ETV Bharat / health

ওজন বৃদ্ধি হোৱাক লৈ চিন্তিত নেকি ? এই ৫বিধ পানীয়ই কৰিব সহায়

How Can I Lose Belly Fat Faster: পেটৰ ওচৰত জমা হোৱা চৰ্বি অতি জেদী আৰু ইয়াক হ্ৰাস কৰাটো অতি কঠিন বুলি গণ্য কৰা হয় ৷ কিন্তু ব্যায়ামৰ লগতে ইয়াত উল্লেখ কৰা পানীয়বোৰ সেৱন কৰিলে অতি সোনকালে আপোনাৰ চৰ্বি হ্ৰাস হোৱাত সহায়ক হ’ব ৷

author img

By ETV Bharat Assamese Team

Published : Mar 13, 2024, 4:46 PM IST

These 5 drinks can helps you to reduce your belly fat
ওজন বৃদ্ধি হোৱাক লৈ চিন্তিত নেকি ? এই ৫বিধ পানীয়ই কৰিব সহায়

বৰ্তমান সময়ত পেটৰ চৰ্বি ওলোৱাটো এটা অতি সাধাৰণ সমস্যা হৈ পৰিছে ৷ ইয়াৰ বিপদ সকলো বয়সৰ মানুহৰ দেহত দেখা যায় ৷ ইয়াৰ আঁৰৰ কাৰণ হৈছে অস্বাস্থ্যকৰ জীৱনশৈলী আৰু দিনক দিনে শাৰীৰিক ক্ৰিয়া-কলাপ কমি অহা ৷

পেটৰ অংশত জমা হোৱা চৰ্বিক অতি জেদী বুলি গণ্য কৰা হয় ৷ অৰ্থাৎ ইয়াক আঁতৰাবলৈ কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন ৷ দৰাচলতে ব্যায়ামৰ অবিহনে শৰীৰৰ যিকোনো অংশত জমা হোৱা চৰ্বি কোনো প্ৰকাৰে আঁতৰোৱাটো কঠিন ৷ অৱশ্যে কিছুমান খাদ্য সামগ্ৰীৰ সহায়ত ওজন কমোৱাত নিশ্চিতভাৱে সহজ কৰি তুলিব পৰা যাব ৷ সেয়ে আজি আমি আপোনালোকক এই প্ৰতিবেদনত পুৱাৰ সময়ত গ্ৰহণ কৰা কিছুমান পানীয়ৰ বিষয়ে ক’বলৈ ওলাইছো যিসমূহ চৰ্বি হ্ৰাস কৰাত লাভদায়ক ৷

মেথিৰ পানী

নেচনেল লাইব্ৰেৰী অৱ মেডিচিনৰ তথ্য অনুসৰি মেথিৰ গুটিক পুষ্টিকৰ পদাৰ্থৰ শাৰীত ৰখা হয়৷ মেথিৰ গুটি ৰাতিটো তিয়াই থৈ ইয়াৰ পানী দৈনিক খালেও ওজন কমোৱাত সহায় কৰে ৷ মেথিত দ্ৰৱণীয় আঁহ থাকে, যিয়ে ৰক্তশৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে ৷ ইয়াৰ উপৰিও মেথিয়ে বিপাকীয় ক্ৰিয়া বৃদ্ধি কৰে যিটো শৰীৰৰ পৰা দূষিত পদাৰ্থসমূহ বাহিৰ কৰি শৰীৰক ডিটক্স কৰাত অতি লাভদায়ক ৷

জিৰা পানী

জিৰা এবিধ মছলা যিয়ে হজম প্ৰক্ৰিয়াক সুস্থ কৰি ৰাখে বুলি জনা যায় ৷ পুৱা খালী পেটত জিৰাৰ লগত কুহুমীয়া পানী মিহলি কৰি খালে পেট পৰিষ্কাৰ কৰাত সহায় কৰে আৰু হজম শক্তি খৰতকীয়া হয় ৷ ইয়াৰ ফলত ওজন কমোৱাতো সহায় হয় ৷

বনৌষধি চাহ

বনৌষধি চাহ কেৱল সুস্বাদু হোৱাই নহয় স্বাস্থ্যৰ বাবেও ই অতি উপকাৰী ৷ পুৱা গ্ৰীণ টি, পদিনা, ডালচেনি আদিৰ দৰে বনৌষধি চাহ খালে আপোনাৰ বিপাকীয় ক্ৰিয়া শক্তিশালী হয় আৰু শৰীৰত জমা হোৱা চৰ্বি দ্ৰুতগতিত হ্ৰাস পায়৷

হালধি+আদাৰ পানী

আদা আৰু হালধি হৈছে প্ৰদাহ নিবাৰণকাৰী গুণ আৰু বিপাকীয় ক্ৰিয়া বৃদ্ধি কৰা প্ৰভাৱৰ বাবে জনাজাত দুটা শক্তিশালী মছলা৷ এনে পৰিস্থিতিত একাপ আদা আৰু হালধি পানীৰে পুৱাৰ আৰম্ভণি কৰিলে আপুনি আপোনাৰ বিপাকীয় ক্ৰিয়া বৃদ্ধি কৰিব পাৰে আৰু ওজন কমাবলৈ সহজ কৰি তুলিব পাৰে ৷ ক'লা কফি

এন আই এইচত (National Institutes of Health) প্ৰকাশিত এক গৱেষণাৰ মতে, ব্লেক কফিত কোনো ধৰণৰ কেলৰি নাথাকে ৷ লগতে কেফেইনে বিপাকীয় ক্ৰিয়া অলপ ক্ষীপ্ৰ কৰাৰ কাম কৰে ৷ এনে পৰিস্থিতিত যদি আপুনি ওজন কমোৱাৰ চেষ্টা কৰিছে, তেন্তে ক’লা কফি বা ব্লেক কফি সেৱন কৰাটো আপোনাৰ বাবে লাভদায়ক প্ৰমাণিত হ’ব পাৰে ৷

লগতে পঢ়ক: স্বাভাৱিক ঋতুচক্ৰ কিমান দিনলৈ থাকিব লাগে ? চিকিৎসকৰ পৰা জানি লওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.