতে দুই ফোটা নহৰু চোবাই খোৱাৰ উপকাৰিতা

  • ৰক্তচাপ আৰু কলেষ্টেৰল নিয়ন্ত্ৰণ- উচ্চ ৰক্তচাপ ৰোগীয়ে নহৰু খালে উপকৃত হয় । নহৰুত ছালফাইট যৌগ থাকে যিয়ে ৰক্তচাপ আৰু কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰে । ইয়াৰ দ্বাৰা হৃদযন্ত্ৰৰ লগত জড়িত সমস্যাও দূৰ কৰিব পাৰি । হৃদযন্ত্ৰ সুস্থ কৰি ৰাখিবলৈ নহৰু খোৱা উচিত ।
  • সংক্ৰমণৰ পৰা ৰক্ষা কৰে- নহৰুত প্ৰাকৃতিক এন্টিবায়টিক গুণ পোৱা যায় যিয়ে বিভিন্ন সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে । নহৰু খালে চৰ্দি আৰু কাহৰ সমস্যাৰ পৰাও সকাহ পাব পাৰি । নহৰুৰ প্ৰকৃতি গৰম, গতিকে এই বাৰিষা আৰু শীতকালত ইয়াক আপোনাৰ খাদ্যৰ অংশ কৰি লওক ।
  • বাতবিষ আৰু ফুলাৰ সমস্যা কৰে দূৰ– বাতবিষত অৰ্থাৎ গাঁঠিৰ বিষত ভুগি থকা লোকসকলে নহৰু খালে উপকৃত হয় । নহৰুত প্ৰদাহ নিবাৰণকাৰী গুণ পোৱা যায় যিয়ে বিষ আৰু হঠাৎ কেতিয়াবা হাত-ভৰি ফুলাৰ সমস্যা দূৰ কৰে । নহৰু খালে বাতবিষৰ বিষৰ পৰাও সকাহ পাব পাৰি ।
  • পাচনতন্ত্ৰ শক্তিশালী কৰে- নহৰুত বহুতো পুষ্টিকৰ উপাদান থাকে যিয়ে পাচন এনজাইমৰ উৎপাদন বৃদ্ধি কৰে । ইয়াৰ ফলত পাচনতন্ত্ৰ শক্তিশালী হয় । কেঁচা নহৰুয়ে পাচনতন্ত্ৰক বিষমুক্ত কৰাৰ বাবে ফলপ্ৰসূ ।
  • ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে- যদি আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হয় তেন্তে আপুনি নহৰু খোৱাটো খুবেই জৰুৰী । নহৰুত প্ৰচুৰ পৰিমাণে ভিটামিন আৰু খনিজ পদাৰ্থ থাকে । যাৰ বাবে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয় । বিশেষকৈ কেঁচাকৈ নহৰু চোবাই খালে ইয়াৰ উপকাৰিতা বাঢ়ি যায় । ইয়াৰ ফলত ৰোগ আৰু সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষমতা বৃদ্ধি পায় ৷
লগতে পঢ়ক: ভৰিৰ তলুৱাত নহৰু ঘঁহাৰ উপকাৰিতা জানি তবধ মানিব আপুনিও - Benefits Of Garlic

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.