এটা সময় আছিল, যেতিয়া মানুহৰ মাজত তেনেই কমকৈ চেণ্ডেলৰ ব্যৱহাৰ দেখা পোৱা গৈছিল ৷ প্ৰায় খালী ভৰিৰেই চলা-ফুৰা কৰিছিল আগৰ সময়ৰ লোকসকলে ৷ খুব কমেইহে ব্যৱহাৰ কৰিছিল চেণ্ডেল বা জোতা ৷ কিন্তু সময়ৰ গতিৰ লগে লগে অত্যাধুনিক জীৱন প্ৰণালীৰ সৈতে সংপৃক্ত হৈ পৰিল সাম্প্ৰতিক সময়ৰ লোকসকল ৷ সকলো সময়তে এতিয়া চেণ্ডেলৰ ব্যৱহাৰ কৰা দেখিবলৈ পোৱা যায় ৷ এতিয়া ঘৰতে খোজ কাঢ়িবলৈ বজাৰত পাতল চেণ্ডেল উপলব্ধ আৰু সেইবাবে এতিয়া অধিকাংশ মানুহে ঘৰত থকাৰ সময়তো চেণ্ডেল ব্যৱহাৰ কৰে ৷ কিন্তু খালী ভৰিৰে খোজ কাঢ়িলে যে বহু উপকাৰ পোৱা যায়, সেয়া প্ৰায়ভাগ লোকৰে জ্ঞাত নহয় ৷
ভৰিৰ শিৰা আৰু পেশীসমূহ শক্তিশালী হৈ পৰে
খালী ভৰিৰে খোজ কাঢ়িলে ভৰিৰ লিগামেণ্ট অৰ্থাৎ শিৰা আৰু পেশী শক্তিশালী হয় ৷ খালী ভৰিৰে খোজ কঢ়া কাৰ্যই শৰীৰৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে ৷ মাটিত খালী ভৰিৰে খোজ কাঢ়িলে সংবেদনশীল স্নায়ু সক্ৰিয় কৰাত সহায়ক হয় আৰু শৰীৰৰ সচেতনতা বৃদ্ধি কৰে ৷
নিদ্ৰাহীনতাৰ পৰা সকাহ লাভ
খালী ভৰিৰে খোজ কাঢ়িলে অনিদ্ৰাৰ সমস্যাৰ পৰা সকাহ লাভ কৰিব পাৰি ৷ দৰাচলতে মাটিত খালী ভৰিৰে খোজ কাঢ়িলে শৰীৰে শিথিলতা অনুভৱ কৰে ৷ ই মানসিক চাপ কমোৱাত সহায় কৰে আৰু ভাল টোপনিত সহায় কৰে ৷
ৰক্ত সঞ্চালন উন্নত হয়
খালী ভৰিৰে খোজ কঢ়াৰ ফলত ভৰিৰ শিৰাত সুস্থ চাপ পৰে, যাৰ ফলত ৰক্ত সঞ্চালনো উন্নত হয় ৷ ইয়াৰ লগে লগে আপুনি ভৰিৰ পেশীৰ ক্ৰেম্প আৰু বিষৰ পৰা সুৰক্ষিত হৈ থাকে ৷ তদুপৰি এই কাৰ্য হৃদযন্ত্ৰৰ লগতে সমগ্ৰ শৰীৰৰ বাবেও উপকাৰী ৷
এনে ধৰণৰ উপকাৰৰ প্ৰতি লক্ষ্য ৰাখি খালী ভৰিৰে খোজ কঢ়াৰ অভ্যাস কৰা উচিত ৷ সেয়ে প্ৰথমে ঘৰতে সাধাৰণভাৱে খালী ভৰিৰে খোজ কাঢ়িবলৈ আৰম্ভ কৰিব পাৰি ৷ ইয়াৰ পিচত উদ্যান আদিৰ কোমল ঘাঁহনি বা মাটিত খোজ কঢ়াৰ অভ্যাস গঢ়ি তোলক ৷
অৱশ্যে যদি ভৰিত কোনো ঘাঁ থাকে তেন্তে খালী ভৰিৰে খোজ কাঢ়িব নালাগে, নহ’লে বীজাণু তথা বেক্টেৰিয়াৰ বাবে সমস্যা বৃদ্ধি পাব পাৰে ৷ ডায়েবেটিছ ৰোগীয়ে খালী ভৰিৰে খোজ কঢ়াৰ সময়ত অতি সাৱধান হ’ব লাগে ৷ কাৰণ ডায়েবেটিছ ৰোগীৰ যদি ঘাঁ হয় তেন্তে ভাল হোৱাটো অতি কঠিন হৈ পৰে ৷