ETV Bharat / health

বহুসময় ধৰি এ চিৰ তলত থকাসকল সাৱধান হওক - Air Conditioning Side Effects

author img

By ETV Bharat Assamese Team

Published : Jul 31, 2024, 10:04 PM IST

Air Conditioning side effects: উৎকট গৰমে দহিছে ৰাজ্যবাসীক ৷ সেয়ে ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ মানুহে ঠাণ্ডাপানী, ফেন, কুলাৰ, এ চি আদিৰ ব্যৱহাৰ কৰিছে ৷ কিন্তু আপুনি জানেনে শৰীৰক শীতল কৰা এই এ চি আপোনাৰ স্বাস্থ্যৰ পক্ষে কিমান ক্ষতিকাৰক হ’ব পাৰে ? জানি লওক ইয়াৰ পাৰ্শ্বক্ৰিয়া-

What happens if we stay in AC for long time?
বহুসময় ধৰি এচিৰ তলত থকাসকল হওক সাৱধান (ETV Bharat)

গৰম যিমানেই বাঢ়িছে, সিমানেই মানুহ এ চিৰ প্ৰতি আসক্ত হৈ পৰিছে ৷ আমাৰ অধিকাংশ লোকেই অফিচেই হওঁক বা ঘৰতেই হওঁক এ চি ৰূমত বহি খুব আৰাম অনুভৱ কৰে ৷ কিন্তু প্ৰকৃততে এ চিৰ আৰাম লোৱাটো আমাৰ স্বাস্থ্যৰ পক্ষে খুবেই হানিকাৰক ৷ হয়, এ চিয়ে যিদৰে আমাক গৰমক পৰা সকাহ দিয়ে, সেইদৰেই আমাৰ স্বাস্থ্যৰো বহু ক্ষতি কৰে ৷ আমাৰ স্বাস্থ্যক এচিয়ে কিদৰে প্ৰভাৱ বিস্তাৰ কৰে, জানো আহক-

ডিহাইড্ৰেচন

দীঘলীয়া সময় এ চিত থাকিলে ডিহাইড্ৰেচনৰ সমস্যা হ'ব পাৰে ৷ কিয়নো এ চিয়ে আমাৰ শৰীৰৰ আৰ্দ্ৰতা শোষণ কৰে আৰু ইয়াৰ ফলত শৰীৰত পানীৰ অভাৱ হয় ৷ যাৰ ফলত বিভিন্ন সমস্যাৰ সৃষ্টি হ’ব পাৰে ৷

শুকান ছাল

এ চিত দীঘলীয়া সময় থকাৰ ফলত ছাল শুকান হৈ পৰে ৷ সেয়েহে, এ চিত থাকিলে আপুনি পৰ্যাপ্ত পানী খাই নিজকে হাইড্ৰেটেড কৰি ৰাখিব ৷

গাঁঠিৰ বিষ

এ চিত দীঘলীয়া সময় ধৰি বহি থাকিলে গাঁঠিৰ বিষকে ধৰি অন্যান্য বহু সমস্যা হয় ৷ যিসকল লোকে ইতিমধ্যে আৰ্থ্ৰাইটিছ, পিঠিৰ বিষ বা শৰীৰৰ আন তেনে কোনো বিষত ভুগি আছে, তেওঁলোকে এ চিত থকাৰ ফলত এই সমস্যা আৰু অধিক বৃদ্ধি হ'ব পাৰে ৷

চৰ্বি

এ চিত থকাৰ ফলত স্বাভাৱিকভাৱেই মানুহ এলেহুৱা হয় ৷ ই শৰীৰৰ কাম কৰাৰ ক্ষমতাও হ্ৰাস কৰে ৷ যিয়ে মেদবহুলতা বৃদ্ধি কৰি আমাক আৰু অধিক ৰুগীয়া কৰে ৷

যদি এ চি অবিহনে থাকিব নোৱাৰে, কি কৰিব ?

  • এ চিত শোৱাৰ আগতে যথেষ্ট পৰিমাণে পানী খাব আৰু শৰীৰত তেল বা মইশ্ব’ৰাইজাৰ প্ৰয়োগ কৰিব ৷
  • সূৰ্যৰ পোহৰৰ পৰা অহাৰ পিচত পোনপটীয়াকৈ এ চি কোঠালৈ নাযাব, শৰীৰৰ তাপমাত্ৰা স্বাভাৱিক হ'লেহে এ চি ৰূমলৈ সোমাব ৷
  • এ চি চলাওঁতে তাপমাত্ৰা ২৪ ডিগ্ৰীত ৰাখিব ৷
লগতে পঢ়ক: এতিয়াৰে পৰা AC ব্যৱহাৰ কৰাৰ সময়ত কৰক এই কাম; ৰাহি হ’ব আপোনাৰ টকা - Use Air Conditioner With Fan

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.