ETV Bharat / health

ওজন হ্ৰাসত অতি ফলপ্ৰসূ এই চাৰিবিধ পানীয় - Weight Loss Tips

author img

By ETV Bharat Assamese Team

Published : Jul 31, 2024, 9:07 PM IST

Weight loss tips: ওজন বৃদ্ধি হোৱা সমস্যাক লৈ প্ৰায়ভাগ লোকেই চিন্তিত হোৱা দেখা যায় ৷ সেয়ে প্ৰাৰম্ভিক অৱস্থাতে ওজন নিয়ন্ত্ৰণৰ চেষ্টা কৰাটো নিতান্তই গুৰুত্বপূৰ্ণ । এইক্ষেত্ৰত আপোনাক এই চাৰিবিধ পানীয়ই সহায় কৰিব পাৰে ৷

These four drinks are very effective in weight loss
ওজন হ্ৰাসত অতি ফলপ্ৰসূ এই চাৰিবিধ পানীয় (ETV Bharat)

ওজন বৃদ্ধিৰ সমস্যাক লৈ আপুনি চিন্তিত নেকি ? অৱশ্যে এই সমস্যাৰ সন্মুখীন হ’লে চিন্তাত পৰাৰ কথাও ৷ ওজন বৃদ্ধিৰ সমস্যা ক্ৰমাৎ মেদবহুলতাৰ ৰূপ ল’লে যিকোনো ব্যক্তিক কম সময়ৰ ভিতৰতে বিভিন্ন ৰোগে আগুৰি ধৰাৰ সম্ভাৱনা বৃদ্ধি পায় ৷ সেয়েহে প্ৰাৰম্ভিক অৱস্থাতে ওজন নিয়ন্ত্ৰণৰ চেষ্টা কৰাটো নিতান্তই গুৰুত্বপূৰ্ণ ৷ সাম্প্ৰতিক সময়ত অস্বাস্থ্যকৰ জীৱনশৈলী তথা খাদ্যাভাসৰ বাবে ওজন বৃদ্ধিৰ সমস্যা অধিক বৃদ্ধি পাইছে ৷ ওজন নিয়ন্ত্ৰণৰ বাবে দৈনিক ৱৰ্কআউটৰ অভ্যাস গঢ়ি তোলা উচিত ৷ অৱশ্যে যদি আপুনি সঠিক খাদ্যাভ্যাস মানি নচলে, তেন্তে দৈনিক ৱৰ্কআউট কৰিও আপুনি ফিট আৰু সুস্থ হৈ থাকিব নোৱাৰে ৷

ওজন কমোৱাৰ ক্ষেত্ৰত ব্যক্তিৰ বিপাকীয় ক্ৰিয়া শক্তিশালী হোৱাটো অতি প্ৰয়োজনীয় ৷ গতিকে বিপাকীয় ক্ৰিয়া উন্নত কৰিবলৈ কিছুমান ঘৰুৱা ঔষধি গুণসম্পন্ন পানীয় আাপুনি খাব পাৰে ৷ এই বিষয়ে জানো আহক-

জিৰাৰ পানীয়

যদি আপুনি ওজন কমাবলৈ চেষ্টা কৰিছে, তেন্তে জিৰাৰ পানীয়ৰে দিনটো আৰম্ভ কৰিব পাৰে ৷ আমাৰ সকলোৰে পাকঘৰত সাধাৰণতে জিৰা সততে থাকেই ৷ এচামুচ জিৰা নিশা এগিলাচ পানীত দি ভালদৰে ঢাকি ৰাখিব ৷ পুৱা এই জিৰা দিয়া পানী গিলাচ উতলাই চাকি ল’ব ৷ এই পানীগিলাচ কুহুমীয়া অৱস্থাত পান কৰক ৷

চফৰ পানীয়

চফৰ পানীয়ও বিপাকীয় ক্ৰিয়া শক্তিশালী কৰাৰ ক্ষেত্ৰত যথেষ্ট উপকাৰী হিচাপে বিবেচিত হয় ৷ ৰুচি অনুসৰি ইয়াত সামান্য মিচিৰিও দিব পাৰে ৷ এই পানীয় সেৱন কৰিলে হজম শক্তি উন্নত কৰা, চকুৰ শক্তি বৃদ্ধি, ছালৰ উজ্জলতা বৃদ্ধি, শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ নিষ্কাষণ হোৱা আদি বহুতো উপকাৰ পোৱা যায় ৷

পদিনা আৰু নেমুৰ পানীয়

ওজন কমাবলৈ আৰু শৰীৰক হাইড্ৰেট কৰি ৰাখিবলৈ পদিনা পাত আৰু নেমুৰ টুকুৰা ৰাতি গিলাচ বা জাৰত ৰাখিব লাগে ৷ ইচ্ছা কৰিলে তাত কুটি লোৱা কেঁচা হালধিও দিব পাৰে ৷ এই পানী পুৱা চেকি লৈ খাব পাৰে ৷ এই ডিটক্স ড্ৰিংকে শৰীৰৰ পৰা অপকাৰী পদাৰ্থ আঁতৰাই পেলাব আৰু ওজন কমোৱাতো সহায় কৰিব ৷

মাটিকঁঠালৰ ৰস

মাটিকঁঠালৰ ৰস ওজন কমোৱাৰ ক্ষেত্ৰত অত্যন্ত ফলপ্ৰসূ হিচাপে বিবেচিত হয় ৷ যদি আপুনি ওজন কমোৱাৰ চেষ্টা কৰিছে, তেন্তে ৱৰ্কআউটৰ পিচত দৈনিক মাটিকঁঠালৰ ৰস খাব পাৰে ৷ ইয়াৰ দ্বাৰা আপুনি কিছুদিনৰ ভিতৰতে সুফল লাভ কৰিব ৷ এই প্ৰাকৃতিক উপাদানৰ ব্যৱহাৰে ওজন কমোৱাত সহায় কৰাৰ লগতে শৰীৰৰ শক্তিও বৃদ্ধি কৰিব ৷

সতৰ্কীকৰণ: প্ৰিয় পাঠক, আমাৰ প্ৰতিবেদন পঢ়াৰ বাবে ধন্যবাদ ৷ এই খবৰটো কেৱল আপোনালোকক সজাগ কৰাৰ উদ্দেশ্যে লিখা হৈছে ৷ আমি এই প্ৰতিবেদনত ঘৰুৱা উপায় আৰু সাধাৰণ তথ্যৰ সহায় লৈছো ৷ কিন্তু প্ৰিয় পাঠক, যদি আপুনি যিকোনো বাতৰিতে স্বাস্থ্যৰ সৈতে জড়িত কিবা পঢ়ে, তেন্তে এই পদ্ধতি গ্ৰহণ কৰাৰ আগতে নিশ্চিতভাৱে চিকিৎসকৰ পৰামৰ্শ ল’বলৈ নাপাহৰিব ৷

লগতে পঢ়ক: আপোনাৰ খাদ্যৰ তালিকাৰ পৰা আজিয়ে বাদ দিয়ক এই তিনিবিধ খাদ্য সামগ্ৰী - Weight Loss

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.